আজি মানৱ সম্পদ মন্ত্রালয়ৰ ভিডিঅ’ কনফাৰেঞ্চ সকলো ৰাজ্যৰ শিক্ষা সচিবৰে
নিয়মীয়া বাৰ্তা ৮ জুনঃ ক’ভিড–১৯ৰ ভয়াৱহতাৰ পৰিপ্রেক্ষিতত যোৱা তিনি মাহ ধৰি ৰাজ্যত শিক্ষানুষ্ঠানসমূহ সম্পূর্ণৰূপে বন্ধ হৈ আছে৷ইয়াৰ ফলত ছাত্র–ছাত্রীসকল শৈক্ষিক ক্ষেত্রত সাংঘাতিক ধৰণে ক্ষতিগ্রস্ত হৈছে৷ সম্প্রতি ছাত্র–ছাত্রী, অভিভাৱকসকলৰ মাজত এটাই প্রশ্ন শিক্ষানুষ্ঠানসমূহত পাঠদান কেতিয়াকৈ আৰম্ভ হ’ব? দেওবাৰে গুৱাহাটীত আয়োজিত এখন সংবাদ মেলত শিক্ষামন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই এই সম্পর্কত কয় যে সোমবাৰে মানৱ সম্পদ উন্নয়ন মন্ত্রালয়ৰ সচিবে ৰাজ্যসমূহৰ শিক্ষাসচিবসকলৰ সৈতে সেই সম্পর্কত এখন ভিডিঅ’ কনফাৰেঞ্চত মিলিত হ’ব৷ অসম চৰকাৰে ইতিমধ্যে এই বিষয়ত এখন এছ’পি প্রস্তুত কৰিছে৷ অসম চৰকাৰে দশম আৰু দ্বাদশ শ্রেণীৰ পাঠদান আৰম্ভ কৰিব বিচাৰিছে৷ সেইদৰে ষষ্ঠ শ্রেণীৰ পৰা নৱম শ্রেণীলৈ সামাজিক দূৰত্ব অক্ষুণ্ণ ৰাখি সপ্তাহত দুটাকৈ দিন শ্রেণীত পাঠদান কৰাব বিচাৰিছে৷ অনলাইনযোগে বর্তমান শিক্ষাদান চলি আছে যদিও ছাত্র–ছাত্রীসকলক শ্রেণীকোঠালৈ ওভতাই আনিব বিচাৰিছে৷ আজি ভিডিঅ’ কনফাৰেঞ্চত অসমৰ শিক্ষা বিভাগে সেই মতামত উত্থাপন কৰিব৷ অৱশ্যে কেন্দ্রীয় গৃহ মন্ত্রালয় আৰু মানৱ সম্পদ উন্নয়ন মন্ত্রালয়ে যিধৰণৰ সিদ্ধান্ত গ্রহণ কৰে অসম চৰকাৰে সেয়া সম্পূর্ণৰূপে মানি ল’ব৷ সংবাদ মেলখনত তেওঁ আৰু কয় যে ৰাজ্যৰ জ্ঞানবৃক্ষ চেনেলটো আজিৰে পৰা জি’ টিভি আৰু জি’ ম’বাইলতো উপলব্ধ হ’ব৷ জি’ই চিএছআৰ হিচাপে এই সেৱা আগবঢ়াব৷ ইয়াৰ বাবে তেওঁলোকক কোনো ধন আদায় দিব নালাগে৷ একেদৰে দীক্ষা এপত কেৱল শিক্ষকেহে পাঠদান কৰি আহিছে৷ এতিয়াৰে পৰা তাত ‘বিদ্যাদান’ নামেৰে আন এক ব্যৱস্থা সংযোজিত হ’ব, য’ত আন সমল ব্যক্তিয়েও পাঠদান কৰিব পাৰিব৷