ৰাজ্যবাসীক ৰক্ষা কৰিবলৈ অধিক সতর্কতা–দায়বদ্ধতাৰে আগবাঢ়িব লাগিবঃ মুখ্যমন্ত্ৰী
নিয়মীয়া বাৰ্তা, ২৫ এপ্ৰিলঃ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে শনিবাৰে সাম্প্রতিক ক’ভিড–১৯–এ সৃষ্টি কৰা পৰিস্থিতি সন্দর্ভত ৰাজ্যিক বিজেপিৰ কর্মকর্তাসকলৰ লগত ভিডিঅ’ কনফাৰেন্সযোগে বার্তালাপ কৰে৷ বার্তালাপৰ সময়ত মুখ্যমন্ত্রী সোণোৱালে কয় যে বিগত বর্ষৰ ভয়াৱহতাৰ পিছত সমগ্র দেশে ক’ভিড–১৯ৰ দ্বিতীয়টো জোৱাৰৰ মুখামুখি হ’ব লগা হৈছে৷ ঠাইবিশেষে এই মাৰাত্মক ভাইৰাছে এইবাৰ পূর্বতকৈ অধিক আগ্রাসী ৰূপ ধাৰণ কৰিছে৷ আমাৰ ৰাজ্যখনো ইয়াৰ পৰা সাৰি যোৱা নাই৷ ৰাজ্যবাসীক এই সংক্রমণৰ পৰা ৰক্ষা কৰিবৰ বাবে আমি পূর্বতকৈ অধিক সতর্কতা আৰু দায়বদ্ধতাৰে আগবাঢ়িব লাগিব বুলিও তেওঁ মন্তব্য কৰে৷ তেওঁ পুনৰ কয় যে ৰাজ্যৰ সর্বস্তৰৰ ৰাইজৰ লগতে বিজেপি দলৰ কর্মকর্তাসকল তথা চৰকাৰৰ যৌথ প্রচেষ্টাত বিগত বর্ষত আমি সফলতাৰে ক’ৰোনা প্রতিহত কৰিবলৈ সক্ষম হৈছিলোঁ আৰু এইক্ষেত্রত দেশৰ ভিতৰতে অন্যতম সফল ৰাজ্য হিচাপে পৰিগণিত হ’বলৈ সক্ষম হৈছিলোঁ৷ বিজেপিৰ কর্মকর্তাসকলে প্লাজমা দান, দুখীয়া জনসাধাৰণক সহায় আগবঢ়াই ৰাষ্ট্রসেৱাৰ উদাহৰণ দেখুৱাইছিল৷ এইবেলিও তেনে মানসিকতাৰে ক’ৰোনাৰ বিৰুদ্ধে যুঁজ দিব লাগিব৷ ৰাষ্ট্রৰ কথা চিন্তা কৰি বিজেপি দলৰ কর্মকর্তাসকলে কাম কৰিব লাগিব৷ সংক্রমণ প্রতিৰোধৰ বাবে ৰাজ্য চৰকাৰে জাৰি কৰা এছঅ’পি বা ক’ভিড প্রট’কল মানি চলাৰ বাবে ৰাইজক উৎসাহিত কৰিব লাগিব৷ মুখ্যমন্ত্রী সোণোৱালে কয় যে ৰাইজ সজাগ আৰু সতর্ক হৈ থাকিলে এই মহামাৰীয়ে কেতিয়াও ভয়াৱহ ৰূপ পৰিগ্রহ কৰিব নোৱাৰে৷ আমি প্রত্যাহ্বান গ্রহণ কৰিব লাগিব৷