নিয়মীয়া বাৰ্তা, ১৩ জুলাইঃ ভাৰতীয় লোকসেৱা আয়োগৰ পৰীক্ষাৰ ঘোষিত ফলাফলত তথ্য সেৱা বিভাগত টিহুৰ পিপলিবাৰীৰ বিদ্যাসাগৰ তালুকদাৰে দ্বিতীয় স্থান লাভ কৰি নিজ গৃহ স্থান টিহুৰ লগতে সমগ্ৰ ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিছে। টিহুৰ পিপলিবাৰীৰ এগৰাকী বিশিষ্ট সমাজকৰ্মী তথা মানৱ অধিকাৰ সংগ্ৰাম সমিতিৰ প্ৰাক্তন উপ সভাপতি খগেন্দ্ৰনাথ তালুকদাৰ আৰু অণিমা তালুকদাৰৰ কনিষ্ঠ সন্তান বিদ্যাসাগৰ তালুকদাৰৰ এনে সফলতাত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস, বিজেপিৰ যুৱ নেতা পাৰ্থপ্ৰতীম তালুকদাৰ ,টিহু সাহিত্য সভা, টিহু মহকুমা সাংবাদিক সন্থা, টিহু ৰাজহুৱা পুথিভড়াল সমিতি, টিহু আঞ্চলিক উন্নয়ণ সমিতি, টিহু নগৰ উন্নয়ণ সমিতি, টিহু শাখা লেখিকা সমাৰোহ সমিতি, টিহু আঞ্চলিক ছাত্ৰ সন্থা, অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ টিহু শাখা, টিহু আঞ্চলিক ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ টিহু আঞ্চলিক সমিতি আদি অনুষ্ঠান প্ৰতিষ্ঠান তথা ব্যক্তি বিশেষে আন্তৰিক অভিনন্দন জনাইছে। উল্লেখ্য যে সমগ্ৰ ভাৰতৰ ভিতৰতে দ্বিতীয় স্থান দখল কৰিবলৈ সক্ষম হোৱা টিহুৰ সু সন্তান তথা মেধাসম্পন্ন বিদ্যাসাগৰে প্ৰথম শ্ৰেণীৰ প্ৰথম হৈ কৃষিৰ স্নাতকোত্তৰ পৰীক্ষাত উত্তীৰ্ণ হৈ তথ্য মন্ত্ৰণালয়ৰ শিলচৰত চাকৰিত নিয়োজিত হৈ আছে । এই সময়তে তেওঁ ভাৰতীয় লোক সেৱা আয়োগৰ ভাৰতীয় তথ্য সেৱাৰ পৰীক্ষাত অৱতীৰ্ণ হৈ সৰ্বভাৰতীয় পৰ্যায়ত দ্বিতীয় স্থান লাভ কৰিবলৈ সক্ষম হৈছে। বিদ্যাসাগৰ তালুকদাৰে এই সফলতাৰ বাবে তেওঁৰ পিতৃ মাতৃকে ধৰি পৰিয়ালবৰ্গৰ শলাগ লোৱাৰ লগতে সফল হোৱাটো মানুহৰ মনৰ ওপৰত নিৰ্ভৰ কৰে বুলি মন্তব্য কৰে। তেওঁ কয় যে মানসিকভাবে প্ৰস্তুত হ’লে জীৱনত সকলো সম্ভৱ হৈ পৰে। আনপিনে অসমীয়া ইংৰাজী সকলো বাতৰি কাকত, টিভিৰ বাতৰি, সামাজিক মাধ্যম আদিৰ জৰিয়তে প্ৰয়োজনীয় সমল আহৰণ কৰা তথা গভীৰ অধ্যাৱসায়ৰ কথা উল্লেখ কৰে এই গৰাকী কৃতিমানে । তেওঁ কয় যে মানুহক ভাল পালে জীৱনত সকলো সম্ভৱ হৈ উঠে।
প্ৰেৰক গুণজিৎ কলিতা