নিয়মীয়া বাৰ্তা ২৪ ডিচেম্বৰঃ বামুৃণীগাঁৱস্থিত পশ্চিম কামৰূপ বন সংমণ্ডলটোৰ লগতে বামুণীগাঁও বনাঞ্চলিক কার্যালয়ৰ চৌহদত সুৰক্ষা ৰেঞ্জাৰ হিচাপে কার্যনির্বাহ কৰি থকা লক্ষেশ্বৰ দাস নামৰ বন সুৰক্ষা বিষয়াজন অৱশেষত পৰিল ভিজিলেন্সৰ জালত৷ বিষয়াগৰাকীৰ বিৰুদ্ধে দুর্নীতিৰ অভিযোগ আছিল দীর্ঘদিনীয়া৷ আজি নিশা এজন ব্যৱসায়ীৰ পৰা এখন বালি গাডী মুকলি কৰি দিয়াৰ নামত ৬০ হাজাৰ টকা উৎকোচ হিচাপে লৈ থকাৰ সময়তেই হাতে–লোটে ধৰে ভিজিলেঞ্চৰ দলে৷ এইজন বন বিষয়াই হকে–বিহকে বালি কঢ়িওৱা গাডীৰ লগতে ঘৰুৱাভাৱে মাটি কঢ়িওৱা গাডী আদি ধৰি বহু পৰিমাণৰ ধন দাবী কৰি আদায় লৈ আহিছিল বুলি সঘনাই অভিযোগ হৈ আহিছে৷ তেওঁৰ এই অবাধ দুর্নীতি তথা অবৈধ ধন আদায়ৰ বিষয়ে বন বিভাগৰ উর্ধতম কর্তৃপক্ষৰ ওচৰতো অভিযোগ দিয়া হৈছিল ৷ অৱশেষত আজি উৎকোচ লৈ থকাৰ সময়তেই ভিজিলেঞ্চৰ হাতত ধৰা পৰে এইগৰাকী বিষয়া৷ প্রায় পোন্ধৰদিন পূবে মাটিয়াৰ এখন বালি কঢ়িওৱা ড্রাক জব্দ কৰিছিল এইগৰাকী বিষয়াই৷ বালিৰ গাডীখনৰ চালান থকাৰ পিছতো নানা অজুহাত দেখুৱাই বন বিষয়াগৰাকীয়ে গাডীখন জব্দ কৰিছিল৷ গাডীখন মুকলি কৰি দিয়াৰ বাবদ গাডীৰ মালিকৰ পৰা প্রায় এক লাখ টকা দাবী কৰিছিল যদিও গাডীৰ মালিকে ৬০ হাজাৰ টকা দিব বুলি কৈ তেওঁ এই বিষয়ে ভিজিলেঞ্চৰ লগত যোগাযোগ কৰিছিল৷ আজি গাডীৰ গৰাকীয়ে ৬০হাজাৰ টকা দি থকাৰ সময়তেই পূর্বে বামুণীগাঁৱৰ বন বিষয়াগৰাকীৰ কার্যালয়ৰ ওচৰত খাপপিটি ৰৈ থকা ভিজিলেঞ্চৰ দলটোৱে হাতে–লোটে ধৰে আৰু তেওঁক গ্রেপ্তাৰ কৰে৷ এই বাতৰি প্রেৰণ কৰাৰ সময়লৈকে বিষয়াগৰাকীক কার্যালয়তে আবদ্ধ কৰি ৰখা হৈছে৷ ইতিমধ্যে ঘটনাস্থলীত ছয়গাঁও থানাৰ ভাৰপ্রাপ্ত আৰক্ষী বিষয়া কপিল পাঠক উপস্থিত হৈছে৷