নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দুৰ্বিষহ জীৱন যাপন তিনিচুকীয়া গাঁওবাসীৰ

নিয়মীয়া বাৰ্তা, ৯ নৱেম্বৰ : আজি আমি দেখুৱাম ডিজিটেল ইণ্ডিয়াৰ কথা৷ অসমক আগশাৰীৰ ৰাজ্য গঠনৰ সপোন দেখুওৱা চৰকাৰখনৰ কামৰ নমুনা দেখুৱালে আপোনাৰো চকু কপালত উঠিব ৷ উন্নতি প্ৰগতি আৰু সমবিকাশৰ বৰ বৰ কথা কোৱা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ উন্নয়নৰ ফোপোলা স্বৰূপ আজিৰ এই প্ৰতিবেদনতেই স্পষ্ট হব৷ ডাবল ইঞ্জিন চৰকাৰৰ বিধায়ক প্ৰমোদ বৰঠাকুৰৰ বিশ্বনাথ সমষ্টিৰ এখন পঞ্চায়তৰ কথাকেই কোৱা হৈছে ৷ বিধায়কৰ গৃহৰ পৰা ১৫ কিলোমিটাৰ ব্যৱধানত থকা পঞ্চায়ত খনৰ নাম ধুলি গাওঁ পঞ্চায়ত৷ ১নং ওৱাৰ্ডৰ তিনিচুকীয়া নামৰ গাওঁৰ লোক সকল আজিও আদিম মানৱৰ দৰে জীৱন ধাৰন কৰি আছে ৷ খোৱাৰ বাবে নাই এটুপি পানী ৷ ঘাঁহ বনেৰে আবৃত মাটিৰ কুঁৱাৰ পানী খাই জীয়াই থাকিব লগা হৈছে ৰাইজ ৷ থাকিবৰ বাবে নাই আবাসগৃহ ৷ নৰা খেৰৰে সজা পজাত বসবাস কৰি আছে একাংশ লোক ৷ দৰিদ্ৰৰ এক জীয়া ছবি গাওঁখনত স্পষ্ট হৈ আছে৷ এশ এবুৰি সমস্যা থকা গাওঁখনত কোনেও নাপালে চৰকাৰী সুবিধা ৷ইফালে পথৰ অৱস্থাও শোচনীয় ৷ ওখোৰামোখোৰা ঘাঁহ বনেৰে আবৃত সৰু গলিয়েদি আহযাহ কৰিব লগা হৈছে ৰাইজ ৷ চিকিৎসাৰ নামত নাই একো ৷শিক্ষাৰ নামত নাম মাত্ৰ এলপি স্কুলখন ৷ মহিলা সকলে নাপালে বিধৱা অথবা বৃদ্ধ আৰু অৰুণোদয় আচনি ৷ অনাময় আচনিৰ শৌচালয়ৰো ব্যৱস্থা নাই ৷ আনকি চাউলৰ পৰাও বঞ্চিত হৈ আছে বহু দৰিদ্ৰ পৰিয়াল ৷ ১নং ধুলি তিনিচুকীয়া গাওঁৰ মাজেৰে মাজুলিগড়লৈ যোৱা পথটিৰ অৱস্থাও শোচনীয় ৷তিনিচুকীয়াৰ পৰা সাকোমঠালৈ যোৱা পথটি সৰু ঠেক আৰু বনেৰে আবৃত৷ সাকোৰে আহ যাহ কৰে যদিও ভৰ বাৰিষাত সেয়াও উটিল বানত ৷আনফালে মদনপুৰৰ পৰা মাজুলিগড়লৈ যোৱাপথছোৱা নামমাত্ৰ হৈ পৰিছে ৷ খালবাম একাকাৰ হৈ পৰা পথছোৱাৰ মাজঅংশত নদীত নাই দলং৷ আনহাতে ১নং ধুলি তিনিচুকীয়া হৈ বৰপথাৰলৈ যোৱা পথছোৱাও যাতায়ৰ বাবে অনুপযোগী ৷ গাওঁখনৰ দুৰৱস্থাই ছানি ধৰিছে ৷ বেমাৰ আজাৰ হলে মৰনৰ বাহিৰে গতন্তৰ নাই ৰাইজৰ৷ আশৰ্যজনক কথা যে দৰিদ্ৰতাৰ কবলত পৰি শিশু সকলেও শ্ৰম কৰিব লগা হয় ৷ পুৰ্বৰে পৰা বসবাস কৰি অহা সাকোমঠা ৬৩/১৮তিনিচুকীয়া গ্ৰান্টৰ ৰাইজ আজি সৰ্বতোদিশে অবহেলিত নিষ্পেষিত শোষিত৷ ভোটৰ সময়ত ডাংকোপ মৰা কথা কোৱা জনপ্ৰতিনিধিসকল আজি নিৰ্বিকাৰ ৷ চকুমুদা কুলিৰ ভাও ধৰি আছে ৷ আৰু কিমান দিনলৈ সহি থাকিব ৰাইজ ৷ উন্নয়ণ শূন্য এই গাওঁখনৰ ৰাইজৰ বাবে পঞ্চায়তৰ প্ৰতিনিধি , বিধায়ক অথবা ৰজাঘৰীয়াৰ দয়া উপজিবনে ?

প্ৰেৰক শিবু মজুমদাৰ

You might also like