নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চিৰাঙৰ কাৰ্যবাহী দণ্ডাধীশৰ দ্বাৰা ভিএইচএনডি ছেছন ছাইট পৰিদৰ্শন

নিয়মীয়া বাৰ্তা, ১৭ মাৰ্চঃ চিৰাঙত সম্পূৰ্ণ টিকাকৰণৰ গতি বৃদ্ধি আৰু ইয়াৰ মান নিশ্চিত কৰাৰ লক্ষ্যৰে জিলাখনৰ কাৰ্যবাহী দণ্ডাধীশসকলে আজি ভিলেজ হেল্থ এণ্ড নিউট্ৰিচন দে (ভিএইচএনডি) ছেছন চাইটসমূহ পৰিদৰ্শন কৰি বিভিন্ন স্বাস্থ্য খণ্ডত চলোৱা নিয়মীয়া টিকাকৰণ প্ৰক্ৰিয়া নিৰীক্ষণ কৰে। কৰ্তব্যৰত দণ্ডাধীশসকলে বাসুগাঁও, ৰঞ্চাইধাম, চম্পাৱতী, শান্তিপুৰ, ৰুণিখাটা, গাৰগাঁও, বড়োবাজাৰ, আমটেকা, মালিভিটা, বাল্লামগুৰি, অক্সিগুৰি, বিজনী, উলুবাৰী আদি স্বাস্থ্য খণ্ড পৰিদৰ্শন কৰে। ভিএইচএনডি ৰ ছেছন ছাইটসমূহ পৰিদৰ্শন কৰা কাৰ্যবাহী দণ্ডাধীশসকল আছিল ক্ৰমে কুশল কলিতা, পাৰ্থ প্ৰতিম বৰুৱা, মাৰিয়া তানিম, ৰাখীশ্ৰী লেখাৰু, অমিত ৰঞ্জন বৰ্মন, বুবুল বৈশ্য আৰু দীপংকৰ বৰা।।
প্ৰেৰক বিপুল কুমাৰ দাস

You might also like