ভোটৰ ৭২ ঘণ্টা পূর্বে উলিয়াব নোৱাৰিব বাইক ৰেলী
নিয়মীয়া বাৰ্তা ২৩ মাৰ্চঃ অহা ২৭ মার্চৰ পৰা অসমত তিনিটা পর্যায়ত অনুষ্ঠিত হ’বলগীয়া বিধানসভা নির্বাচন সুকলমে অনুষ্ঠিত কৰাৰ বাবে সাজু হৈছে নির্বাচন আয়োগ৷ প্রথম পর্যায়ৰ ভোটগ্রহণৰ বাবে নির্বাচন আয়োগে ই ভি এম আৰু ভি ভি পেট মেচিনসমূহ নির্দিষ্ট ভোটকেন্দ্রলৈ প্রেৰণৰ বাবে সাজু কৰিছে৷ নির্বাচন আয়োগৰ এটা সূত্রই জনোৱা মতে, ৰাজ্যৰ মুঠ ৩৩,৫৩০টা ভোটকেন্দ্রত ভোটগ্রহণ কৰা হ’ব৷ এই ভোটকেন্দ্রসমূহত প্রথম পর্যায়ত ১,৬৭,৬৫০গৰাকী বিষয়া–কর্মচাৰী নির্বাচনী দায়িত্বত নিয়োজিত হ’ব৷ আনহাতে, ১,৩৫১গৰাকী মহিলা বিষয়াই মহিলাৰ বাবে পৃথক ভোটকেন্দ্র পৰিচালনাৰ দায়িত্বত থাকিব৷ সমাগত নির্বাচনৰ বাবে নির্বাচন আয়োগে বর্তমানলৈকে ২,২০০টা ভোটকেন্দ্র স্পর্শকাতৰ কেন্দ্র হিচাপে চিনাক্ত কৰিছে৷ নির্বাচন আয়োগৰ সূত্রটোৱে জনোৱা মতে স্পর্শকাতৰ ভোটকেন্দ্রসমূহত আৰক্ষী–কেন্দ্রীয় নিৰাপত্তা বাহিনীৰ জোৱানেৰে পর্যাপ্ত নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হ’ব৷ ৰাইজে যাতে শংকাবিহীনভাৱে ভোট দিবলৈ ওলাই আহিব পাৰে তাৰ প্রতি লক্ষ্য ৰাখি কেন্দ্রসমূহত কটকটীয়া নিৰাপত্তা ব্যৱস্থা কৰা হ’ব৷
সেইদৰে ভোটকেন্দ্রত ই ভি এম আৰু ভি ভি পেট মেচিনত বিসংগতি হোৱাৰ আশংকা কৰি এই মেচিন অতিৰিক্তভাৱে মজুত কৰি ৰখা হৈছে বুলিও সূত্রটোৱে জানিবলৈ দিয়ে৷ সেই অনুসৰি ২০ শতাংশ ই ভি এম আৰু ৩০ শতাংশ ভি ভি পেট মেচিন অতিৰিক্তভাৱে মজুত কৰি ৰাখিছে নির্বাচন আয়োগে৷ উল্লেখ্য যে এইবাৰ নির্বাচনত মুঠ ২,৩২,৪৪,৪৫৪গৰাকী ভোটাৰে ভোটদান কৰিব৷ ইয়াৰ ভিতৰত সাধাৰণ ভোটাৰৰ সংখ্যা হ’ল ২,৩১,৮৬,৩৬২, বহিঃৰাজ্যত কর্মৰত ভোটাৰৰ সংখ্যা হ’ল ৬২,১৩৪জন আৰু বিদেশত থকা ভোটাৰৰ সংখ্যা হ’ল ১১জন৷ ইফালে, নির্বাচন অনুষ্ঠিত হ’বলগীয়া সমষ্টিসমূহত ভোটগ্রহণ আৰম্ভ হোৱাৰ দিনটোৰ ৭২ ঘণ্টা পূর্বে বাইক ৰেলী কৰাটো নিষিদ্ধ কৰিছে নির্বাচন আয়োগে৷ এইক্ষেত্রত কঠোৰ ব্যৱস্থা গ্রহণ কৰিবলৈ নির্বাচন আয়োগে মুখ্য নির্বাচনী বিষয়াক নির্দেশ দিছে৷ এই নির্দেশ অনুসৰি ভোটগ্রহণ আৰম্ভ হোৱাৰ ৭২ ঘণ্টা পূর্বে কোনো ৰাজনৈতিক দল বা সমর্থকে বাইক ৰেলী উলিয়াব নোৱাৰিব৷