নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰূপবৰণৰ চিত্ৰ শিল্পীয়ে অংকন কৰা বিদ্যালয়ৰ চৌহদ ‘দেৱাল-চিত্ৰ’ উন্মোচন

নিয়মীয়া বাৰ্তা , বনগাঁও  ১৮ ফেব্ৰুৱাৰী : দ্বীপ জিলা মাজুলীৰ অন্যতম শিক্ষানুষ্ঠান আউনীআটী উচ্চ মাধ্যমিক  বিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ উদ্যোগত “ৰূপবৰণ” ৰ চিত্ৰ শিল্পীয়ে  বিদ্যালয়ৰ চৌহদৰ সৌন্দৰ্যৱৰ্ধনৰ বাবে  সম্পন্ন কৰা  ‘দেৱাল অংকন’ৰ প্ৰকল্পটি যোৱা ১৭ ফেব্ৰুৱাৰীত মাজুলীৰ  জ্যেষ্ঠ অধিবক্তা তথা মাজুলী অধিবক্তা সন্থাৰ সভাপতি অতুল শইকীয়াই শুভ উন্মোচন কৰে। বিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ উদ্যোগত বিদ্যালয়ৰ জ্যেষ্ঠ শিক্ষক কমল দত্তৰ পৰিকল্পনাৰে  মাজুলী ৰূপবৰণ চিত্ৰকলা বিদ্যালয়ৰ দ্বাৰা ছাত্ৰ ছাত্ৰী আৰু শিক্ষক সকলৰ দ্বাৰা অংকন কৰি উলিওৱা সুদীৰ্ঘ  দেৱাল-চিত্ৰ উদ্বোধন কৰি জ্যেষ্ঠ অধিবক্তা গৰাকীয়ে এয়া এক মহৎ কৰ্ম সম্পাদন কৰা বুলি ব্যক্ত কৰে। আউনীআটী সত্ৰৰ সন্মুখৰ এই নয়নাভিৰাম দৃশ্যই মাজুলীৰ সুনাম বিশ্বৰ বিভিন্ন প্ৰান্তলৈ প্ৰসাৰিত কৰিব।

উদ্বোধনী সভাখনি বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলৰ এটি সমবেত সংগীত পৰিৱেশনেৰে আৰম্ভ হয়। ই‌য়াৰ পিছতেই উদ্বোধক শইকীয়া আৰু ৰূপবৰণ চিত্ৰকলা বিদ্যালয়ৰ অধ্যক্ষ দীপু বৰাক একোখনি চেলেং আৰু ফুলাম গামোচাৰে আদৰণি জনোৱাৰ লগতে সভাত অংশ গ্ৰহণ কৰা বিশিষ্ট ব্যক্তি জোনাকী ছমহীয়াটী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ বিৰিঞ্চি শইকীয়া,সমাজকৰ্মী গুৱাহাটীৰ বাসিন্দা জিতেন দোলাকাষৰীয়া,অধিবক্তা  উত্তম শইকীয়া,গায়িকা জাহ্নৱী মিশ্ৰ- প্ৰত্যেকে একোখন ফুলাম গামোচিৰে আদৰণি জনায়। সেই সভাতেই চিত্ৰ অংকণ কৰা শিল্পীসকল বিতুল দাস,শ্যামন্ত পায়েং, উপেন চিন্তে,ত্ৰিনয়ণ নেওগ, দিগন্ত বৰা, বিষ্ণু প্ৰিয়া কলিতা,ৰীতু দাস,পৰাগ বৰা আৰু দীনমণি দোলাকাষৰীয়াক এখন গামোচা আৰু অভিনন্দন পত্ৰৰে সম্বৰ্ধনা জনোৱা হয়। বৰ্তমান যোৰহাট বাসিন্দা মাজুলীৰ প্ৰৱীন চিত্ৰশিল্পী বৰটানীৰ মৃগেন কুমাৰ দত্তই  মাতৃ বিয়োগৰ বৰতীয়া অৱস্থাৰে ইয়াত চিত্ৰ অংকন কৰি শিল্পীসকলক উৎসাহ যোগোৱাত তেখেতকো এখনি গামোচা আৰু অভিনন্দন পত্ৰেৰে সম্বৰ্ধনা জনোৱা হয়।

You might also like