ক’ভিডৰ সময়ত আছু মিউজিয়ামত আছিল নেকি? -নলবাৰীৰ জনসভাত মন্ত্ৰী ড০ হিমন্তৰ প্ৰশ্ন
নিয়মীয়া বাৰ্তা, ২৪ জানুৱাৰীঃ আজি নলবাৰীৰ কেন্দুকুছিত অনুষ্ঠিত বিজেপিৰ সংকল্প সমাৰোহস্থলীত ভাষণ দি বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সমালোচনা কৰে আছুক। নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহৰ আগমনৰ সময়ত ছাত্ৰ সন্থাই উলিওৱা জোঁৰ সমদল তথা ক’লা পতাকা প্ৰদৰ্শনক লৈ প্ৰশ্ন উত্থাপন কৰি মন্ত্ৰী শৰ্মাই ৰাইজৰ আগত কয়- ‘মই ছাত্ৰ সন্থাৰ নেতাসকলক সুধিব খোজোঁ ২০২০ চনত অসমৰ ৰাইজে যেতিয়া ক’ভিড মহামাৰীৰ লগত যুঁজি আছিল, আপোনালোকে এবটল মাত্ৰ প্লাজমা দুখীয়া ৰোগীসকলৰৰ বাবে দান কৰিবলৈ ওলাই আহিছিল নেকি?’
সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য আৰু লুৰিণজ্যোতি গগৈৰ নাম লৈ মন্ত্ৰীগৰাকীয়ে ভাৰতীয় জনতা পাৰ্টীৰ কৰ্মীসকলে ক’ভিডৰ সময়ত দুখীয়া লোকক অন্নদান কৰাৰ সময়ত তেওঁলোক ক’ত আছিল বুলিও প্ৰশ্ন কৰে।
সেই সময়ত আছুৰ নেতাদ্বয় মিউজিয়ামত আছিল নেকি বুলি কৈ ড০ শৰ্মাই ৰাইজক ক’ভিডৰ সময়ত আছুৰ কোন কোন নেতাক প্ৰত্যক্ষ কৰিছিল বুলি প্ৰশ্ন কৰে। আনহাতে আছুৱে আজমলৰ লগত গোপনে যিমানে মিতিৰালি নকৰক চৰকাৰ বিজেপিৰে হ’ব বুলি আত্মবিশ্বাসসূচক মন্তব্য কৰে সভাত।
উল্লেখ্য যে আজি নলবাৰীত আয়োজিত জনসভাত বিশাল জনসমাগম পৰিলক্ষিত হয়।