বাক্সাৰ থুৰীবাৰীত জলসংকটঃ নদীৰ পানীৰে তৃষ্ণা আঁতৰাইছে ৰাইজে
নিয়মীয়া বাৰ্তা, ২৮ এপ্ৰিল : বাক্সা জিলাৰ চাপাগুৰি সমষ্টিৰ ককলাবাৰী, বৰপাম, ৰাঙাপানী, অঞ্চলী আদি কেইবাখনো গাঁৱত পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ দিনতে বিশুদ্ধ খোৱাপানী যোগানৰ প্ৰকল্প স্থাপন কৰা হৈছিল। এই পানী যোগান প্ৰকল্পসমূহৰ পৰা ৰাইজে এটুপি খোৱা পানীও পাবলৈ সক্ষম নহ’ল। আনকি হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বি টি চি চৰকাৰৰ দিনতো এই পানী যোগান আঁচনিসমূহ অচল হৈয়ে পৰি থাকিল। বহুকেইখন আঁচনিৰ ঘৰ আৰু মেচিন আদি জহি খহি গ’ল। বৰ্তমান চৰকাৰে জলজীৱন মিছনৰ অধীনত ৰাইজক বিশুদ্ধ খোৱাপানী যোগানৰ বিভিন্ন ঠাইত বৃহৎ বৃহৎ প্ৰকল্প স্থাপন কৰিছে । কিন্তু এই আঁচনি সমূহৰ সুফল ৰাইজে এতিয়ালৈ পাবলৈ সক্ষম হোৱা নাই বুলি অভিযোগ উঠিছে। ইয়াৰ মাজতে বাকসা জিলাৰ চাপাগুৰি সমষ্টিৰ ২নং ককলাবাৰী (থুৰীবাৰী) গাঁৱৰ, ৬০টা পৰিয়ালে আজিও পাহাৰৰ পৰা বৈ অহা পোতা নদীৰ পানী খাই জীয়াই থাকিব লগা অৱস্থাৰ সৃষ্টি হৈ আছে। উল্লেখ্য, এই গাঁওখনৰ ৰাইজে প্ৰায় ২৫ -৩০ ফুট তলত বিশাল প্ৰস্তৰ স্তৰ থকা বাবে টিউবৱেল বহুৱাব নোৱাৰে। কোনো গাঁওবাসীয়ে ২৫ – ৩০ ফুট তলত টিউৱৱেল বহুৱাই ভূগৰ্ভৰ পানীৰ স্তৰ পাবলৈ সক্ষম হয় যদিও এই ভূগৰ্ভৰ পানীৰ স্তৰ জানুৱাৰী পৰা জুন মাহলৈ সম্পূৰ্ণৰূপে শুকাই যায়। ফলত এই সময়ছোৱাত গাঁওখনত তীব্ৰ জলসংকটে দেখা দিয়ে। ফলত এই সময়ছোৱাত পোতা নদীৰ পৰা পানী কঢ়িয়াই আনি ৰন্ধা- বঢ়া আৰু খোৱা-লোৱাৰ কামত ব্যৱহাৰ কৰিবলৈ বাধ্য হয়। ৰাইজৰ এই খোৱাপানীৰ সংকট আঁতৰ কৰা বাবে বি টি আৰ চুক্তিৰ প্ৰায় দহ বছৰ আগেয়ে তেতিয়াৰ চৰকাৰে পানী যোগানৰ ব্যৱস্থা কৰাৰ ক্ষুদ্ৰ আঁচনি গ্ৰহণ কৰিছিল। কিন্তু এই আঁচনিৰ গাঁঠনিবোৰ চৰকাৰৰ ৰাজহুৱা ধনৰ অপচয়ৰ নিদৰ্শন হৈ বছৰ বছৰ ধৰি পৰি থকাৰ বাহিৰে ৰাইজে এইবোৰৰ পৰা কোনো সুফল নাপালে। গাঁওখনৰ ৰাইজৰ এই বহুদিনীয়া খোৱাপানীৰ সমস্যা সমাধান কৰি দিবলৈ অসম চৰকাৰ আৰু বি টি আৰ চৰকাৰক গাওঁখনৰ ৰাইজে দাবী জনাইছে ।
প্ৰেৰক দিগন্ত দাস