অসম সোৱণশিৰিৰ বানত ভয়াৱহ বিপর্যয়ৰ অশনি সংকেতঃ গেৰুকামুখৰ মূল বান্ধৰ ওপৰেৰে পানীৰ ধল By নিয়মীয়া বাৰ্তা On Jun 22, 2020 Share নিয়মীয়া বাৰ্তা, ২২ জুনঃ বিশেষজ্ঞৰ সকীয়নি, অসমবাসীৰ দাবী–আপত্তিক আওকাণ কৰি নির্মাণ কৰি থকা নামনি সোৱণশিৰি বৃহৎ নদীবান্ধ প্রকল্পৰ পৰা যিকোনো মুহূর্ততে ভয়ানক দুর্যোগ সংঘটিত হোৱাৰ আশংকা ঘনীভূত হৈ পৰিছে৷ প্রকল্পটোৰ ইখনৰ পাছত সিখন গার্ড ৱাল, ক’ফাৰ বান্ধ খহি পৰাৰ পাছত এতিয়া মূল বান্ধটোৰ ওপৰেদি বাগৰিছে পানীৰ ধল৷ অৰুণাচল প্রদেশত হৈ থকা প্রবল বৰষুণৰ পাছত সোৱণশিৰিৰ বুকুয়েদি নামি অহা পানীৰ সোঁতে ইতিমধ্যে প্রকল্পস্থলীৰ লগতে নামনি অংশত বসবাস কৰা ৰাইজৰ মাজতো হাহাকাৰ সৃষ্টি কৰিছে৷ কিয়নো মূল বান্ধৰ ওপৰেদি বাগৰি অহা পানীয়ে ইতিমধ্যে গেৰুকামুখৰ প্রকল্পস্থলীত থকা এন এইচ পি চিৰ গুদাম বুৰাই পেলাইছে৷ সম্প্রতি নির্মাণকাৰী সংস্থাটোৰ প্রায় সকলো যন্ত্রাংশ আৰু নির্মাণ সমাগ্রী এতিয়া পানীৰ তলত৷ ইয়াৰ পূর্বেও দুই–এবাৰ মূল বান্ধৰ ওপৰেদি পানী বাগৰিছিল যদিও প্রকল্পস্থলী এইবাৰ প্রথমবাৰৰ বাবে সম্পূর্ণৰূপে জলমগ্ণ হৈ পৰিছে৷ ২০০০ মেগাৱাট বিজুলী শক্তি উৎপাদনক্ষম প্রকল্পটোত বিদ্যুৎ উৎপাদন আৰম্ভ নৌহওঁতেই সৃষ্টি হোৱা এনে দুর্যোগে সমগ্র উত্তৰ অসমলৈ ভয়াৱহ অশনি সংকেত কঢ়িয়াই আনিছে৷ উল্লেখ্য যে এইবাৰ বাৰিষাৰ আৰম্ভণিৰ পৰা গেৰুকামুখত নির্মীয়মাণ বৃহৎ নদীবান্ধত ইটোৰ পাছত সিটো দুর্যোগে দেখা দিয়ে৷ কেইজাকমান বৰষুণত নদীবান্ধৰ গার্ড ৱাল খহি যোৱাৰ পাছত মূল বান্ধলৈ যোৱা পথতো ব্যাপক খহনীয়া সৃষ্টি হয়৷ চকুৰ সন্মুখতে খহি পৰা শিল–বালিয়ে মূল বান্ধলৈ যোৱা পথ সম্পূর্ণৰূপে বন্ধ কৰি পেলায়৷ ইয়াৰ পাছত দুর্যোগৰ কবলত পৰে ক’ফাৰ বান্ধো৷ কিন্তু তাৰ পাছতো বৃহৎ নদীবান্ধ প্রকল্পটোৰ নির্মাণ পূর্ণোদ্যমে অব্যাহত ৰাখে এন এইচ পি চিয়ে৷ সংস্থাটোৱে লকডাউনৰ সুযোগ লৈ নগাঁৱৰ শেনচোৱাৰ গুদামৰ পৰা গোপনে সৰবৰাহ কৰিবলৈ লয় ২৭টাকৈ ট্রেন্সফর্মাৰ৷ একে সময়তে স্থানীয় ৰাইজ–দল–সংগঠনে নির্মাণকার্যৰ বিৰুদ্ধে প্রতিবাদ অব্যাহত ৰাখে৷ কিন্তু ৰাইজৰ জীৱন–সম্পত্তিৰ নিৰাপত্তাৰ প্রশ্ণক বুঢ়া আঙুলি দেখুৱাই এন এইচ পি চিয়ে ট্রাকে ট্রাকে নির্মাণ সামগ্রী সৰবৰাহ কৰি যায়৷ কিন্তু চকুৰ সন্মুখতে বিপদ কাষ চাপি অহা দেখি সংস্থাটোৱে পাৱাৰ হাউছৰ বীমা কৰাৰ প্রক্রিয়াও আৰম্ভ কৰে৷ বৃহৎ প্রকল্পটোক লৈ ইমানদিনে ৰাইজে প্রকাশ কৰি অহা আশংকা এতিয়া সঁচা প্রমাণিত হোৱাৰ দিশে আগবাঢ়িছে৷ মূল বান্ধৰ ওপৰেদি বাগৰি অহা পানীয়ে সমগ্র প্রকল্পস্থলী বুৰাই পেলোৱাৰ পাছত কি পৰিস্থিতি সৃষ্টি হয়, সেয়াও এতিয়া অনিশ্চয়তাৰ মাজত সোমাই পৰিছে৷ ফলত নামনি অংশত বসবাস কৰা ৰাইজ আতংকিত হৈ পৰিছে৷ অসমৰ বিশেষজ্ঞৰ সকীয়নিক আওকাণ কৰি ঠুনুকা পাহাৰৰ ওপৰত নির্মাণ কৰা প্রকল্পটো খহি পৰাৰ সম্ভাৱনা প্রকট হৈ পৰাৰ পাছত দেওবাৰে গোগামুখত অনুষ্ঠিত হয় এখন নাগৰিক সভা৷ গোগামুখ আঞ্চলিক ছাত্র সন্থাৰ কার্যালয়ত বিয়লি ১ বজাৰ পৰা অনুষ্ঠিত হোৱা নাগৰিক সভাত সভাপতিত্ব কৰে সদৌ ধেমাজি জিলা ছাত্র সন্থাৰ সভাপতি দীপক শর্মাই৷ উদ্দেশ্য ব্যাখ্যা কৰে ধেমাজি জিলা ছাত্র সন্থাৰ সাধাৰণ সম্পাদক কল্যাণ গগৈয়ে৷ উদ্দেশ্য ব্যাখ্যা কৰি তেওঁ কয়– নামনি সোৱণশিৰি জলবিদ্যুৎ প্রকল্পৰ আধাতকৈ বেছি নির্মাণকার্য ইতিমধ্যে হৈছে৷ কিন্তু প্রকল্প নির্মাতা সংস্থা এন এইচ পি চিয়ে কেন্দ্রীয় চৰকাৰ, ৰাজ্য চৰকাৰ, বান্ধবিৰোধী দল–সংগঠনৰ লগত কৰা আলোচনাৰ সিদ্ধান্তবোৰ কার্যকৰী কৰা নাই৷ মানি চলা নাই প্রকল্পটো সন্দর্ভত বিশেষজ্ঞ সমিতিয়ে দিয়া কোনো পৰামর্শ৷ এনে পৰিপ্রেক্ষিতত নামনিবাসী ৰাইজৰ জীৱন, সা–সম্পত্তিৰ নিৰাপত্তাৰ স্বার্থত সকলো ৰাইজ আৰু দল–সংগঠনে সন্মিলিতভাৱে নামনি সোৱণশিৰি জলবিদ্যুৎ প্রকল্পৰ বিৰুদ্ধে মাৰ বান্ধি থিয় দিব লাগিব৷ Share