ফেনে-ফোটোকাৰে বাঢ়িছে সোৱণশিৰিৰ জলপৃষ্ঠ
মনি সোৱণশিৰি জলবিদ্যু্ৎ প্ৰকল্প নিৰ্মাণকাৰী সংস্থা ,চমুকৈ এন এইচ পি চিৰ হাতত
ফেনে-ফোটোকাৰে বাঢ়িছে সোৱণশিৰিৰ জলপৃষ্ঠ
নিয়মীয়া বাৰ্তা ডিজিটেল, ৩১ মে’ : সোৱণশিৰিৰ নিয়ন্ত্ৰণ এতিয়া নামনি সোৱণশিৰি জলবিদ্যু্ৎ প্ৰকল্প নিৰ্মাণকাৰী সংস্থা ,চমুকৈ এন এইচ পি চিৰ হাতত।
নদীবান্ধ নিৰ্মাণৰ পিছত, বিশেষকৈ নদীবান্ধৰ গেটসমূহ সম্পূৰ্ণ হৈ পৰাৰ পিছৰে পৰা এজাক বৰষুণতে যিদৰে হঠাৎ সোৱণশিৰিৰ জলপৃষ্ঠ বৃদ্ধি হয়, সেইদৰে কেতিয়াবা হঠাৎ হৈ পৰে মৰভূমিসদৃশ।
সোৱণশিৰিৰ এনে ৰূপ দেখি আতংকিত নৈপৰীয়া।
সোৱণশিৰিৰ এনে ৰূপৰ ফলত নামনি অংশত হব পাৰে ভয়ানক খহনীয়া।
সৰ্বকালৰ অভিলেখ ভংগ কৰি সোৱণশিৰিত এইদৰে হঠাৎ বৃদ্ধি পাইছে নদীৰ জলপৃষ্ঠ।
বৰষুণ দিলে নৈ এখনৰ জলপৃষ্ঠ বৃদ্ধি হোৱাটো স্বাভাৱিক যদিও বৰ্তমান সোৱণশিৰি ভিন্ন সময়ত ভিন্ন ৰূপ লোৱাত শংকাত নৈপৰীয়া।