চ’তত ধূলিৰে ধুসৰ পৰিৱেশ, জামুগুৰিহাটত ধূলিৰ ধুমুহা
নিয়মীয়া বাৰ্তা, জামুগুৰিহাট, ২৫ মাৰ্চঃ চ’ত মাহৰ এজাক ধূলিৰ ধুমুহাই হঠাৎ চৌদিশ ধূসৰ কৰি তোলাত জনজীৱন স্তব্ধ কৰি তুলিছে জামুগুৰিহাটত৷ কালি দিনৰ পৰা নিশালৈকে বতাহৰ লগতে ধূলিৰে চৌপাশ ধোৱা-কোৱা হৈ পৰাত এই পৰিৱেশে ব্যতিব্যস্ত কৰি তোলা পৰিলক্ষিত হয়৷ বিভিন্ন কাম লৈ ঘৰৰ পৰা ওলাই যোৱা বহু লোক এই ধূলিৰ ধুমুহাৰ সন্মুখীন হৈ বিপদত পৰা দেখা পোৱা যায়৷ ধুলিৰ ধুমুহাৰ গতিবেগ ইমানেই তীব্ৰ আছিল যে সন্মুখৰ কোনো বস্তুয়েই খালী চকুৰে দেখা পোৱাত সমস্যাৰ সৃষ্টি কৰিছিল৷
তদুপৰি ধূলিৰ লগতে তীব্ৰবেগী বতাহেও গছ-বন-তৰু-লতাৰ ডাল, পাত সৰাই লৈ অঞ্চলটোৰ বাস গৃহৰ পৰিৱেশ লেতেৰা কৰে। কোনো কোনো ঠাইত বতাহৰ গতি বেগে সাধাৰণ বাসগৃহৰ টিনপাত উৰুৱাই নিয়াও পৰিলক্ষিত হয়৷ অৱশ্যে ধূলিৰ ধুমুহাৰ পাছত অহা এজাক আশাৰ সপোন যেন বৰষুণে জামুগুৰিহাটৰ ধূলিঅলি বাটপথ নিৰ্মল কৰি তোলাৰ লগতে ধূলি বালিৰ পৰাও সামান্য পৰিমাণে সাধাৰণ জনতাই স্বস্তিৰ নিশ্বাস লাভ কৰা পৰিলক্ষিত হয়।