নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৱেব প’র্টেলৰ অপপ্রচাৰৰ বিৰুদ্ধে ব্যৱস্থা গ্রহণৰ নির্দেশ মুখ্য সচিবৰ

নিয়মীয়া বাৰ্তা ২০ জুনঃ ৰাজ্যৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণই তেওঁৰ কার্যালয়ত শুকুৰবাৰে তথ্য আৰু জনসংযোগ বিভাগৰ আয়ুক্ত সচিব প্রীতম শইকীয়া আৰু সঞ্চালক অনুপম চৌধুৰীৰ সৈতে ৰাজ্যখনত ব্যাপক হাৰত আৰম্ভ হোৱা নিউজ ৱেব প’র্টেলসমূহৰ সন্দর্ভত আলোচনা কৰে৷ উল্লেখ্য যে বহু সময়ত এই নিউজ প’র্টেলসমূহৰ একাংশই ভুৱা, অসত্য আৰু উদ্দেশ্যপ্রণোদিত বাতৰি পৰিৱেশন কৰি ৰাইজক বিভ্রান্ত আৰু বিপথে পৰিচালিত কৰাৰ চেষ্টা চলোৱা চৰকাৰৰ দৃষ্টিগোচৰ হৈছে৷ বিশেষকৈ উঠি অহা প্রজন্মৰ ওপৰত ইয়াৰ বিৰূপ প্রভাৱ পৰাৰ সম্ভাৱনাই দেখা দিছে৷ তদুপৰি সামাজিক মাধ্যম (ছ’চিয়েল মিডিয়া)ত বিভিন্নজনে সময়ে সময়ে অপপ্রচাৰ, ভুৱা তথ্য প্রচাৰ কৰা পৰিলক্ষিত হৈছে৷ নিউজ ৱেব প’র্টেলত প্রচাৰিত অসত্য আৰু উদ্দেশ্যপ্রণোদিত বাতৰি ছ’চিয়েল মিডিয়াযোগে প্রচাৰ হোৱা ভুল তথ্য, ভুৱা খবৰে সমাজৰ ক্ষতি কৰা দেখা যায়৷ মুখ্য সচিবগৰাকীয়ে কয় যে এই নিউজ ৱেব প’র্টেল আৰু ছ’চিয়েল মিডিয়াসমূহ নিয়মীয়াকৈ পর্যবেক্ষণ কৰিব লাগিব৷ এনেদৰে ভুল তথ্য, অসত্য বাতৰি আদিৰ প্রকাশ আৰু প্রচাৰ দৃষ্টিগোচৰ হ’লে চাইবাৰ ক্রাইম সংক্রান্তীয় আইনৰ অধীনত ব্যৱস্থা গ্রহণ কৰিবলৈ মুখ্য সচিবগৰাকীয়ে নির্দেশ দিয়ে৷

You might also like