নিয়মীয়া বাৰ্তা, ৭ জুলাইঃ ধুবুৰীৰ এখন চৰকাৰী কাৰ্য্যালয় আজি নিশা বিবাহ ভৱনৰ ৰূপ লৈছে বুলি ৰাইজৰ মাজত ব্যাপক চৰ্চা ল’ভা পোৱা গৈছে। অভিযোগ অনুসৰি, চহৰখনৰ ১নং ৱাৰ্ডস্থিত ধুবুৰী জিলা পৰিষদৰ কাৰ্য্যালয়ৰ প্ৰথম মহলাত থকা প্ৰেক্ষাগৃহত আজি নিশা আয়োজিত এখন বিশেষ ভোজভাতক লৈ দৰাঘৰীয়াৰ ব্যাপক তৎপৰতা আৰম্ভ হৈছে। এক সূত্ৰই সদৰি কৰানুসৰি কাৰ্য্যালয়টোৰ কাষতে থকা এখন চাহ-মিঠাইৰ দোকানৰ মালিকপক্ষৰ এজন যুৱকৰ দুদিন পূৰ্বে সম্পন্ন হোৱা বিবাহৰ ভোজভাতৰ আয়োজন কৰা হৈছে জিলা পৰিষদটোৰ প্ৰেক্ষাগৃহত। ঘটনাটোক লৈ ধুবুৰীৰ একাংশ মহলত সৰস চৰ্চা আৰম্ভ হোৱাৰ সমান্তৰালকৈ চৰকাৰী কাৰ্য্যালয় এটা আজি নিশা কাৰ্য্যতঃ বিবাহ ভৱনত পৰিণত হোৱাৰ বিষয়টো বিভাগটোৰ বিষয়াবৰ্গই জ্ঞাত নে জানিও চকু মুদা কুলীৰ ভাও জুৰি আছে সেয়া লৈও প্ৰশ্ন উত্থাপিত কৰা পোৱা গৈছে বহুতেই।
প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী