বুধবাৰে ৪.৯১ শতাংশলৈ নামিল ক’ভিড পজিটিভিটীৰ হাৰঃ ২৪ ঘণ্টাত পজিটিভ ৫,৬৯৯ঃপুনৰ প্রাণ গ’ল ৯০ আক্রান্তৰঃ আমগুৰিৰ বিধায়ক প্রদীপ হাজৰিকা পজিটিভ
ৰাজ্যত ধাৰাবাহিকভাৱে হ্রাস আক্রান্তৰ সংখ্যা
নিয়মীয়া বাৰ্তা ২৭ মেঃ ধাৰাবাহিকভাৱে ৰাজ্যত হ্রাস পাইছে ক’ৰোনা আক্রান্তৰ হাৰ৷ সমগ্র দেশতে ক’ভিড আক্রান্তৰ সংখ্যা কমি অহাৰ সময়তে ৰাজ্যতো আশাব্যঞ্জকভাৱে উন্নত হৈছে ক’ভিড পৰিস্থিতি৷ আজিৰ দিনটোত ক’ভিডত আক্রান্তৰ হাৰ ৪.৯১ শতাংশলৈ হ্রাস পাইছে৷ বু
ধবাৰে ৫,৬৯৯জন লোক নতুনকৈ ক’ভিডত আক্রান্ত হৈছে৷ বিগত ২৪ ঘণ্টাত ৰাজ্যত মুঠ ১,১৬,১১৯টা নমুনাৰ পৰীক্ষা সম্পন্ন কৰা হৈছে৷ আক্রান্তসকলৰ ভিতৰত সর্বাধিক ৬৭০জন কামৰূপ মহানগৰ জিলাৰ৷ সমান্তৰালভাৱে ৪৮৪জন ডিব্রুগড়, ৪৭৩জন কাছাৰ আৰু ৪১৭জন নগাঁৱৰ লোক নতুনকৈ ক’ভিডত আক্রান্ত হৈছে৷ আক্রান্তৰ হাৰ হ্রাস পালেও ৰাজ্যত এতিয়াও উদ্বেগজনকভাৱে বৃদ্ধি পায়ে আছে মৃত্যু হোৱা লোকৰ সংখ্যা৷
দেওবাৰে দিনটোত পুনৰ ৯০জন লোকৰ ক’ভিডত মৃত্যু ঘটিছে৷ মৃত্যু হোৱা লোকসকলৰ ১৮জনেই হৈছে কামৰূপ মহানগৰ জিলাৰ৷ তদুপৰি তিনিচুকীয়াত ৯জন লোকে আজি ক’ভিডত আক্রান্ত হৈ প্রাণ হেৰুৱাইছে৷ সেইদৰে কাছাৰ, ডিব্রুগড় আৰু কামৰূপ জিলাৰ ৮জনকৈ লোকৰ প্রাণ কাঢ়িলে ক’ভিডে৷ বৰপেটাৰ ৬জন, হোজাইৰ ৫জন, কৰিমগঞ্জৰ ৪জন, ধেমাজি–গোলাঘাট–মৰি তিনিজনকৈ, হাইলাকান্দি–লখিমপুৰ্ দুজনকৈ, চৰাইদেউ–দৰং–ধুবুৰ্ আৰু কার্বি আংলঙৰ এজনকৈ লোকৰ মৃত্যু ঘটিছে৷ বর্তমানলৈ ৰাজ্যত ক’ভিডত মৃত্যু হোৱা লোকৰ সংখ্যা ৩,০০৫জনলৈ বৃদ্ধি পাইছে৷ অৱশ্যে ৰাজ্যত ক’ভিডৰ পৰা সুস্থ হৈ উঠা লোকৰ সংখ্যা যথেষ্ট আশাব্যঞ্জক৷ আজি ৬,২৬৬জন লোক সুস্থ হৈ উঠিছে৷ সম্প্রতি ৰাজ্যৰ বিভিন্ন চিকিৎসালয় আৰু হোম আইছ’লেচনত থকা ৰোগীৰ সংখ্যা হৈছে ৫২,৮৮৪জন৷
লক্ষণীয় যে বুধবাৰে পুনৰ ৮০ মেট্রিকটন অক্সিজেন লৈ আমিনগাঁৱত উপস্থিত হয় অক্সিজেন এক্সপ্রেছ৷ চাৰিটা কণ্টেইনাৰত কেন্দ্রীয় চৰকাৰে এই অক্সিজেন এক্সেপ্রেছৰ জৰিয়তে প্রেৰণ কৰিছে তৰল মেডিকেল অক্সিজেন৷
আমগুৰি সমষ্টিৰ বিধায়ক ক’ভিড পজিটিভ
অসম গণ পৰিষদৰ জ্যেষ্ঠ নেতা তথা আমগুৰি সমষ্টিৰ বিধায়ক প্রদীপ হাজৰিকা ক’ভিডত আক্রান্ত হৈছে৷ সম্প্রতি তেওঁ শিৱসাগৰ নগৰৰ দলমুখ চাৰিআলিত থকা আৰবান মডেল হাস্পতালৰ ক’ভিড কেয়াৰ চেণ্টাৰত চিকিৎসাধীন হৈ আছে৷ স্বাস্থ্য বিভাগৰ সূত্রই সদৰী কৰা অনুসৰি বিধায়কগৰাকীয়ে গুৱাহাটীতে আৰ টি পি চি আৰ পৰীক্ষাৰ বাবে স্বোৱাবৰ নমুনা দিছিল৷ আজি বিয়লি তেওঁ গুৱাহাটীৰ পৰা শিৱসাগৰ অভিমুখে আহি থকা অৱস্থাতে আৰ টি পি চি আৰ পৰীক্ষাৰ ফলাফল পজিটিভ বুলি খবৰ আহে৷ লগে লগে তেওঁ আৰবান মডেল হাস্পতালৰ ক’ভিড কেয়াৰ চেণ্টাৰত ভর্তি হয়৷ ইপিনে, বিধায়কগৰাকীৰ লগত থকা দেহৰক্ষী আৰু চালকৰ ৰেপিড এণ্টিজেন পৰীক্ষা কৰা হয় যদিও ফলাফল নিগেটিভ আহে৷ তেওঁলোকৰ স্বোৱাবৰ নমুনা আৰ টি পি চি আৰ পৰীক্ষাৰ বাবে প্রেৰণ কৰা হৈছে৷ উল্লেখ্য যে শেহতীয়াকৈ অনুষ্ঠিত বিধানসভা অধিৱেশনৰ তিনিওটা দিনতে উপস্থিত আছিল তেওঁ৷
কাছাৰত ১০জনৰ মৃত্যু
বিগত ২৪ ঘণ্টাত শিলচৰ মেডিকেল কলেজ হাস্পতালত ১০জন ৰোগীৰ ক’ভিড আক্রান্ত হৈ মৃত্যু হৈছে৷ এয়া হৈছে বর্তমানলৈ শিলচৰত ক’ভিডত মৃত্যু হোৱা লোকৰ সংখ্যাৰ সর্বাধিক৷
ক’ভিড পজিটিভ চিনাক্ত সত্তৰোর্ধ্বৰ মহিলা আক্রান্তৰ মুক্ত বিচৰণত আতংকিত হৈছে মালেগডৰ ৰাইজ
ক’ভিডৰ ব্যাপক সংক্রমণে সর্বত্র বিভীষিকাময় পৰিৱেশ সৃষ্টি কৰাৰ সময়তে বঙাইগাঁও জিলাৰ উত্তৰ শালমাৰা মহকুমাৰ অন্তর্গত মালেগডত ক’ভিড পজিটিভ মহিলাই মুক্ত বিচৰণ কৰি থকা কার্যই আতংকৰ সৃষ্টি কৰিছে গাঁওখনত৷ যোগীঘোপা থানাৰ অন্তর্গত মালেগড বজাৰ এলেকাত কালি দুপৰীয়া স্বাস্থ্য বিভাগৰ দল এটাই ক’ভিড পৰীক্ষাৰ বাবে শিবিৰৰ ব্যৱস্থা কৰে৷ তাতে এগৰাকী মহিলাসহ দুজন লোকৰ ক’ভিড পজিটিভ ধৰা পৰে৷ ইয়াৰে সৰোজিনী দাস নামৰ ৭৫ বছৰীয়া মহিলাগৰাকীয়ে ক’ভিডত আক্রান্ত হোৱাৰ পাছতো কালি আবেলিৰ পৰা ঘৰৰ পৰা ওলাই আহি মুক্তভাৱে বিভিন্ন ঠাইত ঘূৰি ফুৰে৷ আনকি মহিলাগৰাকীৰ পৰিয়ালৰ সদস্যসকলেও মুক্ত বিচৰণ কৰাত গাঁওখনত এক আতংকময় পৰিৱেশ সৃষ্টি হয়৷ সত্তৰোর্ধ্বৰ মহিলা এগৰাকীৰ দেহত ক’ভিড পজিটিভ নিশ্চিত হোৱাৰ পাছতো তেওঁক স্বাস্থ্য বিভাগে ঘৰতে থৈ যোৱা বিষয়টোৱে অঞ্চলটোত তীব্র প্রতিক্রিয়াৰ সৃষ্টি কৰিছে৷ আজি উত্তৰ শালমাৰা মহকুমাত নতুনকৈ ২৪জন লোকৰ ক’ভিড পজিটিভ ধৰা পৰে৷