আমিতো কৈয়ে আছোঁ, তেওঁলোকেহে এৰা নাইঃ ড০ শর্মা, আজিয়েই তিনি মন্ত্রীক অপসাৰণ কৰক বিজেপিয়েঃ হাগ্রামা
নিয়মীয়া বাৰ্তা ৯ ডিচেম্বৰঃ বিটিচি নির্বাচনক লৈ বিজেপি আৰু বিপিএফৰ সম্পর্ক চৰম তিক্ততাপূর্ণ হৈ পৰাই নহয়, দুই মিত্রদল কার্যতঃ শত্রুত পৰিণত হৈছে৷ নির্বাচনী প্রচাৰ সভা–সমিতিসমূহত ইটো পক্ষই সিটো পক্ষক কৰা আক্রমণ–প্রত্যাক্রম চূড়ান্ত পর্যায় পাইছে৷ শাসকীয় দল বিজেপিয়ে অহা বিধানসভা নির্বাচনত বিপিএফৰ সৈতে কোনো মিত্রতা নাথাকে বুলি ইতিমধ্যে ৰাজহুৱাভাৱে প্রকাশ কৰি বিটিচিৰ অধীনস্থ ১২টা বিধানসভা সমষ্টিতে নিজাববীয়া প্রার্থী থিয় কৰাব বুলি প্রকাশ কৰিছে৷ অনুৰূপ ধৰণে বিপিএফৰ ফালৰ পৰাও অনাগত দিনত তেওঁলোকে কাৰ সৈতে মিত্রতা কৰিব, সেই সম্পর্কত বিটিচি নির্বাচনৰ পিছতেই সিদ্ধান্ত গ্রহণ কৰিব বুলি উল্লেখ কৰি অহা বিধানসভা নির্বাচনত বিজেপিয়ে ফল ভোগ কৰিব লাগিব বুলিও সকীয়নি দিছে৷ দুই দলৰ মাজত এনে সংঘাত চলি থকাৰ সময়তে কালি বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাসে বিটিচি নির্বাচনৰ ফলাফলৰ পিছতেই বিপিএফৰ তিনি মন্ত্রীৰ পদ খালী হ’ব বুলি মন্তব্য কৰে৷ সভাপতি দাসৰ সেই মন্তব্যৰ লগে লগে বিটিচি নির্বাচনৰ ফলাফলৰ পিছতেই বিজেপি–বিপিএফৰ মধুচন্দ্রিকাৰ অৱসান ঘটাটো স্পষ্ট হৈ পৰিছে৷ এনে অৱস্থাত স্বাভাৱিকতে সকলোৰে মনত উদয় হৈছে সেই প্রশ্ণ– বিপিএফৰ তিনি মন্ত্রী চন্দন ব্রহ্ম, প্রমীলাৰাণী ব্রহ্ম আৰু ৰিহণ দৈমাৰীয়ে কেতিয়াকৈ অসম মন্ত্রীসভাৰ পৰা পদত্যাগ কৰিব? তেওঁলোকে পদত্যাগ নকৰিলে মন্ত্রীসভাৰ পৰা অপসাৰণ কৰা হ’ব নেকি?
এই সম্পর্কত আজি কোকৰাঝাৰত সংবাদ মাধ্যমৰ আগত মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কয়– ‘আমিতো কৈয়েই আছোঁ, তেওঁলোকেহে এৰা নাই৷’ মন্ত্রী ড০ শর্মাৰ মতে, বিপিএফৰ সৈতে তেওঁলোকে পাঁচ বছৰৰ বাবে মিত্রতা কৰিছিল৷ ২০২১ চনৰ এপ্রিল মাহৰ ১২ বা ১৪ তাৰিখে নির্বাচন ঘোষণাৰ লগে লগে বিপিএফৰ সৈতে তেওঁলোক নাই৷ এই সময়ছোৱালৈ বিপিএফৰ তিনি মন্ত্রীয়ে অসম মন্ত্রীসভাত থাকিব খুজিলে থাকিব পাৰে৷ বিপিএফৰ সৈতে পাঁচ বছৰৰ বাবে বিজেপিৰ যি মিত্রতা আছিল, সেই কমিটমেণ্ট বিজেপিয়ে ৰক্ষা কৰিব৷ অৱশ্যে অহা বিধানসভা নির্বাচনত বিপিএফৰ সৈতে বিজেপিৰ কোনো বুজাবুজি নহয়৷ বিটিচি নির্বাচনৰ দৰে বিধানসভা নির্বাচনতো বিটিএডিৰ অধীনস্থ সমষ্টিসমূহত বিজেপিয়ে নিজাববীয়াকৈ নির্বাচন খেলিব৷ ইপিনে, বিপিএফৰ তিনি মন্ত্রীৰ প্রসংগত বিপিএফৰ সভাপতি হাগ্রামা মহিলাৰীৰ স্পষ্ট কথা– ‘আজিয়েই তেওঁলোকক অপসাৰণ কৰক৷’ মহিলাৰীৰ মতে, ‘এনেই মুখেৰে কৈ লাভ নাই৷ মন্ত্রী তিনিজনক আঁতৰাই দিলেই হ’ল৷ বাৰে বাৰে কৈ থকাতকৈ আঁতৰাই প্রেক্টিকেল কৰাই দিয়ক৷’ ইফালে, বিপিএফৰ এক সূত্রই জানিবলৈ দিয়া মতে, যোৱা বিধানসভা নির্বাচনৰ সময়ত প্রধানমন্ত্রী নৰেন্দ্র মোদী আৰু সেই সময়ৰ বিজেপিৰ ৰাষ্ট্রীয় সভাপতি অমিত শ্বাহৰ সৈতে বিপিএফৰ মিত্রতা হৈছিল৷ বিটিচি নির্বাচনৰ ফলাফলৰ পিছতেই বিপিএফৰ তৰফৰ পৰা মিত্রতা ৰখা–নৰখা সম্পর্কত বিজেপিৰ ৰাষ্ট্রীয় নেতৃত্বৰ পৰা স্পষ্ট স্থিতি বিচাৰিব আৰু সেই অনুসৰি দলটোৱে চূড়ান্ত সিদ্ধান্ত গ্রহণ কৰিব৷ ইতিমধ্যে দলটোৱে মানসিকভাৱে বিজেপিৰ সৈতে সম্পর্ক ছেদৰ বাবে একপ্রকাৰ চূড়ান্ত সিদ্ধান্ত গ্রহণ কৰিছে৷ ২০১৬ চনত যিহেতু বিজেপিৰ কেন্দ্রীয় নেতৃত্বৰ সৈতেহে বিপিএফৰ মিত্রতা হৈছিল, সেয়ে বিজেপিৰ ৰাষ্ট্রীয় নেতৃত্বৰ পৰা স্থিতি স্পষ্ট কৰি লৈ বিপিএফে বিজেপিৰে সম্পর্ক ৰখা–নৰখা সম্পর্কত চূড়ান্ত সিদ্ধান্ত গ্রহণ কৰিব৷