কিয় আছুৱে ৰাজহুৱা কৰিলে উচ্চস্তৰীয় সমিতিৰ প্রতিবেদন?
নিয়মীয়া বাৰ্তা ১২ আগষ্টঃ অসম চুক্তিৰ ৬নং দফা ৰূপায়ণৰ বাবে গঠিত উচ্চস্তৰীয় সমিতিৰ প্রতিবেদন কেন্দ্রীয় চৰকাৰে কার্যকৰী নকৰাৰ আশংকাতে আজি সমগ্র প্রতিবেদনখন ৰাজহুৱা কৰিলে সদৌ অসম ছাত্র সন্থাই৷ মঙলবাৰে সংবাদ মেলত আছুৰ সভাপতি দীপাংক কুমাৰ নাথে পোনপটীয়াকৈ ক্ষোভ উজাৰে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাসৰ ওপৰত৷ তেওঁ কয় যে বিজেপিৰ ৰাজ্যিক সভাপতিগৰাকীয়ে টেলিভিছন চেনেলত দিয়া এক সাক্ষাৎকাৰত কৈছে যে প্রতিবেদনখনত কিছুমান কার্যকৰী কৰিব নোৱাৰা বিষয় অন্তর্ভুক্ত হৈ আছে৷ অর্থাৎ মুখ্যমন্ত্রীৰ হাতত জমা দিয়া গোপন প্রতিবেদনখন বিজেপিৰ কিছুসংখ্যক মানুহে ইতিমধ্যে লাভ কৰিছে৷ ইয়াৰ পাছত অসমৰ ৰাইজেও প্রতিবেদনত আচলতে কি আছে, সেয়া জানিব বিচাৰিছে৷ গতিকে আছুৱে প্রতিবেদনখন ৰাজহুৱা কৰাৰ সিদ্ধান্ত ল’লে৷ এই প্রতিবেদনখনত কার্যকৰী কৰিব নোৱাৰা কি কি বিষয় আছে, সেয়া অসমৰ ৰাইজক এতিয়া ৰঞ্জিত দাসে জনাব লাগে৷ যিহেতু অসমৰ ৰাইজৰ সুৰক্ষিত ভৱিষ্যতৰ বাবে এই প্রতিবেদন প্রস্তুত কৰা হৈছে, গতিকে এয়া অসমৰ ৰাইজে জনাটো প্রয়োজনীয় বুলি তেওঁ মন্তব্য কৰে৷ সংবাদ মেলত আছুৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈয়ে কয় যে যোৱা ২৫ ফেব্রুৱাৰীত মুখ্যমন্ত্রীৰ হাতত দাখিল কৰা প্রতিবেদনখন ৰহস্যজনকভাৱে বিজেপিৰ মানুহৰ হাতলৈ গুচি গ’ল৷ চৰকাৰে প্রয়োজনীয় গোপনীয়তা ৰক্ষা কৰিব পৰা নাই৷ একে সময়তে এই প্রতিবেদনত কি আছে, সেয়া জনাৰ অধিকাৰ অসমৰ ৰাইজৰ আছে৷ সেই বাবেই উচ্চস্তৰীয় সমিতিয়ে ৫ মাহ আগত দাখিল কৰা প্রতিবেদনখন আজি ৰাইজৰ হাতত তুলি দিয়া হ’ল৷ ইফালে, আছুৰ মুখ্য উপদেষ্টা ড০ সমুজ্জ্বল ভট্টাচার্যই কয় যে অসমে ১৯৫১ চনৰ পৰা ১৯৭১ চনলৈ বিদেশীৰ বোজা লৈছে৷ সেই বাবে অসম চুক্তিৰ ৬নং দফাৰ জৰিয়তে সাংবিধানিক ৰক্ষাকৱচ প্রদানৰ কথা কোৱা হৈছিল৷ এয়া আমাৰ প্রাপ্য৷ কেব আন্দোলনৰ সময়ত কেন্দ্রই এই দফা ৰূপায়ণৰ বাবে এখন সমিতি গঠন কৰিছিল৷ কিন্তু চুক্তিৰ ৫নং দফাক হত্যা কৰি ৬নং দফা ৰূপায়ণ কৰিবলৈ যোৱা বাবে এই সমিতিত কোনেও অংশগ্রহণ নকৰিলে৷ ইয়াৰ পাছতে দিল্লীত নতুনকৈ চৰকাৰ আহিল৷ এইবাৰ তেওঁলোকে কেব ননাকৈ প্রাক্তন ন্যায়াধীশ বিপ্লৱ কুমাৰ শর্মাৰ নেতৃত্বত আন এখন সমিতি গঠন কৰিলে৷ চুক্তি স্বাক্ষৰকাৰী হিচাপে আছু এই কমিটীৰ অংশীদাৰ হ’ল৷ তাৰ মাজতে আকৌ ‘কা’ আহিল৷ আছুৱে এইবাৰ আন্দোলনৰ সমান্তৰালভাৱে সমিতিত থাকি নিজৰ মতামত জনাই যোৱাৰ সিদ্ধান্ত গ্রহণ কৰিলে৷ নির্দিষ্ট সময়সীমাৰ ভিতৰত প্রতিবেদন প্রস্তুত কৰা হ’ল৷ কিন্তু কেন্দ্রীয় গৃহমন্ত্রীগৰাকীয়ে প্রতিবেদন লোৱাৰ বাবে সময় উলিয়াব নোৱাৰিলে৷ তেওঁৰ হৈ মুখ্যমন্ত্রীয়ে প্রতিবেদন গ্রহণ কৰিলে৷ যিহেতু সমিতিখনক উচ্চস্তৰীয় সমিতি নাম দিয়া হৈছিল, গতিকে ভবা হৈছিল যে কার্যকৰীও কৰা হ’ব৷ অমিত শ্বাহে এই প্রতিবেদন দাঢ়ি, কমাসহ কার্যকৰী কৰা হ’ব বুলি ঘোষণা কৰিছিল৷ ৫ মাহ ধৰি অসমৰ ৰাইজ ৰৈ আছে প্রতিবেদনত কি আছে, সেই কথা জানিবলৈ৷ কিন্তু প্রতিবেদন কার্যকৰী কৰিবৰ বাবে চৰকাৰে কি যো–জা চলাইছে, সেয়াও বিগত সময়ছোৱাত নজনালে৷ গতিকে প্রতিবেদনখনত কি কথা সন্নিৱিষ্ট হৈ আছে, সেয়া জনাৰ অধিকাৰ নিশ্চয় অসমৰ ৰাইজৰ আছে৷ ড০ ভট্টাচার্যই লগতে কয় যে সাধাৰণ পৰামর্শ সম্বলিত প্রতিবেদন এখন চৰকাৰক দাখিল কৰা হোৱা নাই৷ কিদৰে এই পৰামর্শসমূহ সাংবিধানিকভাৱে কার্যকৰী কৰিব পাৰি, তাৰ পথো প্রতিবেদনত দেখুৱাই দিয়া হৈছে৷ সংবাদ মেলত ভিডি’ কনফাৰেঞ্চিঙৰ জৰিয়তে অংশগ্রহণ কৰি বিশিষ্ট অধিবক্তা নিলয় দত্তই কয় যে সমিতিয়ে দাখিল কৰা প্রতিবেদনখন যে সম্পূর্ণ শুদ্ধ বা নিখুঁত হ’ব, সেই দাবী কৰিব পৰা নাযায়৷ গতিকে প্রতিবেদনখন ৰাজহুৱা কৰি দিয়াটো প্রয়োজনীয় আছিল, যাতে ৰাইজেও নিজৰ মতামত ব্যক্ত কৰিব পাৰে৷ প্রতিবেদনখন ৰাজহুৱা কৰি দিয়া বাবে তেওঁ আছু নেতৃত্বক অভিনন্দন জনায়৷ তেওঁ লগতে আশা প্রকাশ কৰে যে অসম চৰকাৰ আৰু ভাৰত চৰকাৰে সোনকালে প্রতিবেদনখন কার্যকৰী কৰিবৰ বাবে ব্যৱস্থা গ্রহণ কৰিব৷ লক্ষণীয় কথাটো হ’ল প্রতিবেদনখনত বিপ্লৱ শর্মা নেতৃত্বাধীন সমিতিখনৰ সকলো সদস্যই স্বাক্ষৰ কৰিছে যদিও সদস্য সচিব তথা কেন্দ্রীয় চৰকাৰৰ প্রতিনিধি এছ গার্গে স্বাক্ষৰ কৰাৰ পৰা বিৰত থাকিল৷ এয়া কেন্দ্রীয় চৰকাৰৰ আন্তৰিকতাহীনতাৰ প্রতিফলন বুলি ড০ সমুজ্জ্বল ভট্টাচার্যই মন্তব্য কৰে৷
প্রতিবেদনত কি আছে?
অসম চুক্তিৰ ৬নং দফা ৰূপায়ণ সম্পর্কীয় উচ্চস্তৰীয় সমিতিৰ চূড়ান্ত প্রতিবেদনত ‘অসমীয়া’ মানুহৰ সাংবিধানিক সুৰক্ষাৰ বাবে কেইবাটাও অতি গুৰুত্বপূর্ণ পৰামর্শ সন্নিৱিষ্ট কৰা হৈছে৷ লগতে এই পৰামর্শসমূহ কার্যকৰী কৰাৰ পথো দেখুৱাই দিয়া হৈছে৷ প্রাক্তন ন্যায়াধীশ বিপ্লৱ কুমাৰ শর্মা নেতৃত্বাধীন সমিতিখনে যোৱা ২৫ ফেব্রুৱাৰীত দাখিল কৰা প্রতিবেদনত ‘অসমীয়া’ৰ বাবে সংসদ, বিধানসভা আৰু স্থানীয় নিগম–নিকায়ত ৮০ৰ পৰা ১০০ শতাংশ আসন সংৰক্ষণৰ প্রস্তাৱ দিয়া হয়৷ ইয়াৰ ভিতৰত পূর্বৰ সংৰক্ষণসমূহো অন্তর্ভুক্ত হৈ আছে৷ ষষ্ঠ অনুসূচীৰ অধীনস্থ অঞ্চলসমূহতো এই সংৰক্ষণ প্রযোজ্য হ’ব৷ সদৌ অসম ছাত্র সন্থাই এইক্ষেত্রত ১০০ শতাংশ আসন সংৰক্ষণৰ পোষকতা কৰিছিল যদিও সমিতিয়ে সর্বসন্মত সিদ্ধান্তমর্মে ৮০ৰ পৰা ১০০ শতাংশ সংৰক্ষণৰহে পৰামর্শ প্রতিবেদনখনত আগবঢ়ায়৷ ইফালে, ৰাজ্য চৰকাৰে গঠন কৰা ৰাভা হাছং, তিৱা, মিচিং, ঠেঙাল কছাৰী আৰু সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদক সম্পূর্ণ বিত্তীয় আৰু প্রশাসনিক সহযোগিতা আগবঢ়োৱাৰো প্রস্তাৱ দাঙি ধৰা হৈছে৷ প্রতিবেদনত উল্লিখিত এটা গুৰুত্বপূর্ণ বিষয় হ’ল উচ্চ সদনৰ গঠন৷ অসমৰ সকলো অনুসূচিত জাতি, জনজাতি, জনগোষ্ঠী আৰু অন্য সম্প্রদায়ৰ জনসংখ্যা অনুপাতে নির্বাচিত প্রতিনিধিৰ দ্বাৰা এখন উচ্চ সদন গঠন কৰিবলৈ পৰামর্শ দিয়া হৈছে৷ এইক্ষেত্রত সংবিধানৰ ৩৭১ (বি) অনুচ্ছেদ সংশোধনৰ প্রয়োজনীয়তা আছে৷ একেদৰে অসমতো ইনাৰ লাইন পার্মিট ব্যৱস্থা প্রৱর্তন কৰিবলৈ কোৱা হৈছে৷ উচ্চস্তৰীয় সমিতিয়ে আগবঢ়োৱা পৰামর্শ অনুসৰি সকলো কেন্দ্রীয়, অর্ধকেন্দ্রীয়, ৰাজ্য চৰকাৰ, কেন্দ্রীয় ৰাজহুৱা খণ্ড আৰু ব্যক্তিগত খণ্ডৰ তৃতীয় আৰু চতুর্থ শ্রেণীৰ চাকৰিত ৮০ৰ পৰা ১০০ শতাংশ ‘অসমীয়া’ৰ বাবে সংৰক্ষণ কৰিব লাগে৷ আনহাতে, চৰকাৰৰ অধীনস্থ সংস্থাত ৮০–১০০ শতাংশ আৰু ব্যক্তিগত অংশীদাৰিত্ব থকা সংস্থাত ৭০–১০০ শতাংশ চাকৰি ‘অসমীয়া’ৰ বাবে সংৰক্ষিত হোৱা উচিত৷