২ নিৰীহৰ প্ৰাণকঢ়া গোনা ম’হক গুলীয়াই হত্যাঃ বিশ্বনাথত ২৪ ঘণ্টীয়া আতংকৰ অন্ত
নিয়মীয়া বাৰ্তা, ১৫ জানুৱাৰীঃ কাজিৰঙাৰ পৰা ওলাই অহা এটা উন্মত্ত ম’হে তাণ্ডৱ চলাইছিল বিশ্বনাথত। ২৪ ঘণ্টাৰ ভিতৰত বনৰীয়া ম’হটোৰ আক্ৰমণত প্ৰাণ হেৰুৱাবলগীয়া হৈছিল দুগৰাকী লোক জয়ন্ত দাস আৰু শুকুৰ আলীয়ে।
বিশ্বনাথৰ মটক গাঁৱৰ জয়ন্ত দাস নামৰ লোকগৰাকী কালি নিহত হোৱাৰ পিছতে বিশ্বনাথৰ বন বিভাগৰ কাৰ্যালয়-গাড়ী জ্বলাই প্ৰতিবাদ কৰিছিল গাঁওবাসীয়ে। খবৰ দিয়াৰ পিছতো পলমকৈ উপস্থিত হোৱা বন বিভাগৰ গাফিলতিৰ অভিযোগ আনি ক্ষুব্ধ গাঁওবাসীয়ে জ্বলাই দিয়া গাড়ীৰ জুই নুমুৱাবলৈ অহা অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ীৰ প্ৰৱেশতো দিছিল বাধা।
ইয়াৰ পিছত বন বিভাগে বিচাৰ-খোঁচাৰ কৰিও ম’হক বিচাৰি পোৱা নাছিল। আজি পুৱা পুনৰ ১ নং শোলমাৰীৰ শুকুৰ আলী নামৰ লোকগৰাকীৰ মৃত্যুদূত হৈ আহিল সেই একেটা ম’হ। আক্ৰমণত প্ৰাণ গৈছিল শুকুৰ আলীৰ। খবৰ পায়েই উপস্থিত হোৱা বন বিভাগে ম’হটোক বনাঞ্চললৈ খেদিবলৈ চলালে চেষ্টা।
কিন্তু ওভতাই বন বিভাগলৈ চোঁচা লয় ম’হটোৱে আৰু আত্মৰক্ষাৰ স্বাৰ্থতে ম’হটোক গুলীয়াই হত্যা কৰে। বিশ্বনাথৰ ২৪ ঘণ্টীয়া আতংকৰ অন্ত পৰে এইদৰে।
কিন্তু প্ৰশ্ন উঠিছে কিয় এইদৰে জনাঞ্চললৈ আহি তাণ্ডৱ চলালে ম’হে। মাত্ৰ কেইদিনমান আগেয়ে নগাঁৱতো বনৰীয়া ম’হে আক্ৰমণ কৰি আহত কৰিছিল ৬ গৰাকীকৈ লোকক। হাতীৰ পিছত এইবাৰ ম’হৰ জনাঞ্চলত প্ৰৱেশৰ বিষয়টো সেয়ে হৈছে চিন্তনীয় প্ৰসংগ।