নিয়মীয়া বাৰ্তা, দুলিয়াজান, ১৬ ফ্ৰেব্ৰুৱাৰীঃ দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা এজাক বন্যহস্তীয়ে ২ নং কঠালগুৰী, নগাজান আৰু কাটনি গাঁৱত তাণ্ডৱলীলা চলাই কেইবাটাও পৰিয়ালৰ ঘৰ-দুৱাৰ, ভঁৰাল ভাঙি তচনচ কৰে। ১৪ ফেব্ৰুৱাৰীৰ পুৱতি নিশা সংঘটিত হৈছে এই ঘটনা। বন্যহস্তীৰ দলে আক্ৰমণ চলাই নগাজানৰ লীলন মুঢ়া, অৰুণ গড়, আনন গড়, সুৰেশ ৰায়, জীত গড় আৰু কাটনী গাঁৱৰ কৃষ্ঠ উৰাং, বিষ্ণু মুঢ়া, ২নং কঠালগুৰীৰ মৃণাল মুঢ়া, হোমেন হাজৰিকা, পবিত্র মুঢ়া, ৰঞ্জিত মুঢ়াৰ গৃহ-ভঁৰাল সমূলঞ্চে ধ্বংস কৰে। এই ঘটনাত ক্ষুব্ধ হৈ গঞা ৰাইজে বন বিভাগৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহে। প্ৰতিবাদী ৰাইজে দিহিংপাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ কঁঠালগুৰি বিট অফিচৰ সন্মুখত হাতী আক্ৰমণত ক্ষতিসাধন হোৱা পৰিয়ালক ক্ষতিপূৰণৰ দাবী জনাই দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে।
কিন্তু এই সময়ছোৱাত প্ৰতিবাদী ৰাইজৰ কাষত চৰাইপুং বনাঞ্চলিক কাৰ্যালয় আৰু ডিগবৈ বন সংমণ্ডলৰ কোনো বিষয়া উপস্থিত নোহোৱাত প্ৰতিবাদকাৰী ৰাইজ ক্ষোভত ফাটি ডিগবৈ-দুলীয়াজান পথ অৱৰোধ কৰে। পথ অৱৰোধৰ ফলত পথটোত দুয়ো দিশৰ পৰা অহা সকলো বাহনসমূহ আৱদ্ধ হৈ পৰে। ৰাইজৰ প্ৰতিবাদত সেও মানি ক্ষন্তেক পিছতে প্ৰতিবাদস্থলীত ডিগবৈ বন প্ৰাধিকৰণ বিষয়া আৰু চৰাইপুং বনাঞ্চলিক বিষয়া প্ৰতিবাদস্থলীত উপস্থিত হৈ পৰিস্থিতি বুজ লোৱাৰ লগতে ক্ষতিগ্ৰস্ত পৰিয়ালসমূহক ক্ষতিপূৰণ প্ৰদানৰ আশ্বাস দিয়ে। এই সময়তে প্ৰতিবাদী ৰাইজে বন্যহস্তীয়ে ক্ষতি কৰা পৰিয়ালক উচিত ক্ষতিপূৰণ দিয়া আৰু দিহিংপাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ সীমাত শীঘ্ৰে নলা খান্দি ৰাইজক সুৰক্ষা প্ৰদানৰ দাবী জনাই বন বিষয়াক এখন স্মাৰকপত্ৰ প্ৰদান কৰে। আটছাৰ নেতা গবিন ওৰাং, টাইপাৰ কেন্দ্ৰীয় প্ৰচাৰ সম্পাদক মানস প্ৰতিম গগৈ আদি নেতা সকলেও প্ৰতিবাদী ৰাইজৰ সৈতে বন বিভাগৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে।