নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দ্বিতীয় বিবাহেই কাল হ’লঃ চাৰি পাষণ্ডৰে মিলি খুলশালীয়েকে চলোৱা অত্যাচাৰত প্ৰাণ গ’ল ভিনীহিয়েকৰ

নিয়মীয়া বাৰ্তা, ১১জুনঃ সভ্য সমাজক লজ্জানত কৰা এক জঘন্য ঘটনা সংঘটিত কৰা চাৰি অভিযুক্তক ঘিলামৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰা ঘটনান চাঞ্চ্যল্য সৃষ্টি কৰিছে । প্ৰাপ্ত খবৰ অনুসৰি ঘিলামৰা থানাৰ অন্তৰ্গত পাতৃচুকৰ নিবাসী দিনেশ কামানে প্ৰথমা পত্নীৰ বৰ্তমানতো আন এগৰাকী বিবাহিতাক পত্নীৰ মৰ্যদা দিয়াত প্ৰথম পত্নী গৃহ তথা পৰিয়ালৰ মাজত এক আক্ৰোশ মূলক বাতাবৰণৰ সৃষ্টি হয় আৰু দীনেশ কামানক দুয়োগৰাকী পত্নীৰ সৈতে ৰাজহুৱা বিচাৰৰ বাবে পাতৃচুকলৈ মাতি আনি খুলশালীয়ে যুগেশ্বৰ চুংক্ৰাংৰ ঘৰত একাংশ যুবকে মিলি ৭ জুনৰ পৰা চলোৱা অমানুষিক অত্যাচাৰ সামান্তৰাল ভাবে ১০জুন দিনা উপযুপৰি কৰা প্ৰহাৰত পূবা পাঁচ বজাত দীনেশ কামানৰ মৃত্যু হয়। ইফালে দ্বিতীয় পত্নীৰ বৰ্তমানত অমানুষিক অত্যাচাৰ কৰি হত্যাকাণ্ড সংঘটিত কৰা মূল হত্যাকাৰী পাঁচজন ওপৰত দিনেশ কামান দ্বিতীয় পত্নী ৰীনা কামানে ঘিলামৰা আৰক্ষী থানাত তৰা গোচৰৰ ভিত্তিত ঘিলামৰা আৰক্ষী থানা ৰ প্ৰভাৰী চন্দন দাস আৰু উপ -পৰিদৰ্শক হেমন্ত কুমাৰ কোঁৱৰ নেতৃত্বত যোৱা এটি আৰক্ষী দলে স্থানীয় ৰাইজৰ সহযোগত ৪ জন মূল অভিযুক্ত যুগেশ্বৰ চুংক্ৰাং(৩৩) লাগবিয়া উৰফে আদিত্য চুংক্ৰাং (৩১) বিজুলী চুংক্ৰাং (২৩) আৰু কুজেন দলে (৩৮) ক গেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰাৰ বিপৰীতে।অন্য এজন হত্যাকাৰী পলায়ন কৰিবলৈ সক্ষম হৈছে । ঘিলামৰা আৰক্ষীয়ে ইতিমধ্যে সোবনশিৰি ৰাজহ চক্ৰৰ চক্ৰ বিষয়া দ্বাৰা পৰ্যবেক্ষণ অন্তত দিনেশ কামান মৃতদেহ মৰনোত্তৰ পৰীক্ষা বাবে লখিমপুৰৰ মেডিকেল কলেজলৈ প্ৰেৰণ কৰা হৈছে বুলি ঘিলামৰা আৰক্ষী সূত্ৰে জানিব পৰা গৈছে।

প্ৰেৰক ৰাজেশ কুমাৰ বুঢ়াগোহাঞি

You might also like