নিয়মীয়া বাৰ্তা, ২ আগষ্ট: চিৰাং জিলাত পুনৰ ডাইনী সন্দেহত দুটি পৰিয়ালক একাংশ অন্ধবিশ্বাসী লোকে শাৰিৰীক ভাৱে আক্ৰমণ কৰি প্ৰাণে মৰাৰ চেষ্টা কৰাৰ দৰে ঘটনা সংঘটিত হৈছে । যোৱানিশা প্ৰায় ১০:৩০ বজাত জিলা খনৰ ৰুণিখাটা থানাৰ অন্তৰ্গত ভূৰবস্তি গাঁৱত একাংশ অন্ধবিশ্বাসী উত্তেজিত লোকে গাঁওখনৰে বাসিন্দা প্ৰয়াত চাওতাল সূত্ৰধৰৰ পুত্ৰ পৰমেশ্বৰ সূত্ৰধৰ (৪৭) আৰু পৰমেশ্বৰৰ পত্নী মঞ্জুলা সূত্ৰধৰ(৩৫)ক ডাইনী সন্দেহত শাৰিৰীক ভাৱে আক্ৰমণ কৰে । হাতত লাঠি আৰু অন্যান্য চোকা অস্ত্ৰ লৈ অহা অন্ধবিশ্বাসী উত্তেজিত লোক সকলে সূত্ৰধৰ দম্পতীৰ উপৰিও চুবুৰীয়া তথা প্ৰয়াত ইন্দ্ৰজিৎ বসুমতাৰীৰ পত্নী গেন্দ্ৰী বসুমতাৰীকো(৬৫) শাৰিৰীক ভাৱে আক্ৰমণ কৰে । উত্তেজিত লোক সকলৰ আক্ৰমণত তিনিও জন গুৰুতৰভাবে আঘাতপ্ৰাপ্ত হয় । উত্তেজিত লোক সকলে ডাইনী সন্দেহত পৰিয়াল দুটিক আক্ৰমণ কৰাৰ খবৰ পোৱাৰ লগে লগে ৰুণিখাটা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সদলবলে ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে আৰু আহত লোক তিনিজনক উদ্ধাৰ কৰি প্ৰথমে থানালৈ আনে। তাৰ পাছতে সূত্ৰধৰ দম্পতীৰ লগতে বৃদ্ধা গেন্দ্ৰী বসুমতাৰীক ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰি চিকিৎসা প্ৰদানৰ ব্যৱস্থা কৰে। উল্লেখ্য যে বিগত সময়চোৱাত জিলাৰ ভিতৰতে ৰুণিখাটা আৰক্ষী থানাৰ অন্তৰ্গত বহু অঞ্চলত এইধৰণৰ ঘটনা সৰ্বাধিক সংঘটিত হৈছে । যোৱানিশাৰ ঘটনা সংক্ৰান্তত ৰুণিখাটা থানাত ৫১/২০২০ নম্বৰত ভাৰতীয় দণ্ড বিধি আইনৰ ধাৰা ১৪৩/৩২৫/৩০৭/৩৭৯/৫০৬ ৰ (R/W Sectio 4 Assam Witch Hunting Act.2015) অধীনত গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে ।জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰকাশ মেধি অঞ্চলটোত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ পদক্ষেপ গ্ৰহণ কৰে। ইতিমধ্যে বিষয়া জনৰ উদ্যোগত এখন শান্তি সভা অনুষ্ঠিত কৰা হৈছে । চিৰাং জিলা আৰক্ষী অধীক্ষক সুধাকৰ সিঙে আজি সংবাদ মাধ্যমক জানিবলৈ দিয়া মতে বৰ্তমান অঞ্চলটোৰ পৰিস্থিতি নিয়ন্ত্ৰনাধীন তথা শান্ত হৈ পৰিছে ।