নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দুর্নীতিৰ সৈতে সহবাস মন্ত্রী ফণীভূষণ চৌধুৰীৰ

বঙাইগাঁৱত অগপৰ জ্যেষ্ঠ নেতাক তুলাধুনা কংগ্রেছ নেতা শংকৰ প্রসাদৰ

নিয়মীয়া বাৰ্তা ৫ জানুৱাৰীঃ মন্ত্রী ফণীভূষণ চৌধুৰীক দুর্নীতিৰ সম্রাট আখ্যা বঙাইগাঁও জিলা কংগ্রেছৰ সভাপতি শংকৰ প্রসাদ ৰায়ৰ৷ যোৱা ২ জানুৱাৰীত বঙাইগাঁৱত ছাত্রীৰ মাজত স্কুটী বিতৰণ অনুষ্ঠানত স্থানীয় বিধায়ক তথা মন্ত্রী ফণীভূষণ চৌধুৰীয়ে অংশগ্রহণ কৰি সংবাদ মাধ্যমৰ আগত কৈছিল যে তেওঁ দুর্নীতিৰ লগত আপোচ নকৰে৷ যাৰ বাবে বঙাইগাঁও জিলা পৰিষদৰ অন্তর্গত ডাংতল ব্লকত সংঘটিত দুর্নীতি সন্দর্ভত তদন্ত কৰিবলৈ দিছে৷ মন্ত্রীগৰাকীৰ এই মন্তব্য হাস্যকৰ বুলি মন্তব্য কৰিছে বঙাইগাঁও জিলা কংগ্রেছৰ সভাপতি শংকৰ প্রসাদ ৰায়ে৷ বৃহত্তৰ বঙাইগাঁও প্রেছ ক্লাবত আজি আয়োজন কৰা এখন সংবাদ মেলত শংকৰ প্রসাদ ৰায়ে লগতে কয় যে বঙাইগাঁৱৰ এক নম্বৰ দুর্নীতিগ্রস্ত তথা মাফিয়া ব্যক্তি হৈছে এছ আই কেলেংকাৰিত জড়িত তথা জে’লত বন্দী হৈ থকা অক্ষয় চান্দ বৈদ৷ তেওঁ হৈছে মন্ত্রী ফণীভূষণ চৌধুৰীৰ মূল ব্যক্তি আৰু সোঁহাতস্বৰূপ৷ মন্ত্রীগৰাকী নিকা হ’লে এনে দুর্নীতিগ্রস্ত মাফিয়াৰ সৈতে ঘনিষ্ঠতা ৰক্ষা কৰি নচলিলেহেঁতেন৷ ডাংতল ব্লকত সংঘটিত দুর্নীতিৰ তদন্ত সন্দর্ভত তেওঁ কয় যে যিহেতু ডাংতল গাঁও পঞ্চায়তৰ সভাপতিসহ অধিকাংশ নির্বাচিত প্রতিনিধিয়ে অগপ এৰি অজাপত যোগদান কৰিছে, তাৰ বাবেই এই তদন্ত ঘোষণা কৰিছে৷ তদন্ত ঘোষণা কৰাৰ আন এটা কাৰণ হৈছে ভয়–ভীতি দেখুওৱা৷ দল ত্যাগ কৰাসকলে পুনৰ অগপ দললৈ ঘূৰি অহাৰ বাবে এনে ভয়–ভীতি দেখুওৱা হৈছে৷ তেওঁ লগতে কয় যে ইমানদিনে যেতিয়া অগপৰ নেতৃত্বত পঞ্চায়তখন চলিছিল, তেতিয়া দুর্নীতি দেখা পোৱা নাছিল নেকি মন্ত্রীগৰাকীয়ে৷ মন্ত্রী ফণীভূষণ চৌধুৰীয়ে দুর্নীতিৰ সৈতে সহবাস কৰি থকা বুলিও তেওঁ মন্তব্য কৰে৷

তেওঁ লগতে কয় যে ডাংতল ব্লকৰ অধীনত অগপৰ দখলত থকা ১৩খন পঞ্চায়ততেই চলিছে দুর্নীতি৷ গতিকে আটাইবোৰ পঞ্চায়ততেই তদন্ত ঘোষণা কৰিবলৈ তেওঁ দাবী জনায়৷ মন্ত্রীগৰাকীৰ বিৰুদ্ধে আন এটা অভিযোগ উত্থাপন কৰি কয় যে মন্ত্রী ফণীভূষণ চৌধুৰীয়ে সৰু সৰু কথাতে নিজৰ ক্ষমতাৰ অপব্যৱহাৰ কৰি আহিছে৷ তেওঁ লগতে কয় যে বঙাইগাঁৱত যিমান চৰকাৰী কাম হৈ আছে, অধিকাংশ কামৰ তথ্যৰ ফলক লগোৱা নাই৷ ইয়াৰ পৰাই অনুমান কৰিব পাৰি বঙাইগাঁৱত কিমান স্বচ্ছতাৰে চৰকাৰী কাম চলিছে৷ যোগান বিভাগৰ দায়িত্বত থকা মন্ত্রীগৰাকীয়ে নিজ দায়িত্ব পালনতো ব্যর্থতা প্রদর্শন কৰা বুলি অভিযোগ কৰে তেওঁ৷ তেওঁ লগতে কয়– মন্ত্রী ফণীভূষণে নিত্য প্রয়োজনীয় সামগ্রীৰ দাম নিয়ন্ত্রণ কৰিব পৰা নাই৷ আনহাতে, এছ আই কেলেংকাৰিৰ বিৰুদ্ধে চলিত মাহতে আন্দোলনৰ কার্যসূচী গ্রহণ কৰিব বুলিও তেওঁ সংবাদ মেলযোগে জানিবলৈ দিয়ে৷

You might also like