১৫ দিনতে গুৱাহাটীলৈ অইলৰ মুখ্য কার্যালয়
অচিৰেই দিল্লীৰ নইদাস্থিত কর্প’ৰেট কার্যালয়ৰ ঠিকনা সলনি হ’ব
নিয়মীয়া বাৰ্তা ১৯ আগষ্টঃ অইল ইণ্ডিয়া লিমিটেড (অইল)ৰ নইদাস্থিত কর্প’ৰেট মুখ্য কার্যালয় স্থানান্তৰ হোৱাক কেন্দ্র কৰি ব্যাপক চর্চা অব্যাহত থকাৰ মাজতে কেন্দ্রীয় পেট্র’লিয়াম আৰু প্রাকৃতিক গেছ দপ্তৰৰ ৰাজ্যিক মন্ত্রী ৰামেশ্বৰ তেলীয়ে আজি এক গুৰুত্বপূর্ণ ঘোষণা কৰিছে৷ কেন্দ্রীয় মন্ত্রী তেলীয়ে দুলীয়াজানত এখন ৰাজহুৱা সভাত অংশগ্রহণ কৰি স্পষ্টভাৱে কয় যে অহা ১৫ দিনৰ ভিতৰত অইলৰ দিল্লীৰ নইদাস্থিত মুখ্য কর্প’ৰেট কার্যালয় গুৱাহাটীৰ ভি আই পি ৰোডলৈ স্থানান্তৰ হ’ব৷ লগতে তেওঁ সদৰী কৰা অনুসৰি এসপ্তাহৰ ভিতৰত দুলীয়াজান টাউনশ্বীপক নতুনত্ব প্রদানৰ লক্ষ্যৰে আধাৰশিলা স্থাপন কৰা হ’ব৷
উল্লেখ্য যে কেন্দ্রীয় মন্ত্রী তেলীক আজি দুলীয়াজানত বিজেপিৰ তৰফৰ পৰা দলীয় কর্মকর্তাসকলে বিপুল উছাহেৰে সম্ভাষণ জনায়৷ এই অনুষ্ঠানতে কেন্দ্রীয় মন্ত্রীজনে কৰা উক্ত ঘোষণাই কার্যতঃ অসমবাসীক উৎসাহিত কৰিছে৷ কেন্দ্রীয় মন্ত্রীজনে পেট্র’লিয়াম আৰু প্রাকৃতিক গেছ তথা শ্রম আৰু নিয়োগ মন্ত্রালয়ৰ ৰাজ্যিক মন্ত্রিত্বৰ দায়িত্ব লাভ কৰাৰ পাছত বুধবাৰে প্রথমবাৰৰ বাবে গৃহ সমষ্টি দুলীয়াজানত উপস্থিত হয়৷ এই উপলক্ষে নাওহলীয়া গাঁও পঞ্চায়তৰ প্রেক্ষাগৃহত বিজেপিৰ দুলীয়াজান–টেঙাখাত মণ্ডলৰ উদ্যোগত এখন সম্বর্ধনা সভাৰ আয়োজন কৰা হৈছিল৷ এই সভাত উপস্থিত থাকি কেন্দ্রীয় মন্ত্রী তেলীয়ে ভাষণৰ আৰম্ভণিতে চাহ বাগিচাৰ শ্রমিকৰ সন্তান হিচাপে নাওহলীয়া অঞ্চলৰ পৰাই ৰাজনৈতিক যাত্রা আৰম্ভ কৰাৰ স্মৃতি ৰোমন্থন কৰে৷ তেওঁ কয়– সপোন দেখিব লাগে যদিও মই কেতিয়াও সপোন দেখা নাছিলোঁ৷ অতি উচ্চাকাংক্ষাও নাছিল৷ দলে যি দায়িত্ব দিছে, তাকে আশীর্বাদস্বৰূপে পালন কৰি আহি বর্তমানৰ অৱস্থাত উপনীত হৈছোঁ৷ চাহ জনগোষ্ঠীয় সংগঠনৰ নেতাৰ পৰা বিভিন্ন উত্থান–পতনৰ মাজেৰে বিধায়ক–সাংসদ আৰু শেহতীয়াভাৱে লণ্ডন ৱ’ল্ড বুক অৱ ৰেকর্ডছে ‘চার্টিফিকেট অৱ কমিটমেণ্ট’ প্রদান কৰাক লৈ কেন্দ্রীয় মন্ত্রী তেলীয়ে যথেষ্ট উৎফুল্লিত হৈ ইয়াৰ অংশীদাৰ হিচাপে দুলীয়াজানবাসীক কৃতজ্ঞতা জ্ঞাপন কৰে৷ তেওঁ পুনৰ কয় যে নতুন দপ্তৰৰ দায়িত্বভাৰ লৈয়ে ৬০ দশক পুৰণি ঔদ্যোগিক নগৰী দুলীয়াজানক টাউনশ্বীপৰ নব্য ৰূপ দিয়াৰ উদ্দেশ্যে এসপ্তাহৰ ভিতৰতে ইয়াৰ আধাৰশিলা স্থাপন কৰা হ’ব৷
ইয়াৰ ফলত অইলৰ কার্যালয় আৰু ইয়াৰ পৃষ্ঠপোষকতাত চলি অহা অইল হাস্পতাল, অইল আৱাস, বজাৰগৃহ আদি সকলোতে আধুনিকতাৰ পৰশ পাব৷ লগতে বাট–পথ আদিৰ ক্ষেত্রতো নতুন চিন্তাচর্চাৰ উন্মেষ ঘটিব৷ দুলীয়াজানৰ ভাদৈ টিপামত চাওলুং চুকাফাৰ প্রতিমূর্তি আৰু টিপাম দেওশাল পাহাৰলৈ আন এটা খটখটী নির্মাণৰো তেওঁ পোষকতা কৰে৷ কেন্দ্রীয় মন্ত্রী তেলীয়ে ভাষণ প্রসংগত কয় যে বহিঃৰাষ্ট্রৰ পৰা খাৰুৱা তেলৰ আমদানি হ্রাস কৰি ঘৰুৱা উৎপাদন বৃদ্ধিৰ লক্ষ্য আৰু খাৰুৱা তেলৰ সময়োপযোগী বিকল্পৰ ব্যৱহাৰৰ ক্ষেত্রত গুৰুত্ব প্রদান কৰা হৈছে৷ এইক্ষেত্রত নাজিৰা অ’ এন জি চিৰ লোকচানমুখী এছেট ৯০ শতাংশ থলুৱা লোকেৰে জড়িত অইলৰ সৈতে চামিল কৰা, নাগালেণ্ডত খাৰুৱা তেল অন্বেষণ আৰু উৎপাদন, ৩ মিলিয়ন মেট্ৰিকটনৰ পৰা ৯ মিলিয়ন মেট্ৰিকটনলৈ উৎপাদন বৃদ্ধি কৰা, এন আৰ এলে ফিনলেণ্ডৰ টেকন’লজী ব্যৱহাৰ কৰি বার্মাৰ বাঁহৰ পৰা তেল উৎপাদন কৰা ইত্যাদি বিভিন্ন পৰিকল্পনা প্রস্তুত আৰু কার্যকৰী কৰাৰ দিশে ভাৰত চৰকাৰৰ পেট্ৰলিয়াম দপ্তৰ অগ্রসৰ হৈছে৷ অচিৰেই অইল ইণ্ডিয়াৰ দুলীয়াজান–খাৰচাং সংযোগী এডাল গেছ পৰিবাহী পাইপলাইন স্থাপনৰ কথাও উল্লেখ কৰে মন্ত্রী ৰামেশ্বৰ তেলীয়ে৷ সেইদৰে দেশত ব্যক্তিগত অথবা চৰকাৰীভাৱে পঞ্জীয়নভুক্ত প্রায় ৭৭ হাজাৰ পেট্ৰল পাম্পৰ ভিতৰত ৫০ হাজাৰ পেট্ৰল পাম্পত টেন্সফর্মাৰ সংলগ্ণ কৰাৰ সিদ্ধান্ত লৈছে কেন্দ্রীয় চৰকাৰে৷ য’ত বেটেৰীচালিত বাহনবিলাকে চার্জ দিব পাৰিব৷
আনহাতে অসমৰ পোনপ্রথম ডিগবৈ প্রান্তত কেনেকৈ খাৰুৱা তেলৰ আৱিষ্কাৰ হৈছিল, সেই সন্দর্ভত পর্যটকক দেখুৱাবৰ বাবে গুৱাহাটীত এটা মিউজিয়াম, জালুকবাৰী সমষ্টিত ১০০ বিঘা মাটিত এন আৰ এল ৰিফাইনেৰীৰ তেল ৰিজার্ভাৰ স্থাপন, অট’মবাইল খণ্ডৰ ইন্ধনৰ খুচুৰা বিক্রীৰ ক্ষেত্রত অসমসহ উত্তৰ–পূবত ১২০টা আউটলেট স্থাপন, লাহোৱাল সমষ্টিত শংকৰদেৱ কলাক্ষেত্রৰ ব্রাঞ্চ , চাবুৱা সমষ্টিত অনিৰুদ্ধ দেৱৰ নামত স্প’টছ ইউনিভার্ছিটী, ক্রীড়া প্রকল্প উন্নয়নৰ অর্থে প্রত্যেকটো সমষ্টিতে প্রায় ৩০ বিঘাকৈ মাটিত ১০ কোটি টকাকৈ অনুদানেৰে ষ্টেডিয়াম নির্মাণৰ পৰিকল্পনা কৰি ইতিমধ্যে কাম–কাজ আগবঢ়াৰ কথা উল্লেখ কৰে মন্ত্রী ৰামেশ্বৰ তেলীয়ে৷ আনহাতে চাহবাগিচাৰ শ্রমিকৰ আৱাসত জল জীৱন আঁচনিৰ সহায়ত পানী যোগান, ৰন্ধন গেছৰ সংযোগ, শ্রম বিভাগত বাগিচাৰ শ্রমিকৰ নাম পঞ্জীয়ন আদি কৰি কেইবাটাও সুবিধা প্রদান কৰি চাহ শ্রমিকসকলৰ শতিকাজোৰা কষ্টকৰ জীৱনশৈলী অতি শীঘ্রে উন্নত কৰাৰ আশ্বাস প্রদান কৰে পেট্ৰ’লিয়াম আৰু গেছ তথা শ্রম দপ্তৰৰ কেন্দ্রীয় ৰাজ্যিক মন্ত্রী ৰামেশ্বৰ তেলীয়ে৷ ভাষণ প্রসংগত কেন্দ্রীয় ৰাজ্যিক মন্ত্রী ৰামেশ্বৰ তেলীয়ে নিটি আয়োগৰ ৰিপ’ট অনুসৰি তেওঁৰ পূর্ব খাদ্য আৰু সংসাধন দপ্তৰে দেশৰ ভিতৰতে গ্রেড ১ স্বীকৃতি পোৱাৰ কথা উল্লেখ কৰে৷
এইক্ষেত্রত পূর্ব দপ্তৰৰ অধীনত অসমৰ ভিন্ন প্রান্তত ৬টাকৈ মিনি ফুড পার্ক স্থাপনৰ অনুমোদনৰ কথা উল্লেখ কৰাৰ লগতে খাদ্য সংসাধনৰ অধীনত ভাৰতবর্ষত ২ লাখ উদ্যোগৰ ভিতৰত অসমত ২০ হাজাৰ আৰু কেৱল ডিব্রুগড জিলাতে ৫০টাকৈ উদ্যোগ স্থাপনৰ অনুমোদনৰ বিষয়ে জানিবলৈ দিয়ে৷ দুলীয়াজান বিজেপি মণ্ডলৰ সভাপতি সুদর্শন বসুমতাৰীয়ে আঁত ধৰা সভাত দুলীয়াজানৰ বিধায়ক তেৰছ গোৱালা, তিনিচুকীয়া জিলা বিজেপিৰ সাধাৰণ সম্পাদক পুলক চেতিয়াৰ উপস্থিতিত দুলীয়াজান আৰু টেঙাখাত মণ্ডল সমিতি, প্রাক্তন কংগ্রেছী বিধায়িকা অমিয়া গগৈৰ পুত্র ন–বিজেপি ধ্রুৱজ্যোতি গগৈ, সমষ্টিৰ নির্বাচিত জিলা পৰিষদৰ সদস্য, গাঁও পঞ্চায়তৰ সভাপতি, আঞ্চলিক পৰিষদৰ সদস্য, বিজেপিৰ সমূহ মর্চাৰ সমিতিসমূহৰ উপৰি দলীয় কার্যকর্তা আৰু বি চি পি এলে সম্বর্ধনা জ্ঞাপন কৰে পেট্ৰ’লিয়াম আৰু গেছ তথা শ্রম দপ্তৰৰ কেন্দ্রীয় ৰাজ্যিক মন্ত্রী ৰামেশ্বৰ তেলীক৷