মাজুলী মহাবিদ্যালয়-কোকৰাঝাৰৰ বনৰগাঁও মণ্ডল বিজেপিৰ মহিলা মৰ্চাৰ উদ্যোগত আন্তৰ্জাতিক নাৰী দিৱস পালন
মাজুলী মহাবিদ্যালয়ত আন্তৰ্জাতিক নাৰী দিৱস পালন
নিয়মীয়া বাৰ্তা, ৮ মাৰ্চঃ আন্তৰ্জাতিক নাৰী দিৱসৰ লগত সংগতি ৰাখি আজি মাজুলী মহাবিদ্যালয়ৰ মহিলা কোষৰ উদ্যোগত আৰু নামকাটনী গাঁও মহিলা সমিতিৰ সহযোগত আজি দিনযোৰা কাৰ্যসূচীৰে পালন কৰা হয়। এই উপলক্ষে পুৱা ১০ বজাৰ পৰা নতুন কমলাবাৰী নাৰায়ণদেৱ হাইস্কুল প্ৰাংগণত ছাত্ৰ-ছাত্ৰীৰ মাজত চিত্ৰাংকণ প্ৰতিযোগিতা অনুষ্ঠিত হয়। দিনৰ ১২.৩০ বজাৰপৰা হাইস্কুলখনৰ সভাকক্ষত মুকলি সভা অনুষ্ঠিত হয়। সভাৰ আৰম্ভণিতে নাৰায়ণদেৱ হাইস্কুলৰ প্ৰধান শিক্ষক কমলাকান্ত ভূঞাই বন্তি প্ৰজ্বলনেৰে আৰম্ভ হোৱা সভা মুকলি কৰা হয় বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা পৰিবেশিত এটি বৰগীতেৰে। মাজুলী মহাবিদ্যালয়ৰ জ্যেষ্ঠ অধ্যাপিকা গীতাৰাণী গোস্বামীয়ে আঁত ধৰা মুকলি সভাখনিত সভাপতিত্বত কৰে মাজুলী মহাবিদ্যালয় মহিলা কোষৰ সভানেত্ৰী প্ৰণীতা ৰাজখোৱাই। মহিলা কোষৰ যুটীয়া সম্পাদিকা অনন্যা বৰুৱাই উদ্দেশ্য ব্যাখ্যা কৰা সভাখনি উদ্বোধন কৰি মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ দেৱজিৎ শইকীয়াই কয় যে সমাজ এখন শক্তিশালী হ’বলৈ হ’লে আমি লিংগবৈষম্য-বিবৰ্জিত সমাজ গঢ়ি তুলিবলৈ লাগিব। নামকাটনী গাঁও মহিলা সমিতি লগতে গাঁৱৰ ৰাইজৰ তৰফৰ পৰা আদৰণি জনাই এটি সুন্দৰ কবিতাৰে নাৰী দিৱসৰ তাৎপৰ্য দাঙি ধৰে শিক্ষক ৰাতুল বৰাই। সভাত সমল ব্যক্তি হিচাপে উপস্থিত থাকি বিশিষ্ট শিক্ষাবিদ চেনেহী গগৈ কলিতাই বৰ্তমান সময়ত সমাজ গঠনত পৰিয়ালৰ ভূমিকা সম্পৰ্কে বিশ্লেষণাত্মক বক্তব্য দাঙি ধৰে। সভাখনিত মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি নৰেন চন্দ্ৰ ঠাকুৰীয়া, অধ্যাপিকা মায়াশ্ৰী ডেকা হাজৰিকা, পদুম কুমাৰী বৰা, প্ৰধান শিক্ষক যোগেন শইকীয়া আদিয়ে বক্তব্য আগবঢ়ায়। সভাতে চিত্ৰাংকন প্ৰতিযোগিতাত স্থান লাভ ক্ৰমে প্ৰথম স্থানপ্ৰাপক ৰিয়ান হাজৰিকা, ২য় ময়ুৰী কলিতা, ৩য় বৰ্ণিষা হাজৰিকাৰ লগতে উচ্চ শাখাত স্থানপ্ৰাপক ক্ৰমে ১ম সূৰুয বৰা, ২য় দেৱযানীবদাস আৰু ৩য় উদেষ্ণা কলিতা আৰু উজ্জ্বল কামানক পুৰস্কৃত কৰা হয়। মাজুলীৰ এগৰাকী বিশিষ্ট মহিলা ৰেণুমালা দত্তই আগবঢ়োৱা শুভেচ্ছামূলক বাৰ্তা ভিডিঅ সংযোগৰ দ্বাৰা প্ৰদান কৰা হয়৷ সভাপতি প্ৰণীতা ৰাজখোৱাই লিংগ সমতাপূৰ্ণ সমাজ গঠনত জন্মৰ পৰা শিশুসকলৰ উপযুক্ত মানসিকতা গঠন প্ৰসংগত উল্লেখ কৰি বক্তব্য আগবঢ়ায়। শেষত নামকাটনী গাঁও মহিলা সমিতিৰ সম্পাদিকা জ্যোতি হাজৰিকাই শলাগৰ শৰাই আগবঢ়ায় ৷ প্ৰেৰক প্ৰাঞ্জল খাউণ্ড
বনৰগাঁও মণ্ডল বিজেপিৰ মহিলা মৰ্চাৰ উদ্যোগত আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস পালন
নিয়মীয়া বাৰ্তা, ৮ মাৰ্চঃ কোকৰাঝাৰ জিলাৰ অধীন পাটগাঁৱৰ সমৰপুৰ এলপিস্কুল প্ৰাংগণত আজি বনৰগাঁও মণ্ডল বিজেপিৰ মহিলা মৰ্চাৰ উদ্যোগত দিনজোৰা কাৰ্যসূচীৰে আন্তঃৰাৰ্ষ্ট্ৰীয় নাৰী দিৱস পালন কৰে । পুৱা পতাকা উত্তোলন কৰাৰ লগে লগেই মহিলাসকলৰ মাজত বিভিন্ন ধৰণৰ খেল-ধেমালিও অনুষ্ঠিত কৰে । উক্ত খেল-ধেমালিত কেইবাশ মহিলাই অংশগ্ৰহণ কৰে আৰু খেলত অংশগ্ৰহণ কৰা বিজয়ী খেলুৱৈসকলক পুৰস্কাৰেৰে পুৰস্কৃত কৰে । ইয়াৰ পিছত মহিলাসকলৰ সজাগতাৰ প্ৰতি লক্ষ্য কৰি এখন মুকলি সভাও অনুষ্ঠিত কৰে ।মুকলি সভাখনত উপস্থিত থাকে বনৰগাঁও সমষ্টিৰ এমছিএলএ ৰাজীৱ কুমাৰ ব্ৰহ্ম , ৰহিলা ব্ৰহ্ম , দোতমা ৰাজহ চক্ৰৰ চক্ৰ বিষয়া অষ্মিতা ৰেখা বৰাৰ লগতে বনৰগাঁও মণ্ডল বিজেপিৰ সভাপতি ছাইকো জাতাও নাৰ্জাৰী আদিয়ে । মকলি সভাতেই সিজু ট্ৰাষ্ট এনজিঅই দুখীয়া শ্ৰেণীৰ মানুহৰ মাজত কম্বল বিতৰণ কৰে । সভাত উপস্থিত থাকি এমছিএলএ ৰাজীৱ কুমাৰ ব্ৰহ্মই কয় যে মহিলাসকলক ৩০ শতাংশ ৰিজাৰ্ভ দিয়া আছে যদিও পুৰুষসকলৰ সমানে সমানে মহিলাসকলেও যাতে কাম কৰিব পাৰে তাৰে কামনা কৰে । ইপিনে দোতমা আইছিডিএছ ৰ উদ্যোগতো আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস পালন কৰে । প্ৰেৰক কৃষ্ণ বৰ্মন