নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঢকুৱাখনাত সাহিত্য সভাৰ উদ্যোগত ‘শুদ্ধ বানান লিখা পদ্ধতি’ৰ কৰ্মশালা

বিশেষ বাৰ্তা,  ১৫ জুলাই : “ভাৰতবৰ্ষত প্ৰচলিত ভাষাবোৰৰ ভিতৰত অসমীয়া ভাষাৰ বানান পদ্ধতি শুদ্ধকৈ আয়ত্ত কৰাটো বৰ জটিল কাম। অসমীয়া ভাষাৰ স্বৰ বৰ্ণ, ব্যঞ্জন বৰ্ণ, স্বৰ চিহ্ন আৰু যুক্তাক্ষৰ আদিৰ সঠিক ব্যৱহাৰ নাজানিলে ভাষাটো শুদ্ধকৈ লিখা আৰু কোৱাটো টান হৈ পৰে। বৰ্তমান সময়ত বিশেষকৈ ইলেকট্ৰনিক সংবাদ মাধ্যম আৰু বিভিন্ন সামাজিক মাধ্যমত অসমীয়া ভাষাটোৰ চূড়ান্ত অপব্যৱহাৰ হৈছে। উঠি অহা প্ৰজন্মৰ মাজত সামাজিক মাধ্যমত চলা বানানবোৰেই সঘন ব্যৱহাৰ হয়। সেয়ে অসমীয়া ভাষাৰ বানান শুদ্ধকৈ লিখিব আৰু পঢ়িব জনাটো ভাষাটো জীয়াই ৰখাৰ স্বাৰ্থতে জৰুৰী হৈ পৰিছে।”- এই মন্তব্য সাহিত্য অকাডেমি বঁটা বিজয়ী বিশিষ্ট ঔপন্যাসিক তথা অসম সাহিত্য সভাৰ মাতৃভাষা আৰু ৰাজ্যভাষা প্ৰয়োগ উপ-সমিতিৰ কাৰ্যকৰী সভাপতি জয়ন্ত মাধৱ বৰাৰ। আজি লখিমপুৰ জিলা সাহিত্য সভা আৰু ৰংগভূমি, ঢকুৱাখনাৰ উদ্যোগত সাপতীয়া শাখা সাহিত্য সভাৰ সহযোগত আয়োজিত  “শুদ্ধ বানান লিখা পদ্ধতি” বিষয়ৰ কৰ্মশালাত সমল ব্যক্তিৰূপে অংশগ্ৰহণ কৰি বিশিষ্ট সাহিত্যিক বৰাই শতাধিক কণ কণ প্ৰশিক্ষাৰ্থীক অসমীয়া ভাষাৰ শুদ্ধ বানান পদ্ধতি সন্দৰ্ভত পৰামৰ্শ আগবঢ়ায়।ৰংগভূমিৰ সঞ্চালক কৌস্তভ কিশোৰ চুতীয়াই আঁত ধৰা আৰু অসম সাহিত্য সভাৰ উপ-সভাপতি ডা: গিৰীশ সন্দিকৈয়ে উদ্ধোধন কৰা এই এদিনীয়া কৰ্মশালাৰ সামৰণী অনুষ্ঠানত মুখ্য অতিথিৰূপে উপস্থিত থাকি অসম সাহিত্য সভাৰ সম্পাদক উপেন্দ্ৰজিৎ শৰ্মাই বক্তব্য আগবঢ়ায় প্ৰশিক্ষাৰ্থী আৰু উপস্থিত ৰাইজক উদ্দেশ্যি। অন্যহাতে আমন্ত্ৰিত অতিথিৰূপে অসম সাহিত্য সভাৰ শতবৰ্ষীয় প্ৰকল্পৰ আহ্বায়ক সন্তোষ দত্ত, কেন্দ্ৰীয় জিলা প্ৰতিনিধি অৰুণিমা খনিকৰ সন্দিকৈ, লখিমপুৰ জিলা সাহিত্য সভাৰ সভাপতি উমানন্দ বৰুৱা, উপ-সভাপতি সঞ্জীৱ উপাধ্যায়, সম্পাদক নৱ কমল বৰা, সহকাৰী সম্পাদিকা পল্লৱী নেওগ বৰা, প্ৰত্ৰিকা সম্পাদক প্ৰশান্ত কুমাৰ মোদক, লখিমপুৰ জিলা সাহিত্য সভাৰ আঞ্চলিক সম্পাদক বিপুল শৰ্মা বৰুৱাকে প্ৰমুখ্য কৰি বহুসংখ্যক গণ্যমান্য লোক উপস্থিত থাকে।কৰ্মশালাৰ শেষত প্ৰশিক্ষাৰ্থীসকলক মানপত্ৰও প্ৰদান কৰা হয়।

You might also like