নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হোজাইৰ বিষ্ণুপল্লীত ছাত্ৰীৰ বিশ্ব ধঁপাতবিৰোধী দিৱস উদযাপন

নিয়মীয়া বার্তা, ৩১ মে’: হোজাইৰ বিষ্ণুপল্লীস্থিত মৰিয়ম আজমল ছিনিয়ৰ চেকেণ্ডাৰী স্কুল অফ আৰ্টচত আজি বিশ্ব ধঁপাতবিৰোধী দিৱসৰ অনুষ্ঠানটি পালন কৰা হয়। বিদ্যালয়ৰ সমূহ শিক্ষক, শিক্ষাৰ্থী তথা কৰ্মচাৰী উপস্থিত থকা অনুষ্ঠানটি আৰম্ভ হয় বেংগলী বিষয়ৰ শিক্ষক ড° সমীৰণ চন্দ্ৰ ৰয়ৰ উদ্বোধনী ভাষণেৰে। ভাষণ প্ৰসংগত ড° ৰয়ে সাম্প্ৰতিক সমাজখনত দেখা দিয়া ধপাতৰ মাৰাত্মকতাৰ ওপৰত আলোকপাত কৰে। ইয়াৰ পিছতে বিদ্যালয়খনৰ ছাত্ৰী নেহা ৰংহাৰপি আৰু তেওঁৰ সতীৰ্থসকলৰ দ্বাৰা এটি কাৰ্বি লোকনৃত্য প্ৰদৰ্শন কৰা হয়। এই অনুস্থানৰ পিছতেই ছাত্ৰী নন্দিনী চেত্ৰী আৰু তেওঁৰ সংগীবৃন্দই এটি সমবেত সংগীত পৰিৱেশন কৰে। ইয়াৰ পিছতেই এই অনুষ্ঠানৰ সৈতে সংগতি ৰাখি সাম্প্ৰতিক সমাজখনত পৰিলক্ষিত হোৱা ধপাতৰ ভয়াৱহতাৰ ওপৰত আলোকপাত কৰি বিদ্যালয়খনৰ শিক্ষাৰ্থীসকলে এখন নাটিকাও প্ৰদৰ্শন কৰে। অনুষ্ঠানটিৰ শেষৰফালে বিদ্যালয়খনৰ অধ্যক্ষা চাজিদা আহমেদ তথা অন্যান্য শিক্ষক-কৰ্মচাৰীৰ উপস্থিতিত বেথেল টিমুংপি আৰু ৰঞ্জিতা টেৰংপিয়ে এটা দ্বৈত সংগীত পৰিৱেশন কৰাৰ লগতে বিশ্ব ধপাত বিৰোধী দিৱসৰ সৈতে সংগতি ৰাখি ছাত্ৰী চাবানা য়াচমিন আৰু সংগীসকলৰ দ্বাৰা এটি নৃত্যও প্ৰদৰ্শন কৰা হয়। ছাত্ৰী খুচিদা বেগমে আঁত ধৰা অনুষ্ঠানটিত শলাগৰ শৰাই আগবঢ়াই ছাত্ৰী আৰিফা মুচকানে। ইয়াৰ পিছতেই বিদ্যালয়খনৰ শিক্ষক-কৰ্মচাৰীসকলৰ সহযোগত শিক্ষাৰ্থীসকলে হোজাই চহৰৰ মাজমজিয়াত এটি ধপাত বিৰোধী সমদল কৰি বিশ্ব ধপাত বিৰোধী দিৱসৰ অনুষ্ঠানটিৰ সামৰণি মৰা হয়।

প্ৰেৰক কিশলয় দেৱগোস্বামী

You might also like