মৰিয়নি মহাবিদ্যালয়ত বিশ্ব ধঁপাতবিৰোধী দিৱস উদযাপন
বিশেষ বাৰ্তা, ৩১ মেঃ বিশ্ব ধঁপাতবিৰোধী দিৱস উপলক্ষ্যে আজি মৰিয়নি মহাবিদ্যালয়ত ঠাইতে অঁকা প’ষ্টাৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয় । মৰিয়নি মহাবিদ্যালয়ৰ ইংৰাজী আৰু ইতিহাস বিভাগৰ যুটীয়া উদ্যোগত অনুষ্ঠিত এই প্ৰতিযোগিতাখনি উদ্বোধন কৰে মহাবিদ্যালয়খনৰ উপাধ্যক্ষা ড° মঞ্জুলা বৰঠাকুৰে । তেওঁ ধঁপাত সেৱনৰ ফলত হ’বপৰা অপকাৰিতাৰ সম্পৰ্কে সজাগ হ’বলৈ সকলোৰে প্ৰতি আহ্বান জনায় । আনহাতে, যুৱ সমাজেহে এখন ধঁপাতমুক্ত সমাজ গঢ় দিব পাৰিব বুলি উল্লেখ কৰি উপাধ্যক্ষা ড° বৰঠাকুৰে তাৰ বাবে আগবাঢ়ি আহিবলৈ ছাত্ৰ ছাত্ৰীসকলক আহ্বান জনায় । মহাবিদ্যালয়ৰ অধ্যাপিকা অৰূপাঞ্জলি বৰা আৰু অধ্যাপক ধনঞ্জয় বিশ্বাস বিচাৰক হিচাপে থকা প্ৰতিযোগিতাখনত বাণিজ্য বিভাগৰ ষষ্ঠ ষন্মাসিকৰ ছাত্ৰী পলমী দেই প্ৰথম স্থান দখল কৰে । আনহাতে, ইংৰাজী বিভাগৰ দ্বিতীয় ষন্মাসিকৰ ছাত্ৰ হৰিশ পেগুয়ে দ্বিতীয় আৰু একে বিভাগৰে চতুৰ্থ ষন্মাসুকৰ ছাত্ৰী সুকণ্যা চুতীয়া তৃতীয় স্থান দখল কৰে । ইংৰাজী বিভাগৰ চতুৰ্থ ষন্মাসিকৰ ছাত্ৰী তৃষা তালুকাদাৰে উদ্গনিমূলক পুৰস্কাৰ লাভ কৰে । ইতিহাস বিভাগৰ অধ্যাপিকা ড° মুনমী পাঠকে শলাগৰ শৰাই আগবঢ়োৱা প্ৰতিযোগিতাখনৰ বিজয়ী প্ৰতিযোগীসকলক উপহাৰেৰে পুৰস্কৃত কৰা হয় । অনুষ্ঠানত মহাবিদ্যালয়খনৰ অধ্যাপক – অধ্যাপিকাৰ উপৰিও ছাত্ৰ ছাত্ৰী আৰু বহুসংখ্যক ৰাইজে অংশগ্ৰহণ কৰে ।
প্ৰেৰক দিব্যজ্যোতি শইকীয়া