নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশ্ব ঐতিহ্য ক্ষেত্রৰ মর্যাদা লাভৰ পথ প্রশস্ত হৈছে মাজুলীৰ

ৰাজ্যসভাত কেন্দ্রীয় পর্যটন মন্ত্রীৰ ঘোষণ

নিয়মীয়া বাৰ্তা ৪ ফেব্ৰুৱাৰীঃ বিশ্ব ঐতিহ্য ক্ষেত্রৰ মর্যাদা লাভৰ পথ লাহে লাহে প্রশস্ত হৈছে অসমীয়া কলা–সংস্কৃতিৰ পীঠস্থান মাজুলীৰ৷ বিশ্ব ঐতিহ্য ক্ষেত্রৰ সাম্ভব্য তালিকাত এতিয়াও মাজুলীৰ নাম অক্ষুণ্ণ আছে৷  ৰাজ্যসভাৰ মজিয়াত কেন্দ্রীয় সংস্কৃতি আৰু পর্যটন মন্ত্রী জি কিষাণ ৰেড্ডীয়ে কৰা ঘোষণাত এহ কথা জানিব পৰা গৈছে৷ উল্লেখ্য যে সদনৰ প্রশ্ণোত্তৰ কালত অগপ সাংসদ বীৰেন্দ্রপ্রসাদ বৈশ্যহ উত্থাপন কৰা প্রশ্ণৰ উত্তৰত মন্ত্রী ৰেড্ডীয়ে প্রকাশ কৰা মতে, বিশ্ব ঐতিহ্য কমিটীয়ে বান্ধি দিয়া কর্মক্ষম নিয়মাৱলী (অপাৰেচনেল গাহড লাহনছ) মতে মাজুলীয়ে বিশ্ব ঐতিহ্য ক্ষেত্রৰ মর্যাদা লাভ কৰিব নোৱাৰে৷ ২০১২ চনৰ ১ মার্চত বিশ্ব ঐতিহ্য কমিটীয়ে এহ কথা নতুন দিল্লীক অৱগত কৰিছিল৷ হয়াৰ পাছত অসম চৰকাৰে বিশ্ব ঐতিহ্য কমিটীৰ অপাৰেচনেল গাইড লাহন অনুসৰণ কৰি কেনেদৰে মাজুলীক ঐতিহ্য ক্ষেত্রৰ মর্যাদা লাভৰ বাবে উপযোগী কৰি তুলিব পাৰি, তাৰ বাবে এজন পৰামর্শদাতা নিযুক্তি দিয়ে৷ কেন্দ্রীয় মন্ত্রীজনে প্রকাশ কৰা মতে, বিগত প্রায় এক দশকৰ প্রচেষ্টাত সংশ্লিষ্ট বিভিন্ন পক্ষৰ সৈতে হোৱা কেইবালানি বৈঠকৰ পাছত ২০২১ চনত এখন খচৰা দলিল (ড্রাফ্ট ডচিয়াৰ) প্রস্তুত কৰা হৈছে মাজুলীক বিশ্ব ঐতিহ্য ক্ষেত্রৰ মর্যাদা লাভৰ উপযুক্ত কৰি তুলিবলৈ৷

কেন্দ্রীয় মন্ত্রী ৰেড্ডীয়ে জনোৱা মতে, অসম চৰকাৰে পৰামর্শদাতাহ প্রস্তুত কৰা খচৰা দলিলখন চূডান্ত কৰিবলৈ এতিয়া মাজুলী কালচাৰেল লেণ্ডস্কেপ মেনেজমেণ্ট অথৰিটীক দায়িত্ব প্রদান কৰিছে৷ ৰাজ্যসভাত মন্ত্রী ৰেড্ডীয়ে প্রদান কৰা বিবৃতি অনুসৰি অহা বছৰ অর্থাৎ ২০২৩ চনৰ ফেব্রুৱাৰী মাহৰ ভিতৰত বিশ্ব ঐতিহ্য কমিটীৰ ওচৰত জমা কৰিবলগীয়া ডচিয়াৰখন অসম চৰকাৰে কেন্দ্রৰ ওচৰত দাখিল কৰিব৷ সমগ্র প্রক্রিয়াটো আগবঢ়াহ নিয়াৰ বাবে চলিত বিত্তীয় বর্ষত কেন্দ্রৰ পৰা মাজুলী কালচাৰেল লেণ্ডস্কেপ মেনেজমেণ্ট অথৰিটীক ৩৮ কোটি টকা ধার্য কৰা হৈছে বুলি বিভাগীয় মন্ত্রীজনে সদনক অৱগত কৰে৷ আনহাতে মহাৰাষ্ট্রৰ বিজেপি সাংসদ সাম্বাজী ছত্রপতিয়ে উত্থাপন কৰা আন এক প্রশ্ণৰ উত্তৰত মন্ত্রী জি কিষাণ ৰেড্ডীয়ে প্রকাশ কৰা মতে, বিশ্ব ঐতিহ্য ক্ষেত্রৰ সম্ভাব্য তালিকাত এতিয়াও মাজুলীৰ নাম সুৰক্ষিত হৈ আছে৷ সদনৰ মজিয়াত ৰেড্ডীয়ে দাখিল কৰা এহ তালিকাত দেখা গৈছে ভাৰতৰ মুঠ ৪৬টা সম্ভাব্য ঐতিহ্য ক্ষেত্রৰ পঞ্চম স্থানত আছে মাজুলী নদীদ্বীপৰ নাম৷ আনহাতে সম্ভাব্য তালিকাৰ ২৩ নম্বৰ স্থানত আছে অসমৰ আহকনিক শাডী বয়ন ক্লাষ্টাৰ৷ ২৪ নম্বৰ স্থানত আছে আহোম যুগৰ মৈদামসমূহো৷

You might also like