নিয়মীয়া বাৰ্তা, ২৫ মাৰ্চ : গোলাঘাটৰ ৰাষ্ট্ৰীয় যক্ষ্মা নিয়ন্ত্ৰণ কোষৰ দ্বাৰা বিশ্ব যক্ষ্মা দিৱস উদযাপন ২৪ মাৰ্চত অনুষ্ঠিত কৰা হয়। এই দিৱসৰ কাৰ্যসূচী অনুসৰি প্ৰথমে এক সজাগতা সমদল শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ৰ পৰা আৰম্ভ কৰি গোলাঘাট নগৰ হৈ জিলা যক্ষ্মা চিকিৎসালয়ত সমাপ্ত কৰা হয়। এই সমদলত জি এন এম নাৰ্চিং স্কুলৰ ছাত্ৰ – ছাত্ৰী আৰু আশা কৰ্মীয়ে অংশগ্ৰহণ কৰে। সমদলৰ পিছত সতী সাধনী কলাক্ষেত্ৰৰ সভাগৃহত এই দিৱসৰ সজাগতাৰ লগত সংগতি ৰাখি এখনি সজাগতা সভা অনুষ্ঠিত হয়। সভাত যক্ষ্মা ৰোগৰ বিষয়ে সজাগতা বৃদ্ধিৰ লগতে নুমলীগড় শোধনাগাৰক জিলা খনৰ মুঠ ১৬৮৩জন যক্ষ্মা ৰোগীৰ বাবে প্ৰতিষ্ঠানটোৰ চি.এছ.আৰ (CSR- Corporate Social Responsibility) কাৰ্যসূচীৰ অধীনত পুষ্টিকৰ খাদ্যৰ টোপোলা আগবঢ়োৱাৰ বাবে সম্বৰ্ধনা জনোৱা হয়। লগতে সামূহিক চিকিৎসা বিষয়া, লেবৰেটৰী টেকনিচিয়ান, ফাৰ্মাচিষ্ট আদিক ১০০ দিনীয়া যক্ষ্মা নিয়ন্ত্ৰণ কাৰ্যসূচীৰ অধীনত ৰোগ নিৰ্ণয় তথা পৰীক্ষা কৰাৰ বিশেষ প্ৰদৰ্শন বাবে সম্বৰ্ধনা জনোৱা হয়। সভাত নুমলীগড় শোধনাগাৰৰ হৈ সাধাৰণ কাৰ্যনিৰ্বাহক (চি এছ আৰ) মিন্টু সন্ধিকৈয়ে ২১ লাখ টকাৰ মূল্যৰ ট্ৰুনাট মেচিন (TRUNAAT Machine) লোৱাৰ বাবে প্ৰথম কিষ্টি হিচাপে স্বাস্থ্য বিভাগক ৬ লাখ টকাৰ এখন চেক প্ৰদান কৰে। অনুষ্ঠানত জিলা আয়ুক্ত পুলক মহন্ত, যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডা: বদিলাল দেউৰী, মুখ্য চিকিৎসা ও স্বাস্থ্য বিষয়া ডা: ভাৰত ফুকন, জিলা যক্ষ্মা বিষয়া ডা: উৎপল বৰাকে আদি কৰি অন্য স্বাস্থ্য বিষয়া- কৰ্মচাৰী, যক্ষ্মা ৰোগৰ পৰা ইতিমধ্যে সুস্থ হোৱা ব্যক্তি সকল (TB Champion), নিক্ষয় মিত্ৰ সকল আৰু ৰাইজ উপস্থিত থাকে।
প্ৰেৰক নবীন গোহাঁই