হাতত জেতুকাৰে হাড়গিলাৰ বোল ল’লে মহিলাই, কিয়
বিশেষ বাৰ্তা, শুৱালকুছি, ৫ মাৰ্চঃ কামৰূপৰ শিঙিমাৰী মন্দিৰত অসমৰ জীৱ বিজ্ঞানী ডঃ পূৰ্ণিমা দেৱী বৰ্মন, আৰণ্যক, হাড়গিলা আৰ্মি আৰু শিঙিমাৰী ৰাইজৰ উদ্যোগত মহিলা সৱলীকৰণ অনুষ্ঠান পৰহি অনুস্থিত হয়। এই অনুষ্ঠানটিত গ্ৰীণ অক্সাৰ বিজয়ী ডঃ পূৰ্ণিমা দেৱী বৰ্মন আৰু তেখেতৰ হাড়গিলা আৰ্মি উপস্থিত থাকে আৰু তেওঁ শিঙিমাৰীৰ ২২ গৰাকী মহিলাক কাটিং আৰু টেইলৰিঙৰ প্ৰশিক্ষণ সম্পূর্ণ কৰাৰ বাবদ তেখেতসকলক চাৰ্টিফিকেট প্ৰদান কৰে। লগতে ৪ গৰাকী প্ৰশিক্ষক লভিতা দাস, মামনি মালাকাৰ, জোনালী বৰ্মন আৰু পূৰ্ণিমা দাসকো বিশেষ চাৰ্টিফিকেট প্ৰদান কৰা হয়।

এই অনুষ্ঠানটিৰ মূল উদ্দেশ্য আছিল বিশ্ব বন্যপ্রাণী দিৱস পালন কৰা আৰু ইয়াৰ যোগেদি শিঙিমাৰী ৰাইজক হাড়গিলা সংৰক্ষণ তথা পৰিৱেশৰ প্ৰতি সজাগ কৰি তোলা। এই অনুষ্ঠানটিত মহিলাসকলে হাড়গিলাৰ অল্পনাৰ লগতে হাতত জেতুকাৰে হাড়গিলা ছবিৰ বোল লয় আৰু থলুৱা নাম আৰু নৃত্যও প্ৰদৰ্শন কৰে। এই অনুষ্ঠানটিত কিছু প্ৰশিক্ষণৰত সদস্য উপস্থিত থাকে বৰষা ৰাণী দাস, মানৱ দাস, কৰিশ্মা দাস আৰু পুনেইৰ Symbiosis ত গৱেষণাৰত এগৰাকী ছাত্র আনন্দ সিন্হা এই অনুষ্ঠানটিত ভাগ লয়। এই টিম সদস্য তথা মহিলাসকলক উৎসাহিত কৰাৰ বাবে ডঃ পূৰ্ণিমা দেৱী বৰ্মন বাইদেউৱে এটি ভাষণ আগবঢ়ায়। য’ত তেওঁ পৰিৱেশ তথা মহিলা সৱলীকৰন সম্পর্কে কিছু কথা অৱগত কৰে আৰু লগতে তেওঁলোকক পৰিৱেশৰ প্ৰতি সজাগ হবলৈ আহ্বান জনায়।