নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নিদাৰুণ! জন্মদাত্ৰীক শাৰীৰিক-মানসিক অত্যাচাৰ পুত্ৰৰঃ বোৱাৰী-নাতিয়েও নেৰিলে শাহুৱেক-আইতাককঃ বস্ত্ৰনগৰীত অশীতিপৰ আইতাৰ কৰুণগাথা

বিশেষ বাৰ্তা, ২০ জুন : পুত্ৰ – বোৱাৰী আৰু নাতিনীৰ দ্বাৰা চৰম নিৰ্যাতনৰ বলি হৈ শুৱালকুছিৰ এগৰাকী অশীতিপৰ বৃদ্ধা ঘৰৰ পৰা পলায়ন কৰিব লগা হোৱা ঘটনা ই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। পিচত বৃদ্ধাগৰাকীয়ে ন্যায় বিচাৰি তিনিওৰে বিৰুদ্ধে শুৱালকুছি থানাত এজাহাৰ দাখিল কৰে। সভ্য সমাজক লজ্জানত কৰা ঘটনাটি সংঘটিত হৈছে বস্ত্ৰনগৰী শুৱালকুছিৰ পশ্চিম পঞ্চায়তৰ অন্তৰ্গত দক্ষিণ সিদ্ধেশ্বৰ পাহাৰত। অশ্বিনী বালা দাস নামৰ আশী বছৰৰ ঊৰ্ধৰ বৃদ্ধাগৰাকীক শুৱালকুছি থানাত দাখিল কৰা এজাহাৰত উল্লেখ কৰা মতে, তেওঁৰ পুত্ৰ সনক দাস, বোৱাৰী নিকু দাস আৰু নাতিনী আকাংক্ষা দাসে সাধাৰণ কথাতে বিভিন্ন শাৰীৰিক আৰু মানসিক অত্যাচাৰ কৰি ব্যতিব্যস্ত কৰি তোলে । অনাবৰতে বৃদ্ধাগৰাকীৰ খেচখচাই থকাৰ উপৰি বিনাকাৰণত বৃদ্ধাগৰাকীক চৰ ভুকু লাথিৰে অত্যাচাৰ কৰে । বিগত বিশ বছৰে স্বামীহীনা মহিলাগৰাকীয়ে খুজি মাগি নিজে ৰান্ধি খোৱা লোৱা কৰে যদিও এওঁলোকৰ অত্যাচাৰত সময়ে সময়ে লঘোণে থাকিব লগা হয় বুলিও এজেহাৰত উল্লেখ কৰে । এনেদৰে বছৰৰ পিচত বছৰ ধৰি নিৰ্যাতন সহ্য কৰি দিন পাৰ কৰিছিল বৃদ্ধাগৰাকী । অত্যাচাৰ চৰম সীমাত উপনীত হোৱাত বৃদ্ধা গৰাকীয়ে নিজ গৃহ ত্যাগ কৰি আশ্ৰয় লয় মাতৃৰ পৰিয়ালত।শেষত উপায়ান্তৰ হৈ পুত্ৰ, বোৱাৰী, নাতিনীৰ বিৰুদ্ধে ১৮ জুনত শুৱালকুছি থানাত এজাহাৰ দি বৃদ্ধাশ্ৰমত শেষ আশ্ৰয় লোৱাৰ ইচ্ছা প্ৰকাশ কৰে আৰক্ষীৰ ওচৰত। ইতিমধ্যে আৰক্ষীয়ে ৮০/২২ গোচৰ ৰুজু কৰি বৃদ্ধাগৰাকীৰ বিবাহিতা জীয়ৰী সুৰমা দাসৰ জিম্মাত দিয়ে। ইফালে সকলো ঘটনা জানিও নিৰ্দিষ্ট দুৰত্বত অৱস্থান কৰিছে বৃদ্ধাগৰাকীৰ দ্বিতীয় পুত্ৰ ৰঞ্জিত দাসে। বৃদ্ধাগৰাকীৰ দুৰৱস্থাৰ বাবে সমানে জগৰীয়া ৰঞ্জিত দাসো ।তেওঁকো আইনৰ আওতাত আনিবলৈ আৰক্ষীক দাবী জনায় চুবুৰিবাসীয়ে। এগৰাকী জন্মদাত্ৰী মাতৃৰ দুটাকৈ পুত্ৰ সন্তান থাকোঁতে জীৱনৰ শেষৰ সময়ছোৱাত বৃদ্ধাশ্ৰমত থাকিব লগা পৰিবেশ সৃষ্টি হোৱাটো গৰ্হিত আৰু লজ্জাজনক বুলি মন্তব্য কৰিছে সচেতন ৰাইজে। ৰাইজে অশীতিপৰ মহিলাগৰাকীৰ সু-ব্যৱস্থা গ্ৰহণ কৰিবলৈ আৰক্ষী প্ৰশাসনক দাবী জনাইছে আৰু দোষীৰ কঠোৰ শাস্তি দাবী কৰিছে ৷

প্ৰেৰকঃ দিলীপ মেধি

You might also like