নিয়মীয়া বাৰ্তা, ১ মাৰ্চঃ বন, জল আৰু প্রকৃতি সংৰক্ষণৰ প্রতি সজাগতাৰ বাবে অসমৰ স্থানীয় লোকৰ শলাগ ল’লে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে৷ মাহেকীয়া অনাতাঁৰ অনুষ্ঠান ‘মন কী বাত’ত মোদীয়ে অৰণ্য মানৱ যাদৱ পায়েঙক উচ্চ প্রশংসা কৰাৰ লগতে কাজিৰঙা ৰাষ্ট্রীয় উদ্যানত জলপক্ষীৰ নতুন নতুন প্রজাতিৰ সংখ্যা বৃদ্ধি সন্দর্ভত উৎসাহেৰে উল্লেখ কৰে৷ তদুপৰি অসমৰ মন্দিৰসমূহে প্রকৃতি সংৰক্ষণৰ ক্ষেত্রত লোৱা ভূমিকাৰো শলাগ লয় প্রধানমন্ত্রীজনে৷
তেওঁ কয় যে কাজিৰঙা ৰাষ্ট্রীয় উদ্যান কর্তৃপক্ষই প্রতিবছৰে জলপক্ষীৰ সমীক্ষা চলাই আহিছে৷ অলপতে সামৰণি পৰা সমীক্ষাৰ তথ্য মতে এইবাৰ কাজিৰঙাৰ জলপক্ষীৰ সংখ্যা ১৭৫ গুণ বৃদ্ধি পাইছে৷ ইয়াৰ পৰা স্পষ্ট হয় যে কাজিৰঙা হ’ল জলপক্ষীৰ প্রিয় বাসভূমি৷ এইবাৰ কাজিৰঙাত ১১২টা প্রজাতিৰ পক্ষী দৃষ্টিগোচৰ হোৱা বুলিও তেওঁ উল্লেখ কৰে৷
মন কী বাতত মোদীয়ে উল্লেখ কৰে যে শীতকালত ইউৰোপ, মধ্য এছিয়া আৰু পূব এছিয়াৰ পৰা ৫৮টা প্রজাতিৰ প্রব্রজনকাৰী পক্ষীৰ কাজিৰঙালৈ আগমন ঘটিছে৷ জল সংৰক্ষণৰ উন্নত ব্যৱস্থা আৰু নূ্যনতম মানৱ হস্তক্ষেপৰ ফলতে এয়া সম্ভৱ হৈছে বুলি উল্লেখ কৰি মোদীয়ে লগতে কয় যে কিছুমান ক্ষেত্রত মানুহৰ ইতিবাচক হস্তক্ষেপেও ইয়াত অৰিহণা যোগাইছে৷ এইক্ষেত্রত পদ্ম বঁটা বিজয়ী যাদৱ পায়েঙৰ প্রসংগ উল্লেখ কৰে প্রধানমন্ত্রীয়ে৷ ‘অসমৰ নদীদ্বীপ মাজুলীৰ ৩০০ হেক্টৰ ভূমিত বৃক্ষৰোপণত যাদৱ পায়েঙে সক্রিয় অৰিহণা যোগাই আহিছে৷
বন সংৰক্ষণৰ ক্ষেত্রত তেওঁ অবিৰতভাৱে কাম কৰি আছে৷ তদুপৰি তেওঁ বৃক্ষৰোপণ আৰু জৈৱ–বৈচিত্র্য সংৰক্ষণৰ বাবেও মানুহক উৎসাহিত কৰি আহিছে৷’ –মোদীয়ে কয়৷ তেওঁ লগতে কয় যে হাজোৰ হয়গ্রীৱ মন্দিৰ, শোণিতপুৰৰ নাগশংকৰ মন্দিৰ আৰু গুৱাহাটীৰ উগ্রতাৰা মন্দিৰৰ পুখুৰীত কাছৰ অস্তিত্ব সংকটত থকা বহু প্রজাতি সংৰক্ষণ কৰা হৈছে৷ অসম হ’ল কাছৰ সর্বাধিক প্রজাতিৰ বাসস্থান৷