নিয়মীয়া বাৰ্তা, ২৮ জুলাইঃ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত ৰাজ্যৰ বিভিন্ন প্ৰান্তত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ তীব্ৰতৰ অভিযান চলি থকাৰ সময়তে বঙাইগাঁও জিলাৰ যোগীঘোপা থানাৰ অন্তৰ্গত ঔডুবীত কালি নিশা আৰক্ষীয়ে অভিযান চলাই গাঞ্জাসহ এজন লোকক গ্ৰেপ্তাৰ কৰি আজি জেল হাজোতলৈ প্ৰেৰণ কৰে । ধৃত গাঞ্জা ব্যৱসায়ীজন ঔডুবী প্ৰথম খণ্ড গাঁৱৰ ৰহিমুদ্দিন আলী (৩৫) বুলি আৰক্ষী সূত্ৰে জনা গৈছে । যোগীঘোপা আৰক্ষীয়ে ৰহিমুদ্দিন আলীৰ বিৰুদ্ধে ১৩০/২০২২ নম্বৰৰ এটা গোচৰ পঞ্জীয়ন কৰি আজি উত্তৰ শালমাৰা মহকুমা ন্যায়িক দণ্ডাধীশ আদালতত হাজিৰ কৰাই জেল হাজোতলৈ প্ৰেৰণ কৰে । জানিব পৰা মতে, যোগীঘোপা থানাৰ আৰক্ষী চক্ৰ পৰিদৰ্শক দীননাথ মিলি আৰু ভাৰপ্ৰাপ্ত বিষয়া থোংজাম চনথ সিঙৰ নেতৃত্বত যোগীঘোপা আৰক্ষীৰ এটা দলে মাজেৰ আলগা নদী আৰক্ষীৰ সহযোগত এক গোপন সুত্ৰৰ পম খেদি কালি নিশা প্ৰায় ৯ বজাত ঔডুবীত গাঞ্জা ব্যৱসায়ৰ বিৰুদ্ধে অভিযান চলায় ।আৰক্ষীৰ দলটোৱে ঔডুবী প্ৰথম খণ্ড গাঁৱৰ ৰহিমুদ্দিন আলীৰ বাসগৃহত চলায় এই অভিযান । আৰক্ষীৰ উক্ত অভিযানত ৰহিমুদ্দিন আলীৰ বাসগৃহৰ পৰা ডেৰ কিলোগ্ৰাম গাঞ্জা জব্দ কৰে । আনহাতে দীৰ্ঘদিনৰ পৰা গাঞ্জাৰ এই ব্যৱসায়ত লগত জড়িত থকা ৰহিমুদ্দিন আলীকো হাতে-লোটে গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ।
প্ৰেৰক টিংকু চন্দ্ৰ দাস