নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঠাইৰ নাম সলনিক লৈ তৎপৰতা অব্যাহত যোগী চৰকাৰৰ

বিশেষ বাৰ্তা, ৮ নৱেম্বৰঃ লোকসভা নির্বাচনৰ পূর্বে পুনৰ চহৰৰ নাম সলনিৰ প্রস্তাৱ গৃহীত হ’ল যোগী আদিত্য নাথৰ ৰাজ্য উত্তৰ প্রদেশত৷ বিজেপি পৰিচালিত আলিগড় পৌৰ নিগমে আনুষ্ঠানিকভাৱে এই প্রস্তাৱ গৃহীত কৰিছে৷ দিল্লীৰ প্রথম মুছলমান শাসক কুতুবুদ্দিন আইবকৰ শাসনকালত গঢ়ি উঠা পশ্চিম উত্তৰ প্রদেশৰ চহৰ আলিগড়ৰ নতুন নাম হ’ব ‘হৰিগড়’৷ আলিগড় পৌৰ নিগমৰ অধিৱেশনত বিজেপি কাউঞ্চিলৰ সঞ্জয় পণ্ডিতে কালি এই প্রস্তাৱ আগবঢ়ায়৷ মেয়ৰ প্রশান্ত সিংঘলে আজি উল্লেখ কৰে যে গৰিষ্ঠসংখ্যক কাউঞ্চিলাৰে আলিগড় চহৰৰ নাম ‘হৰিগড়’লৈ সলনি কৰাৰ প্রস্তাৱক সমর্থন জনাইছে৷ ইফালে, যোগী আদিত্য নাথ শাসিত ৰাজ্যখনত নতুনকৈ আৰম্ভ হোৱা নাম সলনিৰ প্রক্রিয়াক ৰাজনৈতিক উদ্দেশ্যপ্রণোদিত বুলি অভিযোগ কৰিছে বিৰোধীয়ে৷

#বাৰ্তা ডেস্ক

You might also like