থিতাতে নিহত শ্বুটিঙৰ পৰা উভতি অহা ৫ ইউটিউবাৰ
বেছিমাৰীত মালবাহী ট্রাক–ছুইফ্ট ডিজায়াৰৰ মুখামুখি সংঘর্ষ
নিয়মীয়া বাৰ্তা ১ নৱেম্বৰঃ ইউটিউবত চেনেল খুলি ধাৰাবাহিকভাৱে চুটি ছবি নির্মাণেৰে মনোৰঞ্জন দি অহা দৰঙৰ দলগাঁৱৰ দৈপাম, আৰিমাৰী, খেটাচৰৰ ৭জনীয়া যুৱক–যুৱতী–কিশোৰী গঠিত দল এটা উঠি অহা বাহন আৰু মালবাহী ট্রাকৰ মুখামুখি খুন্দাত বেছিমাৰীত মর্মান্তিকভাৱে প্রাণ হেৰুৱায় ৫জনকৈ ইউটিউবাৰে৷ একেদৰে ৭জনীয়া দলটোৰ গাড়ীৰ চালকসহ গুৰুতৰভাৱে আহত হয় ৩জন৷ এখন ছুইফট ডিজায়াৰ বাহনত উঠি ৰৌতাৰ পৰা দলগাঁও অভিমুখে আহি থকা বাহনখনে তেজপুৰৰ দিশে গৈ থকা মালবাহী ট্ৰাকখন ইমানেই জোৰেৰে খুন্দিয়ায় যে বনেটসহ গাড়ীৰ সন্মুখ অংশ ভাঙি–কাটিহে উলিয়াব লগা হয় সন্মুখৰ আসনত বহি অহা ৩ আৰোহী৷ তদুপৰি হূদয়বিদাৰকভাৱে সেই সময়ত বাহনখনৰ পাছৰ আসনত বহি থকা মাতৃ–কন্যাৰ দেহ দুটা বহা আসনৰ পৰা উফৰি গাড়ীৰ ফ্লৰত লাডুৰ ৰূপত পৰি ৰয়৷
দলগাঁৱৰ বেছিমাৰীত ১৫নং ৰাষ্ট্রীয় ঘাইপথত দিনৰ ৩মান বজাত সংঘটিত এই দুর্ঘটনাই উপস্থিত সাধাৰণ ৰাইজৰ অন্তৰত মর্মান্তিক আঘাত দিয়ে৷ লক্ষণীয় যে এছ আৰ অফিচিয়েল নামৰ ইউটিউব চেনেলৰ হৈ ওদালগুৰি জিলাৰ ৰৌতাত এখন চুটি ছবি শ্বুটিং কৰিবলৈ দেওবাৰে পুৱাৰ ভাগতে দলগাঁৱৰ এটা দল ৰাওনা হৈছিল৷ দলটোত আছিল দলগাঁও দৈপামৰ ৩৫ বছৰীয়া মঞ্জু বেগম, ছানিয়া আখতাৰা নামৰ ১৩ বছৰীয়া কিশোৰীসহ আৰিমাৰী খেটাচৰৰ ফৰিদুল ইছলাম, ইব্রাহিম আলী, আজাদ আলী, ৰফিকুল ইছলাম, আব্দুল আৱাল৷ দলটোৱে এ এছ–০৭ জি–৬৭৯৪ নম্বৰৰ বাহনখনৰ লগতে দুচকীয়া বাহনেৰেও যাত্রা কৰিছিল৷ সময়ত ৰৌতাৰ ভালুকমাৰী দলঙৰ তলত শ্বুটিং সামৰি দলটোৱে দলগাঁৱৰ গৃহলৈ উভতিব লয়৷ ৰৌতাত কিছু সময় ৰৈ চাহ–পানী খাই দলটোৱে ভাগে ভাগে উভতি লালপুৰ পর্যন্ত সুকলমে আহে যদিও বেছিমাৰীত তেজপুৰ অভিমুখী এ এছ–২৩ চি চি–১০০২ নম্বৰৰ মালবাহী ট্ৰাকত খুন্দা মাৰে৷
তীব্রবেগী ছুইফটৰ সেই সময়ত গতিবেগ প্রতিঘণ্টাত প্রায় ১০০ কিলোমিটাৰ আছিল বুলি প্রত্যক্ষদর্শীয়ে প্রকাশ কৰিছে৷ দুর্ঘটনাটোত ৫জনকৈ আৰোহীৰ থিতাতে মৃত্যু হয়৷ দলটোৰ ৩জন গুৰুতৰভাৱে আহত যাত্রীক মঙলদৈ অসামৰিক চিকিৎসালয়লৈ প্রেৰণ কৰে যদিও পাছত জি এম চি এইচলৈ প্রেৰণ কৰা হৈছে৷ স্থানীয় ৰাইজে বহু সময় দলটো চিনাক্ত কৰিব পৰা নাছিল যদিও পিছলৈ নিহতসকলক ক্রমে আৰিমাৰীৰ আব্দুল আৱাল, দৈপামৰ ফৰিদুল ইছলাম, ইব্রাহিম আলীসহ মাতৃ–কন্যা ক্রমে মঞ্জুৱাৰা বেগম আৰু ছানিয়া আখতাৰা বুলি চিনাক্ত কৰে৷ ইপিনে দুর্ঘটনাটোত গুৰুতৰভাৱে আহত হৈছে আৰিমাৰীৰ আজাদ আলী, ৰফিকুল ইছলাম আৰু গাড়ীখনৰ চালকজন৷ আহত তিনিওজনৰে অৱস্থা সংকটজনক হোৱাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্রেৰণ কৰা হৈছে৷ স্বাভাৱিকতে দুর্ঘটনাটোৰ পাছত দৈপাম আৰু আৰিমাৰীত এতিয়া কান্দোনৰ ৰোল উঠিছে আৰু সমগ্র বেছিমাৰীত পৰিছে শোকৰ ছাঁ৷ বিগত ৬ মাহ এছ আৰ অফিচিয়েল নামৰ ইউটিউব চেনেলটোৰ জৰিয়তে যথেষ্ট জনপ্রিয়তা লাভ কৰিবলৈ সক্ষম হৈছিল ৭জনীয়া গ্রুপটোৱে৷ কিন্তু চিনেমাৰে মনোৰঞ্জন দিবলৈ গৈ দেওবাৰে যুৱক–যুৱতীকেইগৰা জীৱনেই হৈ পৰিল এখন শোকৰ ছবি৷