দুলীয়াজান যুৱ কংগ্ৰেছৰ ৰক্তদান শিবিৰ সম্পন্ন
নিয়মীয়া বাৰ্তা, ২০ জুনঃ যুৱ নেতা ৰাহুল গান্ধী জন্মদিনৰ শুভক্ষণৰ লগতে দেশৰ দুৰ্যোগৰ সময়ত আৰ্তজনক সহায়ৰ প্ৰয়াসেৰে আজি দুলীয়াজান যুৱ কংগ্ৰেছে ৰক্তদান শিবিৰ আয়োজন কৰে । দুলীয়াজান যুৱ কংগ্ৰেছৰ উপৰি টেঙাখাট ব্লক কংগ্ৰেছ, ডিব্ৰুগড় জিলা যুৱ কংগ্ৰেছৰ উদ্যোগত আৰু দুলীয়াজান এন এচ ইউ আইৰ সহযোগত ৰ’টাৰী কমিউনিটী হলত অনুষ্ঠিত হয় ৰক্তদান শিবিৰ ।
ডিব্ৰুগড় মেডিকেলৰ চিকিৎসক ডাঃ জ্যোতিবিকাশ শইকীয়া, ডাঃ দেবাঞ্জন ভট্ৰাচাৰ্যৰ তত্বাৱধানত এই শিবিৰত প্ৰায় ৪৫ গৰাকী ব্যক্তিয়ে স্বেচ্ছাই ৰক্তদান কৰে । সহযোগ আগবঢ়ায় অৰূপজ্যোতি খাটনীয়াৰ আৰু সঞ্জয় দুৱৰাই । এই কাৰ্যসূচীৰ আৰম্ভণিতে বাঘজান কাণ্ডত মৃত্যু হোৱা অইল ইণ্ডিয়াৰ দুই কৰ্মচাৰী আৰু চীন -ভাৰতৰ যুদ্ধৰ ২০ গৰাকী শ্বহীদ ভাৰতীয় সেনালৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে দলীয় সদস্যসকলে।
উপস্থিত থাকে সৰ্বভাৰতীয় কংগ্ৰেছ কমিটিৰ সদস্য ধ্ৰুৱজ্যোতি গগৈ, ডিব্ৰুগড় জিলা যুৱ কংগ্ৰেছৰ সভাপতি মিৰাজ হুছেইন, টেঙাখাট ব্লক কংগ্ৰেছৰ উপসভাপতি নীল দত্ত, সাঃ সম্পাদক প্ৰণৱ গগৈ, দুলীয়াজান যুৱ কংগ্ৰেছৰ সভাপতি মনোজ ভৰালী আৰু দুলীয়াজান এন এছ ইউ আইৰ সভাপতি দিব্যৰঞ্জন বৰুৱা প্ৰমুখ্যে দলীয় কৰ্মীসকল ।