দৈপামত অশ্রু টুকি ইউটিউবাৰ ছানিয়াক শেষ বিদায় সহস্রাধিকৰ
নিয়মীয়া বাৰ্তা ২ নৱেম্বৰঃ প্রায় এবছৰ পূর্বে মৃত্যু হৈছিল পিতৃৰ৷ কিন্তু অভিশপ্ত দেওবাৰে নিঠৰুৱা কৰিলে দুই কণমানিক৷ কালে হৰি নিলে পৃথিৱীত শেষ সম্বল মাতৃ আৰু জ্যেষ্ঠ ভগ্ণীক৷ সোমবাৰে নিঠৰুৱা দুই শিশুৱে চকুপানী টুকিব পাহৰি নীৰৱে চাই ৰৈছে নিঠৰ মাতৃ আৰু ভগ্ণীৰ শৰীৰ৷ লক্ষণীয় যে দৰঙৰ বেছিমাৰীত কালি সংঘটিত এক ভয়ানক পথ দুর্ঘটনাত মৃত্যু হৈছিল পাঁচজনকৈ লোকৰ৷ দুর্ঘটনাটোত মৃত্যু হৈছিল ইউটিউবৰ এগৰাকী জনপ্রিয় কণমানি শিল্পী ছানিয়া আখতাৰাৰ৷ দেওবাপে পুৱাতে শ্বুটিঙৰ বাবে দুই কন্যা সন্তানক ঘৰতে এৰি গৈছিল মঞ্জুৱাৰা বেগমে৷ সময়ত শ্বুটিং সামৰি মাতৃ–ভগ্ণীয়ে আন দিনাৰ দৰে দুটা চিপচৰ পেকেট লৈ আহিব বুলি আছিল অপেক্ষা কৰি৷ কিন্তু বিধিৰ বিপাক, ৰৌতাৰ ওচৰত ভিডি’ শ্বুটিং কৰি উভতি আহোতে ট্ৰাক আৰু ছুইফ্ট ডিজায়াৰৰ সংঘর্ষত ইউটিউবাৰ শিল্পীৰ দলৰ সৈতে যোৱা ছানিয়া আৰু ছানিয়াৰ মাতৃ মঞ্জুৱাৰা বেগমৰ মৃত্যু হৈছিল৷
অতি দৰিদ্র পৰিয়ালৰ ছানিয়াৰ পিতৃৰো এবছৰ পূর্বে গুৱাহাটীত এটা দুর্ঘটনাত মৃত্যু হৈছিল৷ পিতৃৰ মৃত্যুৰ পাছত ঘৰখনত উপার্জন কৰিবলৈ কোনো নাছিল৷ কিছুদিনৰ পৰা অষ্টম শ্রেণীত পঢ়া চৈধ্য বছৰীয়া ছানিয়াই বিভিন্ন ইউটিউবত নৃত্য–গীত পৰিৱেশন কৰি পোৱা উপার্জনেৰে দুই ভগ্ণীৰ সৈতে কোনোমতে সংসাৰ চলাই আহিছিল৷ কিন্তু দেওবাৰে মাতৃৰ সৈতে ছানিয়াৰ মৃত্যুত অনাথ হৈ পৰিছে ৭ বছৰ আৰু ৯ বছৰৰ ছানিয়াৰ দুই কণমানি ভগ্ণী৷ কণমানি দুজনীক পোহপাল দিবলৈ এতিয়া চিন্তিত হৈ পৰিছে ৰাইজ৷ এনে ক্ষেত্রত ছানিয়াৰ দুর্ভগীয়া ভগ্ণী দুজনীৰ বাবে কিবা সহায়ৰ হাত আগবঢ়াবলৈ আহ্বান জনাইছে গাঁৱৰ একাংশ ৰাইজে৷ দলগাঁও সমষ্টিৰ ভিতৰুৱা দৈপাম অঞ্চলৰ পৰা নিজৰ প্রতিভা বিকাশ কৰি জনপ্রিয়তা অর্জন কৰি মৃত্যুক আঁকোৱালি লোৱা ছানিয়াৰ প্রতিভা বহুতৰে মনত ৰৈ যাব৷ ছানিয়াৰ মৃতদেহ সোমবাৰে মৰণোত্তৰ পৰীক্ষাৰ অন্তত দুপৰীয়া দৈপামৰ ঘৰখনলৈ অনাৰ পাছত এক শোকাকুল পৰিৱেশৰ মাজত সহস্রাধিক লোকৰ উপস্থিতিত জানাজা সম্পন্ন হয়৷