নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সকলো শিল্পীয়ে দিব লাগিব নেকি GST ! ক’ত কেনেকৈ কাৰ্যকৰী হ’ব এই GST

নিয়মীয়া বাৰ্তা, ১১ জানুৱাৰীঃ জিএছটি আয়োগৰ নিৰ্দেশনা অনুসৰি অসমৰ যিকোনো সাংস্কৃতিক অনুষ্ঠানত এতিয়াৰে পৰা আয়োজক সমিতিয়ে শিল্পীসকলক চেকৰ জৰিয়তে প্ৰদান কৰিব লাগিব ধন । আয়োজকে চুক্তিবদ্ধ হোৱা ধনৰ লগতে ১৮ শতাংশ জি এছ টি দিব লাগিব শিল্পীগৰাকীক । শিল্পীগৰাকীয়ে লাভ কৰা এই ১৮ শতাংশ জি এছ টি ঘূৰাই দিব লাগিব চৰকাৰক । অৱশ্যে লোকসংগীত শিল্পীৰ ক্ষেত্ৰত ১.৫০ লাখ টকা পৰ্যন্ত প্ৰযোজ্য নহ’ব এই জিএছটি । ১.৫০ লাখ টকাৰ ওপৰত চুক্তিবদ্ধ হ’লেহে আয়োজক সমিতি শিল্পীগৰাকীক দিব লাগিব জিএছটি । ২০১৭ চনৰ সৰ্বভাৰতীয় জিএছটি আয়োগৰ এই নিয়ম প্ৰযোজ্য হোৱা নাছিল অসমত । অসমৰ বাহিৰৰ আটাইবোৰ ৰাজ্যৰ শিল্পীয়ে পূৰ্বৰে পৰা চৰকাৰক দি আহিছে এই জিএছটি । আয়োগৰ এই নিৰ্দেশনাত উল্লেখ থকা আন কেতবোৰ দিশ হ’ল যে –

  • বিনামূলীয়া সাংস্কৃতিক অনুষ্ঠানৰ বাবে দিব নালাগে জিএছটি
  • টিকট শ্বত লাগিব জিএছটি
  • টিকটৰ মূল্য ৫০০ টকাৰ অধিক হ’লে ১৮ শতাংশ জিএছটি
  • আয়োজক সমিতিয়ে ১০ হাজাৰতকৈ অধিক নগদ ধন দিব নোৱিৰব শিল্পীক
  • ১০ হাজাৰতকৈ অধিক মাননি দিব লাগিব চেকযোগে
  • লোক শিল্পীৰ বাবে মাফ কৰা হৈছে জিএছটি
  • ১.৫০ লাখৰ অধিক মাননি ল’লেহে দিব লাগিব ১৮ শতাংশ জিএছটি
  • বছৰি ২০ ৰ পৰা ৫০ লাখ টকাৰ আয় হ’লে ৬ শতাংশ জিএছটি
  • বছৰি ৫০ লাখতকৈ অধিক আয় হ’লে ১৮ শতাংশ জিএছটি

জিএছটি আয়োগৰ এই নিৰ্দেশনাৰ পিচতেই এতিয়া প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সদৌ অসম ছাত্ৰ সন্থাৰ লগতে শিল্পী সমাজে । সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক লুৰিণজ্যো তি গগৈয়ে কয় যে, পূৰ্বৰে পৰা দেশৰ বাকীবোৰ ৰাজ্যত প্ৰযোজ্য হৈ থকাৰ পাচত অসমত অতদিনে কিয় প্ৰযোজ্য কৰা নহ’ল এই জিএছটি । নাগৰিকত্ব সংশোধনী আইনখন দেশত বলৱৎ হোৱাৰ এনে এক সময়ত পুনৰবাৰ এই জিএছটি জাপি দিব বিচৰা কাৰ্যই কি সূচাইছে বুলিও উল্লেখ কৰে আছু নেতাগৰাকীয়ে । শিল্পীসকলে যিহেতু নাগৰকিত্ব সংশোধনী আইনখনৰ বিৰুদ্ধে ওলাই আহিছে , যিটো চৰকাৰে কেতিয়াও ভবাই নাছিল । গতিকে এনে এক সন্ধিক্ষণত এই জিএছটি জাপি দিয়াটো আওপকীয়াকৈ এক ভাবুকি বুলিও কয় লুৰিণজ্যোতি গগৈয়ে ।

এই নিৰ্দেশনাৰ পাচতেই এতিয়া প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে শিল্পীসমাজে । শিল্পী বিপিন চাউদাঙে এই সন্দৰ্ভত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে, অসমীয়া মানুহে অনাদি-অনন্ত কালৰ পৰা বিহুগীত গাই আহিছে , বিহু পাতি আহিছে তাৰ পাচতো যদি বাপতিসাহোন বিহুটি পাতিবলৈ টকা দিব লাগে তেন্তে এইয়া দুৰ্ভাগ্যজনক । খিলঞ্জীয়াৰ অস্তিত্বক লৈ ৰাজনীতি কৰা বুলি উল্লেখ কৰি অহা চৰকাৰখনে পুনৰবাৰ অসমীয়া মানুহৰ মৌলিক অধিকাৰ কাঢ়ি ল’ব বিচাৰিছে ।

You might also like