নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আনুষ্ঠানিকভাৱে অৱসৰ গ্ৰহণ কুলধৰ শইকীয়াৰ

নিয়মীয়া বাৰ্তা,৩০ নৱেম্বৰঃ অসম আৰক্ষীৰ সঞ্চালক প্ৰধান কুলধৰ শইকীয়াই আজি আনুষ্ঠানিকভাৱে অৱসৰ গ্ৰহণ কৰে । ২০১৮ চনৰ ১ মে’ৰ পৰা অসম আৰক্ষীৰ সঞ্চালক প্ৰধান হিচাপে কাৰ্যনিবাহ কৰা কুলধৰ শইকীয়াৰ ৩১ আগষ্টত অৱসৰৰ কথা আছিল যদিও ৩০ নৱেম্বৰলৈ বৃদ্ধি কৰা হৈছিল চাকৰিৰ কাৰ্যকাল ।

ইতিমধ্যে শুকুৰবাৰে ৰাজ্য চৰকাৰে অসম আৰক্ষীৰ জ্যেষ্ঠ বিষয়া ভাস্কৰজ্যোতি মহন্তক ৰাজ্যৰ ভাৰপ্ৰাপ্ত আৰক্ষী সঞ্চালক প্ৰধান হিচাপে দায়িত্ব প্ৰদান কৰিছে ।

You might also like