নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আন্দোলন প্ৰতিৰোধঃ গুৱাহাটীলৈ আহিল ৰেপিড একচন ফ’ৰ্চৰ ২০০০ জোৱান

নিয়মীয়া বাৰ্তা, ১৬ ডিচেম্বৰঃ ‘কা’বিৰোধী আন্দোলনৰ নামত প্রতিবাদকাৰীৰ বে–আইনী কার্যকলাপ তথা যিকোনো বিক্ষিপ্ত ঘটনা প্রতিৰোধ কৰিবলৈ সষ্টম হৈ উঠিছে আৰক্ষী বাহিনী ৷ বিশেষকৈ গুৱাহাটী মহানগৰীক ‘হট স্পট’ হিচাপে লৈ অসম আৰক্ষীয়ে কেন্দ্রীয় নিৰাপত্তা বাহিনীৰ সহযোগত সম্ভাব্য যিকোনো পৰিস্থিতি নিয়ন্ত্রণৰ বাবে সষ্টম হৈ আছে ৷

অসম আৰক্ষীৰ এক শীর্ষ সূত্রই জনোৱা মতে, গুৱাহাটী মহানগৰীৰ পৰিস্থিতি নিয়ন্ত্রণৰ বাবে ২০ টা কেন্দ্রীয় সশস্ত্র বাহিনী মোতায়েন কৰা হৈছে ৷ আনহাতে, বে–আইনী প্রতিবাদ মষিমূৰ কৰিবৰ বাবে শনিবাৰে মুম্বাইৰ পৰা বিমানেৰে জৰুৰীভাৱে ২,০০০ ৰেপিড একচন ফ’চ (আৰ এ এফ) গুৱাহাটীলৈ অনা হৈছে ৷

আৰক্ষী সূত্রটোৰ মতে আৰ এ এফ যিকোনো গোষ্ঠীসংঘর্ষ আৰু বে–আইনী প্রতিবাদ নিয়ন্ত্রণৰ বাবে বিশেষভাৱে প্রশিক্ষিত ৷ আৰ এ এফে এনে ধৰণৰ সংঘর্ষ বা প্রতিবাদ ৰোধ কৰিবৰ বাবে মাৰণাস্ত্র কমকৈ ব্যৱহাৰ কৰে ৷ ইয়াৰ পৰিৱর্তে প্রতিবাদকাৰীক নিয়ন্ত্রণ কৰিবৰ বাবে ৰবৰ বুলেট, কন্দুৱা গেছ ব্যৱহাৰ কৰাৰ উপৰি বিভিন্ন ধৰণৰ সঁজুলি ব্যৱহাৰ কৰে ৷

You might also like