নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আমি নাগৰিকত্ব বিধেয়ক সমর্থন কৰোঁঃ বাঙালী যুৱ–ছাত্র ফেডাৰেচন

নিয়মীয়া বার্তা, ২ ডিচেম্বৰঃ সদৌ অসম বাঙালী যুৱ–ছাত্র ফেডাৰেচনৰ গোৱালপাৰা টাউন সমিতিখন দেওবাৰে গঠন হয় ৷ গোৱালপাৰা চহৰৰ জনতা মধ্য ইংৰাজী বিদ্যালয় প্রাংগণত অনুষ্ঠিত সাধাৰণ সভাত পূর্বৰ সমিতিখন ভংগ কৰি দুবছৰীয়া নতুন সমিতি গঠন কৰে ৷ উক্ত সভাত জিলা সমিতিৰ সভাপতি গোপাল সৰকাৰ, উপ–সভাপতি সঞ্জয় সাহা, কোষাধ্যক্ষ বিপ্লৱ দাসৰ লগতে উপদেষ্টা গোবিন্দ দাস উপস্থিত থাকি সংগঠনৰ ওপৰত গুৰুত্বপূর্ণ মন্তব্য দিয়ে ৷ লগতে জিলা সভাপতি গোপাল সৰকাৰে নতুনকৈ গঠন কৰা টাউন সমিতিখনে কৰিবলগীয়া কর্মৰ বিষয়ে কোৱাৰ লগতে কয়– আমি কেতিয়াও ‘কেব’ৰ বিৰোধিতা নকৰোঁ ৷ সদায় সমর্থন কৰোঁ ৷ আমি অসমত জন্মগ্রহণ কৰিছোঁ, অসম আমাৰ জন্মভূমি ৷ গতিকে কোনো জাতি–জনগোষ্ঠীৰ ক্ষতি নোহোৱাকৈ অসমত কেব আহিব লাগে ৷ সভাত জয়ন্ত কর্মকাৰক সভাপতি আৰু সঞ্জীৱ দাসক সাঃ সম্পাদক হিচাপে লৈ ৩১জনীয়া সমিতিখন গঠন কৰা হয় ৷

You might also like