নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আৰু এখন নাটক ! এইবাৰ ৰাজ্যপালক সাক্ষাৎ অগপৰ

নিয়মীয়া বাৰ্তা, ১৮ ডিচেম্বৰঃ নাগৰিকত্ব সংশোধনী আইনৰ সপক্ষে থিয় হৈ ৰাজ্যবাসীৰ ৰোষৰ সন্মুখীন হোৱা অগপই নাক বচাবলৈ এতিয়া আৰম্ভ কৰিছে ইখনৰ পিছত সিখন নাটক । ৰাজ্যসভাত আইনখনৰ সপক্ষে দলৰ একমাত্ৰ সাংসদ বীৰেন্দ্রপ্রসাদ বৈশ্যই ভোটদান কৰাৰ পিছত হঠাৎ সুৰ সলনি কৰি আঞ্চলিক দলটোৱে আইনখনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰাৰ সিদ্ধান্ত লয় ৷

কেৱল সেয়াই নহয়, আইনখনক লৈ সঘনে সুৰ সলনি কৰা অগপই মঙলবাৰে ৰাজ্যপালক সাক্ষাৎ কৰি নাগৰিকত্ব সংশোধনী আইন অসমত প্রযোজ্য কৰাৰ পৰা বিৰত থাকি খিলঞ্জীয়া জনসাধাৰণৰ সুৰক্ষা নিশ্চিত কৰিবলৈ দাবী জনাই প্রধানমন্ত্রীলৈ পত্র প্রেৰণ কৰে ৷

দলটোৰ সভাপতি অতুল বৰাৰ নেতৃত্বত ১০ জনীয়া দল এটাই ৰাজভৱনত ৰাজ্যপাল জগদীশ মুখীক সাক্ষাৎ কৰি ৰাজ্যৰ শেহতীয়া পৰিস্থিতিৰ সন্দর্ভত এঘণ্টাৰো অধিক সময় ধৰি আলোচনা কৰে ৷

এই আলোচনাৰ কালত সভাপতি অতুল বৰাই ৰাজ্যপালগৰাকীক কয় যে নাগৰিকত্ব সংশোধনী আইনে অসমৰ ভাষা, সংস্কৃতি, ঐতিহ্য, ৰাজনৈতিক, অর্থনৈতিক অধিকাৰ নাইকিয়া কৰিব৷ আইনখনৰ পৰা উত্তৰ–পূবৰ ৰাজ্য অৰুণাচল প্রদেশ, নাগালেণ্ড, মণিপুৰ, মিজোৰাম, মেঘালয়ৰ উপৰি অসমৰ কেইবাখনো জিলাক এই আইনৰ পৰা ৰেহাই দিয়া হৈছে ৷ তেনেস্থলত এই আইন অসমৰ আন ঠাইতো প্রযোজ্য কৰাৰ পৰা বিৰত থাকিব লাগে ৷

দলটোৰ এনে প্রতাৰণাক লৈ এতিয়া অগপৰ নেতৃত্বৰ বিৰুদ্ধে দলৰ ভিতৰচ’ৰাতে আৰম্ভ হৈছে বিদ্রোহ ৷ দলৰ তৃণমূল কর্মী আৰু ৰাজ্যবাসীৰ এনে ক্ষোভক প্রশমিত কৰাৰ লক্ষ্যৰে অগপৰ নেতাসকলে আইনৰ বিৰুদ্ধাচৰণ কৰিবলৈ এতিয়া এনেদৰেই আকৌ এবাৰ নাটক কৰিবলগীয়া হৈছে ৷

উল্লেখ্য যে ৰাজ্যপালক সাক্ষাতৰ সময়ত বৰা আৰু কলিতাৰ উপৰি উপস্থিত থাকে দলৰ কার্যকৰী সভাপতি তথা মন্ত্রী কেশৱ মহন্ত, দলৰ জ্যেষ্ঠ নেতা তথা মন্ত্রী ফণীভূষণ চৌধুৰী, বিধায়ক প্রদীপ হাজৰিকা, ভবেন্দ্র নাথ ভৰালী, ৰেণুপমা ৰাজখোৱা, গুণীন্দ্র নাথ দাস, সত্যব্রত কলিতা আৰু দলৰ মুখ্য সম্পাদক মনোজ শইকীয়া ৷

You might also like