নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘কা’বিৰোধী আন্দোলনক নেতিবাচক ৰূপ দিয়াৰ চেষ্টা চৰকাৰৰ : দেৱব্রত

নিয়মীয়া বাৰ্তা, ১৮ ডিচেম্বৰঃ নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে হোৱা প্রতিবাদৰ সময়ত হোৱা হিংসাত্মক ঘটনাত তৃতীয় পক্ষ ৰূপে কংগ্রেছ জড়িত থকা বুলি শেহতীয়াকৈ উত্থাপিত অভিযোগক নস্যাৎ কৰিলে বিৰোধী দলপতি দেৱব্রত শইকীয়াই ৷ কংগ্রেছী বিধায়িনী দলৰ নেতাজনে মঙলবাৰে স্পষ্ট কৰি দিয়ে যে আন্দোলনটোক নেতিবাচক ৰূপ দিয়াৰ বাবে চৰকাৰে নিজে এজেণ্ট মেলি দিছিল ৷ অসম বিধানসভাৰ দলীয় কক্ষত এখন সংবাদ মেল আয়োজন কৰি দেৱব্রত শইকীয়াই কয়– কংগ্রেছ দলে হিংসাক কেতিয়াও সমর্থন কৰা নাই আৰু ভৱিষ্যতেও নকৰে ৷ মই ১০ ডিচেম্বৰতে আন্দোলনটোক শান্তিপূর্ণ কৰিবলৈ ৰাইজক আহ্বান জনাইছিলোঁ ৷ গতিকে আন্দোলনত হোৱা হিংসাত্মক ঘটনাৰ বাবে কংগ্রেছক জগৰীয়া কৰাটো সম্পূর্ণ ভিত্তিহীন ৷ হিংসাত্মক আন্দোলন কৰাসকলক চৰকাৰে শাস্তি দিয়ক ৷

শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্রত চলোৱা ধ্বংসকার্যত অভিযুক্ত ১০জনৰ ৯জনেই মুছলমান ৷ কিন্তু এইটোও পাহৰিব নালাগে যে প্রতিবাদৰ সময়ত সুৰক্ষা বাহিনীৰ গুলীত নিহতসকলৰ ভিতৰত এজন মুছলমান, এজন খ্রীষ্টান আৰু এজন চাহ জনজাতিৰ যুৱক আছে ৷ সংবাদ মেলত দলপতিজনে ইয়াকো উল্লেখ কৰে যে ‘কা’ বিৰোধী আন্দোলনত চৰকাৰৰ স্বেচ্ছাচাৰী স্বৰূপটো পদে পদে ওলাই পৰিছে ৷ তেওঁ কয়– কংগ্রেছক বদনাম কৰা আৰু আন্দোলনটো বিপথে পৰিচালিত কৰাৰ বাবে প্রধানমন্ত্রী নৰেন্দ্র মোদী আৰু অমিত শ্বাহৰ পৰিকল্পনা অনুযায়ী বহু কংগ্রেছ কর্মীক বিভিন্ন স্থানত ভুৱা অভিযোগত গ্রেপ্তাৰ কৰা হৈছে ৷ ইপিনে, নাগৰিকত্ব সংশোধনী আইন (কা) বাতিলৰ কাৰণে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে কংগ্রেছৰ ১১গৰাকী বিধায়ক ৷ প্রাক্তন মন্ত্রী তথা বিধায়িকা অজন্তা নেওগৰ নেতৃত্বত সোমবাৰে উচ্চতম ন্যায়ালয়ত ‘কা’ৰ বিৰুদ্ধে এখন লেখ আবেদন দাখিল কৰে ৷ মঙলবাৰে এখন সংবাদ মেল আয়োজন কৰি বিধায়িকা অজন্তা নেওগে জানিবলৈ দিয়া মতে, আইনখনে ভাৰতীয় সংবিধান চূড়ান্তভাৱে উলংঘা কৰিছে ৷ গতিকে এই আইনখন কেতিয়া গ্রহণযোগ্য হ’ব নোৱাৰে ৷

You might also like