নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘কেব’ৰ বিৰুদ্ধে মাত মাতকঃ আমবাৰী ঘেৰাও কটনিয়ানৰ

নিয়মীয়া বাৰ্তা, ১ ডিচেম্বৰঃ নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ কটনিয়ানে প্ৰতিবাদে অব্যাহত ৰখাৰ মাজতে দেওবাৰে আমবাৰীত থকা অসম গণ পৰিষদৰ কাৰ্যালয় ঘেৰাও কৰে ছাত্ৰ সমাজে । মিত্ৰজোঁট চৰকাৰৰ অন্যতম অগপ দলে বৰ্তমানলৈকে বিধেয়কৰ ক্ষেত্ৰত কোনো ধৰণৰ স্থিতি স্পষ্ট নকৰাক লৈ এতিয়া প্ৰতিবাদ সাব্যস্ত কৰে কটনিয়ানসকলে । নাগৰিকত্ব সংশোধনী বিধেয়কৰ স্বাৰ্থত আঞ্চলিক দল অগপই যিদৰে জাতিৰ স্বাৰ্থত অৱস্থান কৰিব লাগিছিল সেয়া কাৰ্যক্ষেত্ৰত নকৰাৰ অভিযোগ তুলি দেওবাৰে উত্তাল কৰি তোলে আমবাৰীৰ অগপ কাৰ্যালয়ৰ সমুখভাগ । শতাধিক ছাত্ৰই আঞ্চলিকতাবাদী দলটোক বিধেয়কৰ হৈ অসমীয়াৰ পক্ষত স্থিতি ল’বলৈ আহ্বান জনোৱাৰ লগতে অনাগত দিনত অগপৰ এই মৌন স্থিতিয়ে দলটোক নিঃশেষ কৰিব বুলিও সকীয়াই দিয়ে । উল্লেখ্য যে, শনিবাৰে সন্ধিয়া পাণবজাৰৰ পৰা সহস্ৰাধিক কটনিয়ানৰ লগতে সাধাৰণজনেও নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে বাহিৰ কৰা জোঁৰ সমদলত অংশগ্ৰহণ কৰিছিল । দেওবাৰে আমবাৰীত প্ৰতিবাদ সাব্যস্ত কৰা এই প্ৰতিবাদৰ পাচত এতিয়া অগপ নেতৃত্বই কিদৰে প্ৰত্যুত্তৰ দিয়ে সেয়াহে হ’ব লক্ষণীয় ।

You might also like