নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কোনো যুক্তিতে ভূমিপুত্ৰ-খিলঞ্জীয়াসকল শংকিত হ’ব নালাগেঃ সোণোৱাল

নিয়মীয়া বাৰ্তা, ৩ ডিচেম্বৰঃ চলিত শীতকালীন অধিৱেশনতে সংসদত কেন্দ্ৰই কেব উত্থাপন কৰাটো নিশ্চিত হোৱাৰ লগে লগে সমগ্ৰ ৰাজ্য প্ৰতিবাদত উত্তাল হৈ পৰাৰ মাজতে প্ৰথমবাৰলৈ মুখ খুলিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে । ডিব্ৰুগড়স্থিত নিজ গৃহত আছুৰ প্ৰতিবাদৰ সন্মুখীন হোৱা মুখ্যমন্ত্ৰী সোণোৱালে সোমবাৰে যোৰহাটত এক চৰকাৰী কাৰ্যসূচীত অংশগ্ৰহণৰ অন্তত সংবাদ মাধ্যমৰে হোৱা আনুষ্ঠানিক বাৰ্তালাপত কেবক লৈ খিলঞ্জীয়া-ভূমিপুত্ৰসকলক শংকিত নহ’বলৈ আহ্বান জনায় । তেওঁ স্পষ্টভাৱে কয় যে, কোনো যুক্তিতে খিলঞ্জীয়া-ভূমিপুত্ৰসকল শংকিত হ’ব নালাগে । তেওঁলোকৰ নিৰাপত্তাৰ দায়িত্ব চৰকাৰৰ । তেওঁলোকৰ মাটি-ভেটি, কৃষ্টি-সংস্কৃতি, ভাষা-সাহিত্য, অস্তিত্ব আৰু স্বাভিমান এই সকলোবিলাকৰ নিৰাপত্তা দিয়াৰ বাবে আমি ইতিমধ্যে পদক্ষেপ গ্ৰহণ কৰিছোঁ । আগন্তুক দিনত খিলঞ্জীয়া-ভূমিপুত্ৰসকলক নিৰাপত্তা দিয়া হ’ব । আমি হাতে-কামে লাগি ভূমি নীতিৰ পৰা বিভিন্ন নীতি ইতিমধ্যে লৈছোঁ । সেয়েহে ৰাইজ শংকিত আৰু আতংকিত হ’ব নালাগে ।

You might also like