নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

খেল’ ইণ্ডিয়াত সর্বাধিক খেলুৱৈৰে অংশ ল’ব অসম–মহাৰাষ্ট্রহ

নিয়মীয়া বার্তা, ৭ জানুৱাৰীঃ গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া সমাগত খেল’ ইণ্ডিয়া য়ুথ গেমছত উন্নত প্রদর্শনৰ বাবে সাজু হৈছে ঘৰুৱা দল অসম৷ অসমৰ চীফ দ্য মিছন নৱজ্যোতি বসুমতাৰীয়ে প্রতিযোগিতাখনৰ বাবে অসমৰ প্রস্তুতি সন্দর্ভত সোমবাৰে কয় যে গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া খেল’ ইণ্ডিয়া য়ুথ গেমছৰ বাবে ৰাজ্যৰ খেলুৱৈসকল উৎসাহেৰে অপেক্ষা কৰিছে৷

প্রতিযোগিতাখনৰ সকলো ইভেণ্টত অসমে প্রতিদ্বন্দ্বিতা আগবঢ়াব৷ মুঠ ৬৫৬জনীয়া এটি বৃহৎ দলৰ সৈতে অসমে এইবাৰৰ খেল’ ইণ্ডিয়াত অৱতীর্ণ হ’ব বুলি বসুমতাৰীয়ে জানিবলৈ দিয়ে৷ ঘৰুৱা দর্শকৰ সন্মুখত অসমৰ এথলিটসকলে উন্নত প্রদর্শন দাঙি ধৰিবলৈ সক্ষম হ’ব বুলি তেওঁ আশা প্রকাশ কৰে৷

‘আমাৰ দলৰ প্রস্তুতি সুন্দৰভাৱে আগবাঢ়িছে৷ এইবাৰ আমি শীর্ষ ১০ৰ ভিতৰত স্থান দখলৰ লক্ষ্য লৈছোঁ৷ বক্সিং, সাঁতোৰ, ফুটবল, চাইক্লিং আৰু শ্বুটিঙত আমি যথেষ্ট শক্তিশালী৷ এই ইভেণ্টসমূহত আমাৰ এথলিটে পদক জয় কৰিবলৈ সক্ষম হ’ব৷ প্রতিযোগিতাখনে অসমত ক্রীড়াৰ এক সুস্থ পৰিৱেশ সৃষ্টি কৰিব৷’ –বসুমতাৰীয়ে এইদৰে কয়৷

ইফালে, ৭৫১গৰাকী খেলুৱৈৰে মহাৰাষ্ট্রই সর্ববৃহৎ দল হিচাপে খেল’ ইণ্ডিয়া গেমছত অংশ ল’ব৷ প্রতিযোগিতাখন অহা ১০ জানুৱাৰীৰ পৰা আৰম্ভ হ’ব৷

You might also like