নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

খেল’ ইণ্ডিয়াৰ কাউণ্ট–ডাউন আৰম্ভ; কাইলৈ সৰুসজাইত উদ্বোধনী অনুষ্ঠান

নিয়মীয়া বার্তা, ৯ জানুৱাৰীঃ কাউণ্ট ডাউন আৰম্ভ হৈছে খেল’ ইণ্ডিয়া য়ুথ গেমছৰ৷ আৰু ২৪ ঘণ্টাৰ পিছতেই গুৱাহাটীৰ ইন্দিৰা গান্ধী ষ্টেডিয়ামত শুভ উদ্বোধন হ’ব বহুপ্রত্যাশিত খেল’ ইণ্ডিয়া য়ুথ গেমছ ২০২০ৰ৷

অহা ১০ জানুৱাৰীৰ পৰা ২২ জানুৱাৰীলৈ চলিবলগীয়া ৰাষ্ট্রীয় প্রতিযোগিতাখন অনুষ্ঠিত কৰিবলৈ বর্ণাঢ়্য ৰূপত সজাই তোলা হৈছে ষ্টেডিয়ামসমূহ৷ মহানগৰীৰ প্রান্তে প্রান্তে খেল’ ইণ্ডিয়া য়ুথ গেমছৰ লক্ষ্য–উদ্দেশ্যৰে বেনাৰ–পোষ্টাৰ আঁৰি ৰাজ্যবাসীৰ দৃষ্টি আকর্ষণ কৰাৰ পিছত ১০ জানুৱাৰীত কেন্দ্রীয় ৰাজ্যিক যুৱ পৰিক্রমা আৰু ক্রীড়া মন্ত্রী কিৰেণ ৰিজিজু আৰু ৰাজ্যৰ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে শুভ উদ্বোধন কৰিব৷

অসম গৌৰৱ হিমা দাসকে ধৰি দেশৰ তাৰকা এথলীটৰ উপস্থিতিত খেল’ ইণ্ডিয়াৰ তৃতীয় সংস্কৰণত অংশগ্রহণৰ বাবে ইতিমধ্যে অধিকাংশ ৰাজ্যৰ খেলুৱৈ মহানগৰীত উপস্থিত হৈছে৷ ২০টা খেল শিতানত দেশৰ ৰাজ্য আৰু কেন্দ্রীয়শাসিত অঞ্চলসহ মুঠ ৩৭টা দলৰ ৬৮০০তকৈও অধিক এথলীটে অংশগ্রহণেৰে শুৱনি কৰিব মহানগৰীৰ ষ্টেডিয়াম৷ ২০টা শিতানৰ ভিতৰত নতুনকৈ অন্তর্ভুক্ত কৰা হৈছে লন বল আৰু চাইক্লিং৷

প্রতিযোগিতাখন মহানগৰীৰ আঠটা স্থানত অনুষ্ঠিত হ’ব৷ প্রতিযোগিতাখনৰ উদ্বোধনী অনুষ্ঠানটো ১০ জানুৱাৰীৰ সন্ধিয়া ৬ বজাত সৰুসজাই ষ্টেডিয়ামত অনুষ্ঠিত হ’ব আৰু এই বর্ণাঢ়্য উদ্বোধনী অনুষ্ঠানটো আয়োজনৰ বাবে আটকধুনীয়াকৈ সজাই তোলা হৈছে সৰুসজাই ষ্টেডিয়ামখন৷

এই ৰাজ্যিক প্রতিযোগিতাখনত মুঠ পদক থাকিব ২৭৯৬টা৷ ইয়াৰে ৮৫৫ স্বর্ণ, ৮৫৫টা ৰূপ আৰু ১০৮৬টা ব্রঞ্জৰ পদক৷

প্রতিযোগিতাখনত ভাগ লোৱাৰ উদ্দেশ্যে ইতিমধ্যে অধিকাংশ ৰাজ্যৰ খেলুৱৈয়ে মহানগৰীত উপস্থিত হৈছে আৰু তেওঁলোকক বিভিন্ন হোটেলত ৰখা হৈছে৷ তৃতীয় খেল’ ইণ্ডিয়া য়ুথ গেমছ ২০২০ৰ সন্দর্ভত অসমৰ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে কয় যে এই ৰাষ্ট্রীয় পর্যায়ৰ প্রতিযোগিতাখন আয়োজনৰ দায়িত্ব লাভ কৰি আমি গৌৰৱান্বিত৷ এই প্রতিযোগিতাখনে ভাৰতত ক্রীড়াৰ জাগৰণৰ আৰম্ভ কৰিব আৰু প্রতিযোগিতাখন আমি অসমত আয়োজন কৰি গৌৰৱ নকৰাকৈ থাকিব নোৱাৰোঁ৷ প্রতিযোগিতাখনত ভাগ ল’বলগীয়া এথলীটসকলক শুভেচ্ছা জনাইছে মুখ্যমন্ত্রীগৰাকীয়ে৷

You might also like