নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘খেলো ইণ্ডিয়া’ত কূটাঘাতৰ লক্ষ্যৰে গুৱাহাটীত আলফা স্বাধীন

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অহা ১০ জানুৱাৰীত উদ্বোধন কৰিবলগীয়া ৰাষ্ট্ৰীয় পৰ্যায়ৰ যুৱ ক্ৰীড়ানুষ্ঠান ‘খেলো ইণ্ডিয়া’ৰ মাজতে গুৱাহাটীত ভয়ংকৰ কূটাঘাতৰ পৰিকল্পনা ৰচিছিল আলফা স্বাধীন-এ ।

অকল পৰিকল্পনা ৰচাই নহয়, ইয়াক বাস্তৱ ৰূপ দিবলৈ সশস্ত্ৰ সংগঠনটোৰ চাৰিজন কেডাৰক দায়িত্ব দিয়া হৈছিল৷ ইয়াৰে এজনক দিছপুৰ আৰক্ষীয়ে পাঞ্জাবাৰীৰ পৰা গোপন সূত্রৰ পম খেদি গ্রেপ্তাৰ কৰিবলৈ সক্ষম হৈছে৷ ডিব্রুগড় জিলাৰ নামৰূপ আৰক্ষী থানাৰ অন্তর্গত কাৱৈমাৰী গাঁৱৰ ধৃত বিতোপন সোণোৱালৰ (২০) স্বীকাৰোক্তিত পোহৰলৈ আহিছে আলফা (স্বাধীন)ৰ পৰিকল্পনাৰ বিস্ফোৰক তথ্য৷ মহানগৰ আৰক্ষীৰ এক উচ্চস্তৰীয় সূত্রই প্রকাশ কৰা অনুসৰি যোৱা চাৰি দিন পূর্বে আলফা (স্বা)ৰ সদস্যজনে ‘খেলো ইণ্ডিয়া’ৰ মাজতে কূটাঘাত সংঘটিত কৰাৰ লক্ষ্যৰে গুৱাহাটীত সদস্যজনে প্রৱেশ কৰিছিল৷ কিন্তু আৰক্ষীয়ে গোপন সূত্রৰ পম খেদি কালি পুৱা প্রায় ৯ বজাত পাঞ্জাবাৰীস্থিত শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্রৰ সন্মুখত পদপথৰ পৰা বিতোপন সোণোৱালক গ্রেপ্তাৰ কৰে৷ ধৃত আলফা (স্বাধীন)ৰ সদস্যজনৰ পৰা আৰক্ষীয়ে এটা ম’বাইল ফোনৰ লগতে কিছু আপত্তিজনক নথি–পত্র জব্দ কৰে৷ আৰক্ষীয়ে আজি উগ্রপন্থীজনক দিছপুৰ থানাত পূর্বে ৰুজু হোৱা ৩৩৫৫/১৮ নম্বৰৰ গোচৰৰ ভিত্তিত আদালতত হাজিৰ কৰোৱাত কামৰূপ (মঃ) জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে দুদিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্রেৰণ কৰে৷

আৰক্ষীয়ে সম্প্রতি দিছপুৰ থানাত ধৃত আলফা (স্বাধীন)ৰ সদস্যজনক মাৰাথন জেৰা অব্যাহত ৰাখিছে৷ জেৰাৰ পাছত আৰু অধিক তথ্য পোহৰলৈ আহিব বুলি আৰক্ষী সূত্রই সদৰী কৰে৷ উল্লেখ্য যে ‘খেলো ইণ্ডিয়া’ৰ মাজতে ভয়ংকৰ কূটাঘাত সংঘটিত কৰাৰ লক্ষ্যৰে অসমত প্রৱেশ কৰা চাৰিজনীয়া দলটোৰ তিনিজনক যোৱা ২৭ ডিচেম্বৰত নামৰূপৰ পৰা চৰাইদেউ সেনা ছাউনীৰ ২৪৪ ফিল্ড ৰেজিমেণ্টে গ্রেপ্তাৰ কৰিছিল৷ নামৰূপ চৰকাৰী হাস্পতালৰ সমীপৰ পৰা সেনাই বিদ্যুৎ চাৰিঙীয়া (১৯), ৰণ্টু সোণোৱাল আৰু থিছু বৰাক (২৭) গ্রেপ্তাৰ কৰিবলৈ সক্ষম হয় যদিও বিতোপন সোণোৱালে পলায়ন কৰে৷ সেনাৰ চকুত ধূলি দি বিতোপন সোণোৱালে পোনে পোনে গুৱাহাটীত প্রৱেশ কৰি কূটাঘাতৰ পৰিকল্পনা কৰাৰ সময়তে গুৱাহাটীৰ পূব আৰক্ষী জিলাৰ সহকাৰী আৰক্ষী আয়ুক্ত হিমাংশু দাসৰ নেতৃত্বত দিছপুৰ আৰক্ষীৰ এটা দলে কালি পাঞ্জাবাৰীৰ পৰা তেওঁক গ্রেপ্তাৰ কৰে৷

You might also like