নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

খেলো ইণ্ডিয়াৰ নান্দনিক শুভাৰম্ভঃ ৬৮০০ যুৱ খেলুৱৈৰ পৰশত প্ৰাণোচ্ছল গুৱাহাটী

নিয়মীয়া বাৰ্তা, ১১ জানুৱাৰীঃ আটকধুনীয়া আলোকসজ্জা, বহুৰঙী পোহৰৰ চমকেৰে শুকুৰবাৰে উদ্ভাসিত হৈ পৰিল গুৱাহাটীৰ সৰুসজাইৰ ইন্দিৰা গান্ধী এথলেটিক ষ্টেডিয়াম । দেশৰ প্ৰতিটো প্ৰান্তৰ প্ৰতিভাৱান যুৱ খেলুৱৈৰ পৰশত প্ৰামোচ্ছল হৈ উঠিল সমগ্ৰ ষ্টেডিয়াম । সুধাকণ্ঠৰ গীত তথা অসমীয়া কলা-কৃষ্টিৰ পয়োভৰ ঘটা নান্দনিক উদ্বোধনী অনুষ্ঠানত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আনুষ্ঠানিকভাৱে খেলো ইণ্ডিয়া য়ুথ গেমছ, ২০২০ মুকলি কৰে । লগে লগে সমগ্ৰ ষ্টেডিয়াম মুখৰিত হৈ পৰে ভূপেনদাৰ কালজয়ী গীত- এই পৃথিৱী এক ক্ৰীড়াংগন… ৰে । প্ৰতিবাদ আৰু অস্থিৰতাৰ মাজতে শুকুৰবাৰে ক্ৰীড়াৰ এই মহাৰণ শুভাৰম্ভ কৰি মুখ্যমন্ত্ৰীৰ ঘোষণা এই ক্রীড়া সমাৰোহে ৰাজ্যবাসীৰ মাজত ভাতৃত্ব আৰু সম্প্রীতি কঢ়িয়াই আনিব৷ উল্লেখ্য যে আন্দোলন আৰু প্রতিবাদমুখৰ পৰিৱেশৰ বাবে খেলো ইণ্ডিয়া, ২০২০ক লৈ যি অনিশ্চয়তাৰ সৃষ্টি হৈছিল, তাৰ বিপৰীতে পৰিলক্ষিত হ’ল আন এখন ছবি৷ ক্রীড়াপ্রেমীৰ উৎসাহ আৰু সম্ভাষণেৰে ৰজনজনাই উঠিল সমগ্র ষ্টেডিয়াম৷ আজি বিয়লিৰ ভাগত সৰুসজাই ষ্টেডিয়াম দর্শকেৰে গিজগিজাই উঠাৰ পাছতেই ঠিক ৬ বজাত চকু ছাট মাৰি ধৰা আলোকসজ্জা আৰু খেলুৱৈৰ পদার্পণে সমগ্র পৰিৱেশ আকর্ষণীয় কৰি তোলে৷ দর্শকৰ ম’বাইলৰ পোহৰৰ মাজত সুধাকণ্ঠৰ কালজয়ী গীত, সত্রীয়া নৃত্য, বড়ো, ৰাভা, চাহ জনগোষ্ঠীকে ধৰি কেইবাটাও জাতি–জনগোষ্ঠীৰ নৃত্যৰে মায়াময় কৰি তোলে সমগ্র পৰিৱেশ৷ সমান্তৰালভাৱে বীৰ চিলাৰায় আৰু লাচিত বৰফুকনৰ বীৰত্বৰ কাহিনীক তুলি ধৰি প্রদর্শন কৰা নৃত্য, শৰাইঘাটৰ যুদ্ধ আদিয়ে মন্ত্রমুগ্ধ কৰিলে দর্শকক৷ নৃত্যৰ তালে তালে অসম বুৰঞ্জীৰ মহান যোদ্ধাসকলৰ নামৰ লগতে কলা–সংস্কৃতি, জ্যোতি–বিষ্ণুৱে স্থাপন কৰি যোৱা সাংস্কৃতিক সেতুৰ বিভিন্ন দিশো ঘোষকে বর্ণনা কৰি গ’ল৷ প্রায় আঢ়ৈ হাজাৰ শিল্পী, কলা–কুশলীয়ে প্রদর্শন কৰা সাংস্কৃতিক অনুষ্ঠানৰ মাজতে বলীউডৰ সংগীত পৰিচালক তথা গায়ক শংকৰ মহাদেৱনৰ কণ্ঠত প্রাণ পাই উঠিল সুধাকণ্ঠৰ বিখ্যাত কালজয়ী গীত ‘বিস্তীর্ণ পাৰৰে অসংখ্যজনৰে…’৷ লগে লগে সমগ্র ষ্টেডিয়ামৰ দর্শকেও সমস্বৰে গালে ভূপেনদাৰ এই গীত৷ ম’বাইলৰ পোহৰেৰে আলোকময় কৰি দর্শকে হাত জোকাৰি জোকাৰি শিল্পী তথা খেলুৱৈসকলক অভিনন্দন জনায়৷ মন কৰিবলগীয়া যে প্রথমবাৰৰ বাবে অসমত আয়োজন কৰা তৃতীয় খেলো ইণ্ডিয়া, ২০২০ত এইবাৰ অংশগ্রহণকাৰী হিচাপে অসমৰ ক্রীড়াক্ষেত্রত ভৰি দিছে লেহ–লাডাখ৷ যোৱা আগষ্ট মাহত কেন্দ্রীয়শাসিত অঞ্চল হিচাপে স্বীকৃতি লাভ কৰা লাডাখৰ খেলুৱৈৰ পদার্পণে উৎসাহিত কৰি তুলিলে ৰাজ্যৰ ক্রীড়াপ্রেমী আৰু দর্শক ৰাইজক৷ চিঞৰি চিঞৰি হাত জোকাৰি হিমালয়ৰ পাদদেশৰ পৰা অহা অঞ্চলটোৰ খেলুৱৈসকলক দর্শকে উৎসাহিত কৰিলে৷ শুভ উদ্বোধনী অনুষ্ঠানত অংশগ্রহণকাৰী হিচাপে প্রথমে ষ্টেডিয়ামত পদার্পণ কৰে আন্দামান–নিকোবৰে৷ ইয়াৰ পাছতে উত্তৰ–পূবৰ ৰাজ্য অৰুণাচল আৰু ইয়াৰ পিছে পিছে আহিল দেশৰ আন ৩৭খন ৰাজ্যৰ খেলুৱৈসকল৷ পাৰ ভাঙি যোৱা উৎসাহ আৰু চিঞৰৰ মাজত মুখৰিত হৈ পৰা ষ্টেডিয়ামত শিল্পীসকলে অসমৰ মানচিত্র তুলি ধৰে৷ সেই সময়ত বিশিষ্ট অতিথিসকলৰ মাজত বহি থকা মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ লগতে ‘নেডা’ৰ আহ্বায়ক তথা ৰাজ্য চৰকাৰৰ জ্যেষ্ঠ মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা, কেন্দ্রীয় ক্রীড়ামন্ত্রী কিৰেণ ৰিজিজুৰ লগতে মন্ত্রী–সাংসদসকলে হাত চাপৰিৰে উষ্ম সম্ভাষণ জনায় শিল্পীসকলক৷ দর্শকৰ হর্ষোল্লাসৰ মাজতে তৃতীয় খেলো ইণ্ডিয়া, ২০২০ৰ শিখা লৈ ষ্টেডিয়ামৰ এটা মূৰৰ পৰা দৌৰিবলৈ আৰম্ভ কৰে দীপা কর্মকাৰে৷ ত্রিপুৰাৰ খেলুৱৈগৰাকীয়ে এই শিখা এজনৰ পৰা আনজনলৈ সলনি কৰাৰ পাছত অন্তিম পর্যায়ত এই শিখা গ্রহণ কৰে স্বর্ণকন্যা হিমা দাসে৷ ষ্টেডিয়ামত হিমাই শিখা প্রজ্বলন কৰাৰ লগে লগে খেলো ইণ্ডিয়া, ২০২০ৰ ১৩ দিনীয়া আনুষ্ঠানিক ক্রীড়া যুঁজ আৰম্ভ হয়৷ উল্লেখ্য যে ক্রীড়া সমাৰোহখনৰ আৰম্ভণিক লৈ ৰাজ্যৰ ক্রীড়াপ্রেমী ৰাইজে যি দুশ্চিন্তাত আছিল, সেয়া যেন আজি তিলমাত্রও পৰিলক্ষিত নহ’ল৷ গেলাৰীৰ দর্শকৰ সমান্তৰালকৈ ষ্টেডিয়ামৰ বাহিৰতো পৰিলক্ষিত হ’ল এক উৎসৱমুখৰ পৰিৱেশ৷ কণমানিটোৰ পৰা বয়োজ্যেষ্ঠলৈ আজি ষ্টেডিয়ামত ভিৰ কৰিলে ৰাজ্যৰ ভিন্ন প্রান্তৰ পৰা অহা সহস্রাধিক দর্শকে৷ প্রতিবাদত জর্জৰ পৰিৱেশৰ মাজতে সৰুসজাইত আজি পৰিলক্ষিত হ’ল ক্রীড়া যুঁজৰ আন এক পৰিৱেশ৷ আজিৰ উদ্বোধনী অনুষ্ঠানত মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ লগত উপস্থিত থাকিল ৰাজ্যৰ কেইবাগৰাকীও ক্রীড়া তাৰকা৷ ইয়াৰ ভিতৰত আছিল মনালিছা বৰুৱা, কমলেশ মেহতা, গিলবার্টচন চাংমা, তৈয়বুন নেছা, এলভিছ আলী হাজৰিকা, সবিতা বড়ো, যমুনা বড়োৰ লগতে কেইবাজনো প্রাক্তন খেলুৱৈ আৰু বর্তমানৰ খেলুৱৈ৷ অনুষ্ঠানত মুখ্যমন্ত্রীক সংগ দিয়ে ড০ হিমন্ত বিশ্ব শর্মা, অগপ সভাপতি তথা মন্ত্রী অতুল বৰা, বি টি এ ডিপ্রধান হাগ্রামা মহিলাৰীৰ লগতে কেইবাজনো সাংসদ, মন্ত্রী, বিধায়ক আৰু বিশিষ্ট বিষয়াই৷ অনুষ্ঠানত ‘ব্রহ্মপুত্র’ শীর্ষক এখন স্মৰণিকাও মুখ্যমন্ত্রী সোণোৱালে উন্মোচন কৰে৷ উল্লেখ্য যে ১৭ বছৰ আৰু ২১ বছৰ অনূর্ধ্ব খেলুৱৈৰ মাজত আয়োজিত খেলো ইণ্ডিয়া য়ুথ গেমছত দেশৰ মুঠ ৩৭খন ৰাজ্যৰ ৬,৮০০গৰাকী উদীয়মান ক্রীড়াবিদে প্রতিভা প্রদর্শনৰ যুঁজত নামিছে৷ দেশৰ ভৱিষ্যতৰ এই ক্রীড়া তাৰকাসকলৰ সমাগমে গুৱাহাটী মহানগৰীক প্রাণোচ্ছল কৰি তুলিছে ৷

You might also like